Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:20 pm

Home » আঞ্চলিক » অসমত ক্ৰীড়া-জাগৰণৰ বাবে ওলাই আহিছে জুবিন

অসমত ক্ৰীড়া-জাগৰণৰ বাবে ওলাই আহিছে জুবিন


ওদালগুৰিঃ “অসমৰ ক্ৰীড়া জগতৰ নতুন জাগৰণৰ বাবে ওলাই আহিছোঁ। অসম ক্ৰীড়া ক্ষেত্ৰত বহুদূৰ আগবাঢ়িছে। আমি অবিৰত চেষ্টা কৰি আহিছোঁ। অসমৰ নাম উজলাবলৈ সক্ষম হৈছে গোলাপ ৰাভা, হিমা দাসৰ দৰে খেলুৱৈসকলে। ময়ো খেলৰ সৈতে জড়িত যুৱক, খেল খেলি ভাল পাওঁ। ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াটো আমাৰ দ্বায়িত্ব আৰু কৰ্তব্য। ভাল খেলুৱৈসকলক ম‌ই আগলৈ সহায় কৰি যাম। নতুন প্ৰজন্ম‌ই ক্ৰীড়াজগতত আগবাঢ়ি আহিব লাগিব। সেয়ে ম‌ই সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছোঁ।”
এই ভাষ্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটত ‘লহকৰ ফিটনেছ হাব’ নামৰ এটি জিম উদ্বোধন কৰিবলৈ আহি সাংবাদিকৰ আগত এই ভাষ্য প্ৰদান কৰে জুবিনে।
ইয়াৰোপৰি মাজবাট ষ্টেডিয়ামত এখন ফুটবল খেলতো অংশগ্ৰহণ কৰে জুবিন একাদশ বনাম মাজবাট একাদশে। জিমটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মিষ্টাৰ ইউনিভাৰ্ছ গোলাপ ৰাভাই চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে।
তেওঁ কয় যে “চৰকাৰে নিজৰ লাভালাভৰ বাবে জিম নিৰ্মাণত গুৰুত্ব দিছে। কাৰণ তাৰপৰা টকা লাভ কৰে। কিন্তু এথলেটিক্সসকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। প্ৰকৃত এথলেটিক্সসকলে নিজৰ বলত বাহিৰলৈ গৈ মেডেল আঁজুৰি আনিবলৈ সক্ষম হৈছে। ম‌ই নিজেও আন্তঃৰাষ্ট্ৰীয় সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছোঁ যদিও মোক চৰকাৰখনে কোনো ধৰণৰ সহায় কৰা নাই। চৰকাৰৰ ওপৰত আশা কৰাই ভুল। চৰকাৰখনে শৰীৰ চৰ্চাকাৰীক এনেদৰে উপলুঙা কৰি গৈ থাকিলে এসময়ত অসমত এজনো শৰীৰ চৰ্চাবিদ নোহোৱা হৈ যাব। চৰকাৰে সাহায্য দিম দিম বুলি কৰা আলোচনা সদায় আলোচনাৰ মাজতে আৱদ্ধ থাকিল কিন্তু কাৰ্যকৰী নহ’ল।”
চৰকাৰে শৰীৰচৰ্চাবিদসকলক গুৰুত্ব দিবলৈ ৰাভাই আহ্বান জনায়। ইফালে এম‌ এল‌ এ হোষ্টেলত জিম খুলিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধ সৰব হৈ পৰে গোলাপ ৰাভা। তেওঁ কয় যে চৰকাৰত থকা নেতাসকলৰ কাম খোৱা আৰু শুৱা। কমিচনৰ‌ অংকত ব্যস্ত থাকি টকা খাই পেট ওলাই গৈছে যিহেতু নেতাসকলৰ শৰীৰচৰ্চাৰ প্ৰয়োজন আছে আৰু সেয়েহে এম‌‌ এল‌ এ হোষ্টেলত জিম খোলাৰ ব্যৱস্থা কৰিছে। কিন্তু নিজৰ বলেৰে মেডেল আঁজুৰি অনা খেলুৱৈসকলৰহে গুৰুত্ব নাই বুলি ক্ষোভ উজাৰে ৰাভাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি