Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:36 pm

Home » আঞ্চলিক » অসম ৰাজ্যিক দেহশ্ৰী প্ৰতিযোগিতাঃ খঞ্জন প্ৰতীম তালুকদাৰ মিষ্টাৰ আছাম, হিমানী বড়ো মিছ আছাম

অসম ৰাজ্যিক দেহশ্ৰী প্ৰতিযোগিতাঃ খঞ্জন প্ৰতীম তালুকদাৰ মিষ্টাৰ আছাম, হিমানী বড়ো মিছ আছাম


মাদুলী : ভাৰতীয় বডি বিল্ডাৰ্ছ ফেডাৰেশ্যন তথা ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বীকৃতিপ্ৰাপ্ত অসমৰ একমাত্ৰ শৰীৰ চৰ্চা সংস্থা অসম শৰীৰ চৰ্চা আৰু ফিটনেছ সংস্থাৰ অন্তৰ্গত মাজুলী জিলা শৰীৰ চৰ্চা সংস্থাৰ উদ্যোগত ১৮ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ মাজুলীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প ক্ষেত্ৰত অনুষ্ঠিত ৪৬-সংখ্যক অসম ৰাজ্যিক দেহশ্ৰী প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগিতাখন কালি সন্ধিয়াৰ পৰা অনুষ্ঠিত হয়।ৰাজ্যৰ ২২খন জিলাৰ পৰা মুঠ ২৫০ গৰাকী প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আনহাতে মাজুলীতে শৰীৰ চৰ্চাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা ফিটনেছ আৰু মিছ আছাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। ২১ গৰাকী মহিলা প্ৰতিযোগীৰ ভিতৰত ৫ গৰাকীয়ে প্ৰতিযোগিতাত নামে। ১৯ ডিচেম্বৰৰ সন্ধিয়াৰে পৰা পুৰুষ আৰু মহিলাৰ দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ শেষত বৰপেটাৰ খঞ্জন প্ৰতীম তালুকদাৰে মিষ্টাৰ আছাম-২০১৮ খিতাপ আৰু প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মিছ আছাম-২০১৮ খিতাপ বাকসাৰ হিমানী বড়োৱে লাভ কৰে। ইফালে মাষ্টাৰ মিষ্টাৰ আছাম খিতাপ লাভ কৰে যোৰহাটৰ সানদ্বীপ বৈদ্য আৰু মিছ আছাম ফিটনেছ খিতাপ লাভ কৰে কামৰূপৰ গুড়িয়া খাটুনে। মিষ্টাৰ আছাম জুনিয়ৰ খিতাপ দখল কৰে সুভিত গগৈয়ে। ইফালে পুৰুষৰ বিভিন্ন কেজি শাখাত অসমৰ বিভিন্ন জিলাৰ ৭৭ গৰাকী আৰু মহিলাৰ মিছ/ফিটনেছত মুঠ ১০ গৰাকীক পুৰস্কৃত কৰা হয়। প্ৰতিযোগিতাখনত মাজুলীৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ,অসম শৰীৰ চৰ্চা আৰু ফিটনেছ সংস্থাৰ বিষয়ববীয়া সকলৰ লগতে অসম চৰকাৰৰ হৈ উপস্থিত থাকে শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ। প্ৰতিযোগিতাখনত অসম শৰীৰ চৰ্চা আৰু ফিটনেছ সংস্থাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে পূৰ্বে মিষ্টাৰ আছাম খিতাপ লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই অনা ৰঞ্জিত শইকীয়াসহ মাজুলীৰ শৰীৰ চৰ্চা ক্ষেত্ৰখনত জড়িত হৈ ক্ষেত্ৰখনক আগুৱাই লৈ যোৱা কেইবাগৰাকীকো সম্বৰ্ধনা জনোৱা হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি