Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:52 pm

Home » আঞ্চলিক » চাকৰি এৰি ‘অইল’ বচাবলৈ ৰাজপথত নামিল শ্রমিক

চাকৰি এৰি ‘অইল’ বচাবলৈ ৰাজপথত নামিল শ্রমিক

দুলীয়াজান : দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড আৰু নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ গোপন ষড়যন্ত্রৰে উদ্যোগ প্রতিষ্ঠানটোৰ সাতখন সম্ভাৱনাময় তৈলক্ষেত্র ব্যক্তিগত প্রতিষ্ঠানক গতোৱাৰ অভিসন্ধি  প্রকাশ পোৱাৰ পিছত প্রতিবাদমুখৰ হৈ পৰে তৈল নগৰী দুলীয়াজান৷
আজি পুৱা অইলৰ অন্যতম শক্তিশালী শ্রমিক সংগঠন ইণ্ডিয়ান অইল ৱর্র্ছ ইউনিয়নৰ নেতৃত্বত শ শ অইলৰ শ্রমিকে হাতে হাতে প্লেকার্ড-বেনাৰ লৈ অইলৰ মুখ্য কার্যালয়ৰ সন্মুখত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰীসকলে অইলৰ তৈলক্ষেত্র ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া বন্ধ কৰক, অইল-কেন্দ্রীয় চৰকাৰৰ গোপন মিতিৰালি নচলিব, অইল কর্তৃপক্ষ হায় হায় ধবনিৰে অইলৰ মুখ্য কার্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলে৷
পাছত প্রতিবাদকাৰীসকলে তৈলক্ষেত্র ব্যক্তিগত প্রতিষ্ঠানক গতোৱাৰ প্রক্রিয়া বন্ধ কৰাৰ দাবীত অইলৰ মুখ্য আৱাসিক বিষয়াৰ যোগেদি প্রধানমন্ত্রীলৈ এখন স্মাৰক-পত্র প্রেৰণ কৰে৷ আনহাতে, বিয়লিলৈ ডিব্রুগড় জিলা ছাত্র সন্থাই পূর্বৰে পৰাই জনাই অহা বিভিন্ন দাবীৰ সন্দর্ভত অইল কর্তৃপক্ষৰ লগত এক আলোচনাত মিলিত হৈছিল৷ আছুৰ পূর্বৰ দাবীৰ লগতে তৈলক্ষেত্রসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ সন্দর্ভতো আলোচনাত ঠাই পাইছিল যদিও অইল কর্তৃপক্ষই এই সম্পর্কে গা এৰা মন্তব্য দিয়াত আছু কর্মীসকল ক্ষুব্ধ হৈ আলোচনাৰ স্থানৰ চকী-মেজ লণ্ডভণ্ড কৰে৷
কেৱল ইমানেই নহয়, আছু কর্মীসকলে ৰাজপথলৈ ওলাই আহি অইল ইণ্ডিয়া লিমিটেডত চলি থকা বিভিন্ন যান-বাহনৰ চাবি কাঢ়ি লৈ যায়৷ যাৰ ফলত ৰাজপথতেই অইলৰ যান-বাহনসমূহ আবদ্ধ হৈ পৰাত প্রতিষ্ঠানটোৰ মুখ্য কার্যালয়ৰ সন্মুখত তীব্র যান-জঁটৰ সৃষ্টি হয়৷
উল্লেখযোগ্য যে উৎপাদন বঢ়োৱাৰ দোহাই দি অইল ইণ্ডিয়া লিমিটেডে নিবিদা নং CDG9977L19 যোগে আহ্বান কৰি যোৰাজান আৰু টেঙাখাত ইষ্টার্ন এছেট এই দুয়োখন ফিল্ডকে ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানক গতাই দিয়াৰ প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ আনহাতে, কেন্দ্রীয় চৰকাৰৰ ডাইৰেক্টৰ জেনেৰেল অব৲ হাইড্র’কার্বনে আহ্বান কৰা এক নিবিদাত অইলৰ মৰাণ-ডিব্রুগড় সম্প্রসাৰণত হালধিবাৰী, মাধকালী, মৰাণ সম্প্রসাৰণত দক্ষিণ ৰাজগড়, ডুমডুমা সম্প্রসাৰণত উমাতাৰা আৰু বাঘজান তৈলক্ষেত্রৰ দিচৈজান ফিল্ডকেইখন ব্যক্তিগত খণ্ডক গতাই দিবলৈ সাজু হৈছে৷
উল্লেখযোগ্য যে অইলৰ তৈলক্ষেত্র ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি দুলীয়াজানৰ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, ছাত্র মুক্তি সংগ্রাম সমিতি, কোঁচ-ৰাজবংশী যুৱ-ছাত্র সন্মিলনী, মটক যুৱ-ছাত্র সন্মিলন, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ, অনুসূচিত জাতি ছাত্র সন্থা, মটক মহিলা পৰিষদ, অসম মৰাণ সভাই কালি অইলৰ অধ্যক্ষক স্মাৰক-পত্র প্রদান কৰে৷ আনহাতে ডিব্রুগড় জিলা মাছেও এক বিজ্ঞপ্তিৰ জৰিয়তে তৈলক্ষেত্র ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি