Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 2:32 am

Home » আঞ্চলিক » গার্গ মটর্ছৰ স্বত্বাধিকাৰী কামাখ্যা বৰঠাকুৰৰ মৃত্যু

গার্গ মটর্ছৰ স্বত্বাধিকাৰী কামাখ্যা বৰঠাকুৰৰ মৃত্যু


দুলীয়াজান : ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ ব্যৱসায়ী দুলীয়াজান নিৱাসী কামাখ্যা বৰঠাকুৰৰ কালি বিয়লি ৩-১৫ বজাত চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷
দীর্ঘদিন যকৃতৰ অসুখত ভুগি থকা বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭০ বছৰ৷ ১৯৪৮ চনত যোৰহাট জিলাৰ টীয়ক বামুণ গাঁৱত জন্মগ্রহণ কৰা বৰঠাকুৰে ডিব্রুগড়ত শিক্ষা জীৱন সমাপ্ত কৰি পৰৱর্তী সময়ত দুলীয়াজানলৈ আহি তাতেই কর্মজীৱনৰ পাতনি মেলে৷
বিজ্ঞান শাখাৰ স্নাতক বৰঠাকুৰে প্রথম অৱস্থাত ক্ষুদ্র ব্যৱসায়ৰ জৰিয়তে অতি কষ্টৰে নিজকে দুলীয়াজানত প্রতিষ্ঠা কৰাৰ পাছত অইল ইণ্ডিয়া লিমিটেডৰ প্রথম শ্রেণীৰ এজন ঠিকাদাৰ হিচাপে প্রতিষ্ঠা লাভ কৰে৷ ইয়াৰ উপৰি প্রথমে তিনিচুকীয়াত টাটা মটর্ছৰ বিক্রেতা প্রতিষ্ঠান গার্গ মটর্ছ আৰম্ভ কৰি পাছলৈ গুৱাহাটী, ডিব্রুগড়, দুলীয়াজান, যোৰহাট আৰু শিৱসাগৰ চহৰলৈ নিজৰ ব্যৱসায় সম্প্রসাৰণ কৰে৷
বর্তমান গার্গ মটর্ছত প্রায় ১০০০ৰো অধিক কর্মচাৰী নিয়োজিত হৈ আছে৷ বৰঠাকুৰে পত্নীৰ লগতে আমেৰিকা নিৱাসী এজন পুত্র-বোৱাৰী, দুগৰাকী কন্যা, এজন জোঁৱাই আৰু বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি গৈছে৷ ইফালে বৰঠাকুৰৰ মৃত্যুত গার্গ মটর্ছৰ মুখ্য কার্যালয় তিনিচুকীয়াত কর্মচাৰীসকলে শোক প্রকাশ কৰিছে৷ প্রয়াত বৰঠাকুৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে কর্মচাৰীসকলে কার্যালয়লৈ আহি তেখেতৰ প্রতিচ্ছবিত মাল্যার্পণ, বন্তি প্রজ্বলন কৰি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
উল্লেখযোগ্য যে প্রথম অৱস্থাত চৌধুৰী এণ্ড কোম্পানীৰ অধীনত টেংকাৰৰ ব্যৱসায় কৰা বৰঠাকুৰে ১৯৮০ চনত কামাখ্যা বৰঠাকুৰ এণ্ড কোম্পানীৰ নামত অইল ইণ্ডিয়াত ব্যৱসায়ৰ পাতনি মেলিছিল৷ তেওঁ ১৯৯২ চনত গার্গ মটর্ছ নাম দি টাটা মটর্ছৰ বাণিজ্যিক বাহনৰ ডিলাৰশ্বিপ আৰম্ভ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি