বৰপেটা : বিটিচি গঠন হোৱাৰে পৰাই ইয়াৰ প্ৰতিজন অবড়ো লোকেই বিভিন্ন ধৰণৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি ভিন্ন জাতি জনগোষ্ঠিৰ দ্বাৰা গঠিত অবড়ো সুৰক্ষা সমিতি গঠনৰে ইয়াত ভোগা জাতি জনগোষ্ঠিৰ সৈতে মাত মাতি অহা সংগঠনটোৱা আজি দিনৰ ১১ বজাৰ পৰা আবেলি ২ বজালৈ দিল্লীৰ যন্তৰ মন্তৰত ছুৰুত জামান সৰকাৰ আৰু সম্পাদক যোগেশ্বৰ কলিতাৰ পৌৰোহিত্যত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰে।উক্ত ধৰ্মঘটত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানৰে মুখৰিত কৰি আকাশ বতাহ কপাঁই তোলে।ইউ টি, চি বাতিল কৰণ, অবড়ো গাঁও কৰ্তন কৰা,হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, জাতি মাটি ৰক্ষা কৰক, অড়ো এক হওঁক, নৰেন্দ্ৰ মোডী গ’বেক, সৰ্বানন্দ সণোৱাল মুৰ্দাবাদ, ৰাজনাথ সিং মুৰ্দাবাদ,বিটিএডিৰ অবৈধ অস্ত্ৰ বন্ধ কৰক আদি শ্লোগান দি ভাৰতৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু এপি মাথুৰলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।কোকৰাঝাৰ, চিৰাং বাক্সা আৰু ওদালগুৰি জিলাৰ বহু কেইখন সংগঠনটোৰ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক সহ ভালে সংখ্যক কৰ্মী তথা অবড়ো ৰাইজ উপস্থিত থাকি কাৰ্যসূচী ৰূপায়ণ কৰে।