Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:35 pm

Home » দিনটোৰ সংবাদ » অসমত গােষ্ঠীগত উত্তেজনা সৃষ্টি কৰিবলৈ বহিঃৰাজ্যত চলিছে ব্যাপক তৎপৰতা

অসমত গােষ্ঠীগত উত্তেজনা সৃষ্টি কৰিবলৈ বহিঃৰাজ্যত চলিছে ব্যাপক তৎপৰতা

গুৱাহাটী : শেহতীয়াকৈ গােষ্ঠীগত সহনশীলতা সমূলঞ্চে নাশ কৰি এক হিংসাত্মক বাতাবৰণ সৃষ্টি কৰাৰ বাবে কিছুমান অপশক্তি উঠি-পৰি লাগিছে। ধৰ্মৰ নামত উন্মাদনাৰ সৃষ্টি কৰি ৰাজ্যখনত যুগ যুগ ধৰি শন্তি-সম্প্রীতিৰে বসবাস কৰি থকা বিভিন্ন জনগােষ্ঠীৰ মাজত মেৰু বিভাজনৰ সৃষ্টি কৰি সংকীর্ণ ৰাজনৈতিক স্বার্থ আদায় কৰাটোৱেই এওঁলােকৰ উদ্দেশ্য। এই ভয়াৱহ স্বার্থৰূপায়নৰ বাবেই এনে অপশক্তি ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত সােমাই পৰিছে। বহিঃৰাজ্যতাে এনে তৎপৰতা পূর্ণগতিত চলি আছে। অলপতে শ্বিলঙত থকা মেঘালয় উচ্চ ন্যায়ালয়ৰ এটা নির্দেশনায় অসমৰ সচেতন লােকৰ চকু কপালত তুলিছে।
যােৱা ১০ ডিচেম্বৰত ঘােষণা কৰা গােচৰ নং ডাব্লিউ পি চি ৪৪৮/১৮ৰ জৰিয়তে অমন ৰাণা বনাম মেঘালয় চৰকাৰ আৰু অন্যান্যৰ গােচৰৰ সিদ্ধান্ত ঘােষণা কৰি ন্যায়াধীশ এছ আৰ সেনে দিয়া ৩৭ পৃষ্ঠাৰ নির্দেশনাটোত কেতবােৰ অপ্রত্যাশিত তথ্য ফাদিল কৰা হৈছে। এজন লােকক ভাৰতৰ কোনাে এখন ৰাজ্যত স্থায়ী বাসিন্দাৰ প্রমাণ পত্র দিয়াৰ প্রসঙ্গক লৈ ন্যায়াধীশসজনে কৰা ঘােষণাই দেশৰ সংবিধানকেই নহয়, উচ্চতম ন্যায়ালয়কো অৱমাননা কৰাৰ অভিযােগ উঠিছে। উল্লেখিত নির্দেশনাত ন্যায়াধীশ সেনে তথাগতৰয়ৰ গ্ৰন্থ My PeopleUprooted:The Exodus ofHindu from East Pakistan and Bangladesh উদ্ধৃতি দি ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত পূর্ব পাকিস্তানৰ হিন্দুৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ হােৱাৰ কথা উল্লেখ কৰিছে। এনেধৰণৰ একাধিক উদাহৰণ দাঙি ধৰি তেওঁ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, জৈন, বৌদ্ধ, খ্রীষ্টান, পাচী, খাসী, জয়ন্তীয়া আৰু গাৰােসকলক ভাৰতত নাগৰিকত্ব প্রদানৰ পােষকতা কৰে।
এই বিষয়টো যিহেতু এতিয়াও বিধেয়ক ৰূপতেই আছে,আইনত পৰিণত হােৱাইনাই আৰু বিষয়টোক লৈ অসম তথা ভাৰতবৰ্ষত বাক্-বিতণ্ডা চলি আছে গতিকে এজন বিচাৰপতিয়ে এনেধৰণৰ পৰামর্শ দিয়াটো কিমানদূৰ সমীচিন হ’ব সেই সন্দৰ্ভত সদুত্তৰ বিচাৰি নেচনেল ৰিপাব্লিকান কংগ্ৰেছে অচিৰেই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব। তাতােকৈ ডাঙৰ কথা, নিদের্শনাটোত অসমৰ তদানীন্তন প্রধানমন্ত্রী তথা ভাৰতৰত্ন লােকপ্রিয় গােপীনাথ বৰদলৈ সন্দৰ্ভত কিছুমান বিতর্কিত মন্তব্য কৰা হৈছে। অসমৰ চিৰ নমস্য নেতাজনৰ লােকপ্রিয়’ সন্দৰ্ভতাে প্রশ্ন উত্থাপন কৰিছে। এয়া অসমৰ সাতামপুৰুষীয়া সংহতি আৰু উজ্জ্বল ভাৱমূর্তিৰ প্ৰতিয়েই চূড়ান্ত ভাবুকি। নিদের্শনাটোত ভাৰত-পাকিস্তান সীমা নির্ধাৰণৰ সময়ত লােকপ্রিয় গােপীনাথ বৰদলৈক বাঙালী হিন্দু বিৰােধী স্থিতিত আছিল বুলি দোষাৰােপ কৰা হৈছে। এজন বিচাৰপতিয়ে গ্রহণ কৰা এনে স্থিতি বিশেষকৈ অসমৰ বাবে গ্রহণযােগ্য হয় নে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত বিচাৰি অচিৰেই এন আৰ চিয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।
বিচাৰপতি গৰাকীয়ে যি গ্রন্থৰ উদ্ধৃতি দি এই বিতর্কিত নির্দেশনা জাৰী কৰিছে সেই গ্রন্থৰ লেখক বর্তমান মেঘালয় ৰাজ্যৰ ৰাজ্যপাল। ভাৰত-পাকিস্তানৰ বিভাজনক কেন্দ্ৰ কৰি হিন্দু-মুছলমানৰ সম্প্রীতি বিনষ্ট কৰিব বিচৰা আৰু অসমৰ অবিসম্বাদী নেতা লােকপ্রিয় গােপীনাথ বৰদলৈক বিকৃত ৰূপত তুলি ধৰা উক্ত গ্রন্থৰ ৰচয়িতাজন মেঘালয়ৰ ৰাজ্যপাল হৈ থকাটো এন আৰ চিয়ে নিবিচাৰে আৰু শীঘ্ৰেই তেওঁৰ পদত্যাগ দাবী কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি