Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:53 pm

Home » আঞ্চলিক » প্ৰতীক হাজেলাৰ দুমুখীয়া চৰিত্ৰক লৈ ক্ষুব্ধ এন আৰ চি

প্ৰতীক হাজেলাৰ দুমুখীয়া চৰিত্ৰক লৈ ক্ষুব্ধ এন আৰ চি


গুৱাহাটী : উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত প্ৰস্তু হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিত অন্তর্ভূক্ত লােকৰ নাম সন্দৰ্ভত আপত্তি দাখিল কৰােতাৰ তথ্য বিসঙ্গতিপূর্ণ হলে তেনে আপত্তি দিওঁতাৰ শাস্তি হ’বনে নে নহয় সেই লৈ বিভ্রান্তি সৃষ্টি হৈছে। এন আৰ চিৰ মুখ্য সমন্বয়ক স্বয়ং প্রতীক হাজেলাৰ দূদুল্যমান স্থিতিৰ বাবেই এই বিভ্রান্তি সৃষ্টি হৈছে। নাগৰিকত্ব আইন ১৯৫৫ৰ ধাৰা ১৭ অনুসৰি এন আৰ চিত সন্নিৱিষ্ট কোনাে নামৰ বিৰুদ্ধে বিসঙ্গতিপূর্ণ তথ্যৰে আপত্তি দাখিল কৰিলে তেনে আপত্তি কৰোঁতাৰ শাস্তিৰ বিধান আছে। কিন্তু সমন্বয়কজনে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে এইবুলি অহৰহণ প্রচাৰ চলাই আছে যে এন আৰ চিৰ আপত্তি কৰোঁতাৰ কোনাে ধৰণৰ শাস্তি নহয়।
ইফালে মুখ্য সমন্বয়ক হাজেলাইসংবাদ মাধ্যমক আঁৰত ৰাখি নং-SPMU/NRCDist-Co-Equip/68/2015/pt-5/352 dt-1st Dec/2018ৰ এক নিদের্শনাৰ জৰিয়তে ভুল তথ্যৰে আপত্তি দিওঁতাৰ শাস্তি হ’ব বুলি ডি আৰ চি আৰসকলক অৱগত কৰিছে। মুখ্য সমন্বয়কজনৰ এই দুমুখীয়া স্থিতি শীঘ্ৰেই স্পষ্ট কৰিবলৈ নেচনেল ৰিপাব্লিকান কংগ্ৰেছ চমুকৈ এন আৰ চিয়ে দাবী জনাইছে।
ইতিমধ্যে নাগৰিকপঞ্জীত নাম অন্তর্ভূক্তিৰ বাবে আবেদন দাখিল কৰা লােকে আবেদন পঞ্জীয়ন নং (এ আৰ এন) লাভ কৰিছে। কিন্তু বহু ক্ষেত্ৰত এই কথা প্রতিপন্ন হৈছে যে এন আৰ চি কর্তৃপক্ষই এ আৰ এনকে একাধিক আবেদনকাৰী পৰিয়ালক প্রদান কৰাৰ ফলত পৰৱৰ্তী সময়ত তেনে এ আৰ এন নম্বৰৰ বিপৰীতে থকা একাধিক পৰিয়ালৰ মাজৰ এটা পৰিয়ালৰ লােকৰ নামহে অন্তর্ভূক্ত হৈছে আৰু বাকী পৰিয়ালৰ সদস্যৰ নাম অন্তর্ভুক্ত হােৱাইনাই।
এন আৰ চি কর্তৃপক্ষই কৰা এনে ভুলৰ পৰিণাম স্বৰূপে এতিয়া বহু ভাৰতীয় লােকৰ নাম এন আৰ চিত সন্নিৱিষ্ট হােৱা নাই। এনে সমস্যাৰ সমাধান কৰিবৰ বাবে কর্তৃপক্ষইকি ব্যৱস্থা কৰিছে সেয়া জানিবৰ বাবে আবেদন কৰিও আবেদনকাৰীয়ে আশ্বাসৰ বাহিৰে একো লাভ কৰা নাই। সেয়ে এই গুৰুতৰ বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত ন্যায়াধীশ সমিতিক হস্তক্ষেপ কৰিবলৈ এন আৰ চিয়ে আহ্বান জনাইছে।
নাগৰিকত্ব আইন ১৯৫৫ অনুসৰি ১/৭/১৯৮৭ আৰু ৩/১২/২০০৪ৰ সময়সীমাক কেন্দ্ৰ কৰি জন্মগ্রহণ কৰা কোনাে লােকৰ পিতৃ বা মাতৃ যিকোনাে এজন ভাৰতীয় নাগৰিক হলে সেই লােকজনক ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হ’ব। কিন্তু বাস্তৱ অৰ্থত এনে লােকৰ নাম প্রস্তাৱিত এন আৰ চিত সন্নিৱিষ্ট নকৰি হ’ল্ড কৰি ৰখা হৈছে। স্পষ্ট আইনী বিধান থকাৰ পিছতাে এই লােকসকলৰ নাম কিয় নাগৰিকপঞ্জীত সন্নিৱিষ্ট কৰাৰ সুযােগ দিয়া হােৱা নাই, সেই কথাও এন আৰ চি কর্তৃপক্ষই স্পষ্ট কৰিব লাগে বুলি নেচনেল ৰিপাব্লিকান কংগ্রেছে (এন আৰ চি)য়ে দাবী জনাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি