Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:49 pm

Home » আঞ্চলিক » পুৰাতত্ত্ব বিভাগৰ হেমাহিত ধ্বংসৰ গৰাহত শিৱসাগৰৰ ৬০০ বছৰীয়া ঐতিহ্য

পুৰাতত্ত্ব বিভাগৰ হেমাহিত ধ্বংসৰ গৰাহত শিৱসাগৰৰ ৬০০ বছৰীয়া ঐতিহ্য


শিৱসাগৰ : স্বৰ্গদেউ শুক্লেংমুঙে ১৫৪০ খ্রীষ্টাব্দত নির্মাণ কৰা শিৱসাগৰৰ গড়গাঁও ৰাজকাৰেংঘৰ এতিয়া বিধ্বস্ত। গছ, লতা, শেলুৱৈ আৱৰি ভূতবাংলাত পৰিণত হৈছে ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰ। চপ-চপৰে খহিছে ৰাজকাৰেংঘৰৰ পকী দেৱাল। কিন্তু নির্বিকাৰ ৰাজ্যৰ পুৰাতত্ত্ব বিভাগ। কেন্দ্রীয় আৰু ৰাজ্যৰ পুৰাতত্ত্ব বিভাগৰ দায়িত্বজ্ঞানহীনৰ বাবে ছশ বছৰীয়া আহােম যুগৰ তথা বুৰঞ্জীৰ পাতত সােণালী আখৰেৰে লিপিবদ্ধ হৈ থকা ৰাজকাৰেং এতিয়া তিল তিলকৈ মৃত্যুৰ দিশলৈ গতি কৰিছে। পুৰাতত্ত্ব বিভাগৰ অভিলাষী আঁচনিয়ে আজিলৈকে ঢুকি নােপােৱা কাৰেংঘৰ দৰ্শন কৰিবলৈ দেশী-বিদেশী বহু পর্যটকৰ আগমন ঘটিছে যদিও পৰ্যটকৰ বাবে নাই এটুপি বিশুদ্ধ | খােৱাপানীৰ ব্যৱস্থা। ৰাজ্যৰ পুৰাতত্ত্ব বিভাগৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ অভাৱত ছশ বছৰীয়া আহােম যুগৰ স্মৃতিবহন কৰি থকা ঐতিহাসিক সম্পদটিৰ পৰা বিভাগটোৱে বছৰি বুজন পৰিমাণৰ ধন পর্যটকৰ দৰ্শনৰ পৰা সংগ্রহ কৰি আহিছে। কিন্তু সেই সমগ্ৰ ধন কাৰ জেপত সােমাইছে সি ৰহস্যৰ বিষয়। এতিয়া চপ-চপৰে পকী দেৱাল খহি ঐতিহাসিক সম্পদটি ধ্বংসৰ দিশত। দীর্ঘদিন পুৰাতত্ত্ব বিভাগে ৰাজকাৰেংঘৰ মেৰামতি নকৰাত গছ, লতা, শেলুৱৈ আৱৰি এতিয়া ভূতবাংলাত পৰিণত হৈছে। পকী দেৱালত ছিৰাল  ফাঁট দিয়াৰ লগতে দেৱালত জৰিগছ, লতা, শেলুৱৈ আদি বগােৱাত কদর্যময়
ৰূপলৈ গতি কৰিছে। পকী দেৱালৰ শেলুৱৈ, ভেঁকুৰ চাফা কৰিবলৈ পুৰাতত্ত্ব বিভাগৰ হাতত নাই কোনাে ৰাসায়নিক সুৰক্ষাৰ ব্যৱস্থা। উল্লেখ্য যে দুৰ-দূৰণিৰ পৰা অহা পর্যটকসকলে এটুপি বিশুদ্ধ খােৱাপানী বিচাৰি হাবাথুৰি খাবলগীয়া হয়। শৌচাগাৰৰ অৱস্থা তথৈবচ। ৰাজকাৰেংঘৰত পােহৰৰ ব্যৱস্থা নথকাৰ ফলত পর্যটকসকলে ম’বাইল-টৰ্ছ লাইটৰ পােহৰত দৰ্শন কৰিবলগীয়া হয়। যিকেইটা ছ’লাৰ লাইট আছে সেয়াও নজ্বলে। পুৰাতত্ত্ব বিভাগে ফুলদানিৰ দৰে সজাই থৈছে। আনহাতে, কাৰেংঘৰৰ নিৰাপত্তা নিয়ােজিত হৈ থকা নিৰাপত্তাৰক্ষীসকলাে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। নিৰাপত্তাৰক্ষীসকলৰ উপযুক্ত বাসগৃহৰ অভাৱত বৰষুণ দিলেই নিৰাপত্তাৰক্ষীসকলে বৰষুণত তিতি নিজৰ কৰ্তব্য কৰি অহাৰ অভিযােগ কৰে। এই ঐতিহাসিক সম্পদটিৰ সৌন্দর্যবর্ধনৰ বাবে অহা চৰকাৰী আঁচনিৰ সিংহভাগেই পুৰাতত্ত্ব বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে ঠিকাদাৰে উদৰস্থ কৰিলে বুলি বিভিন্ন দল-সংগঠনে অভিযােগ কৰিছে। উল্লেখ্য যে পূর্বৰ টিকটৰ মূল্য ৫ টকাৰ সলনি এতিয়া ২৫ টকালৈ বৃদ্ধি কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি