ডিব্ৰুগড় : বহু প্রত্যাশিত বগীবিল দলংখনৰ মুকলিৰ দিনটোলৈ মাজত মাথোঁ এটা সপ্তাহ৷ ৰাইজৰ বাবে বহু দিনৰ প্রতীক্ষাৰ অন্তত অহা ২৫ ডিচেম্বৰত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুকলি কৰিব বগীবিল দলং৷ সংযোগ হ’ব উত্তৰ আৰু দক্ষিণ পাৰ৷
অন্ত পৰিব উত্তৰ পাৰৰ ধেমাজি-লখিমপুৰীয়া ৰাইজৰ দীর্ঘদিনীয়া দুর্দশাৰ৷ পিছে তাৰ মাজতো অৱধাৰিতভাৱেই থাকি যাব একাংশ ৰাইজৰ হুমুনিয়াহ৷ কাৰণ বন্ধ হৈ পৰিব কাৰেং ঘাটেৰে বহু বছৰে অব্যাহত থকা ফেৰী সেৱা আৰু তাৰ লগত জড়িত থকা ব্যৱসায়৷ ফেৰী সেৱা আৰু আনুষংগিক ব্যৱসায়ৰ লগত জড়িত বহু পৰিয়ালক এতিয়া খেদি ফুৰিছে এই দুঃস্বপ্নই৷ বছৰ বছৰ ধৰি এই ব্যৱসায়েৰে পৰিয়াল পোহপাল দি থকা এইসকল লোকে পৰিয়াল পোহপাল দিবলৈ আৰম্ভ কৰিব লাগিব আন এখন বিকল্প সংগ্রামৰ৷
নষ্টালজিয়াত পৰিণত হ’ব কাৰেং ঘাট৷ ইয়াৰ লগে লগে শেষ হ’ব বহুতৰ বাবে ব্রহ্মপুত্রৰ বুকুৱেদি ৰোমাঞ্চকৰ নৌকা যাত্রা৷ পুৱাৰ পৰা গধূলিলৈকে কোলাহলপূর্ণ হৈ থকা ব্রহ্মপুত্রৰ কাৰেং ঘাট হৈ পৰিব নির্জন বালি চাপৰি৷ সেয়ে কোনো কোনোৱে দলং শুভাৰম্ভ হোৱাৰ পূর্বেই শেষবাৰৰ বাবে সোৱাদ লৈছে কাৰেং ঘাটেৰে নৌকা যাত্রাৰ৷ কাৰেং ঘাটৰ পাৰত এতিয়া এনেদৰেই অব্যাহত সুখৰ সমান্তৰালকৈ দুখৰ বন্যাও৷ যি কি নহওক সপোনৰ বগীবিল দলঙে এতিয়া মেলিছে আশাৰ পোখা৷
মুকলি হ’ব উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ সম্ভাৱনাৰ দুৱাৰ৷ লক্ষণীয় যে বগীবিলৰ পাৰত যিদৰে সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱাৰ পথ প্রশস্ত হৈছে, সেই একেদৰেই ক্ষোভৰ উদগিৰণো ঘটিছে এই বগীবিলৰ পাৰতেই৷ কিয়নো বগীবিল প্রকল্পৰ বাবেই একাংশই হেৰুৱালে নিজৰ মাটি-ভেটি৷ কাৰেং চাপৰিৰ ভলুকাগুৰিৰ ৪৫টা পৰিয়ালৰ মনত এতিয়া নাই বগীবিল দলংখনক লৈ কোনো ৰং-আনন্দৰ৷ এই ভলুকাগুৰিৰ ৪৫টা পৰিয়ালে ১৪০ বিঘা মাটি এৰিব লগা হ’ল বগীবিল প্রকল্পৰ নামত৷
কিন্তু ২০০৭ চনৰ পৰা আজি পর্যন্ত কোনো ধৰণৰ ক্ষতিপূৰণ নাপালে এইসকল দুর্ভগীয়া পৰিয়ালে৷ ইয়াৰ পৰিণতিতে এইসকল পৰিয়ালে ক্ষোভ উজাৰিছে চৰকাৰৰ বিৰুদ্ধে৷ হুংকাৰ দিছে তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ, ক্ষতিপূৰণ নোপোৱা পর্যন্ত প্রতিবাদী কার্যসূচী অব্যাহত ৰখাৰ৷ উল্লেখযোগ্য যে চৰকাৰীভাৱে অধিগ্রহণ কৰা এই ভূমিত স্থাপন হ’ল অতিথিশালা, ৰে’ল লাইন, ষ্টকিষ্ট৷ ইয়াৰ বিপৰীতে প্রাপ্যৰ পৰা বঞ্চিত হ’ল খাটি খোৱা মিচিং ৰাইজ৷ ৰাইজৰ অভিযোগ– ২০০৭ চনৰ পৰা এই ৪৫টা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ নামত চলিল চৰকাৰী ভেঁকোভাওনা৷
দাবী উঠিছে– তৎকালীনভাৱে ক্ষতিপূৰণ দিব লাগে ৪৫টা পৰিয়ালৰ ১৪০ বিঘা মাটিৰ৷ চৰকাৰে যিদৰে এক বৃহৎ পদক্ষেপ লৈ বগীবিলৰ দৰে এখন বৃহৎ দলং ৰাইজক উপহাৰ দিছে, তেনেদৰে ৪৫টা পৰিয়ালকো নিয়মমাফিক ক্ষতিপূৰণেৰে উপকৃত কৰক৷ এয়ে এইসকল ৰাইজৰ দলং উন্মোচনৰ মুহূর্তত চৰকাৰৰ প্রতি আশা৷