যােৰহাট : মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ‘গ্রেম ৱর্ল্ড মিছ ইণ্ডিয়া-২০১৮’ প্রতিযােগিতাত যােৰহাটৰ জেকুলিন সেনাপতিয়ে প্ৰথম ৰানাৰ্ছআপৰ সন্মান অর্জন কৰিছে। দেশৰ শতাধিক প্রতিযােগীৰ মাজৰ পৰা তিনিটা ৰাউণ্ডৰ অন্তত তেওঁ ফাইনেললৈ নির্বাচিত হৈছিল। ১৫গৰাকী ফাইনেলিষ্টৰ মাজৰ পৰা জেকুলিনে প্রথম ৰানাৰ্ছআপ বিবেচিত হয়। প্রতিযােগিতাখনত মিছ ইণ্ডিয়া খিতাপ জয় কৰে গুৱাহাটীৰ প্রিয়া ৰায়ে। যােৰহাটৰ দহাবৰা চুক নিৱাসী দীপক সেনাপতি আৰু মুনু সেনাপতিৰ কন্যা জেকুলিন গুৰুকুল শিক্ষায়তন জুনিয়ৰ কলেজৰ ছাত্রী।