Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:47 pm

Home » আঞ্চলিক » ৰাইজক পণবন্দী কৰি শাসকৰ শক্তি প্রদর্শন

ৰাইজক পণবন্দী কৰি শাসকৰ শক্তি প্রদর্শন


গুৱাহাটী : আজি ৰাজপথত সমুখ সমৰত দেখা গ’ল বিজেপি আৰু কংগ্রেছক৷ ৰাফেল যুদ্ধ বিমান ক্রয়ক লৈ উত্তাল হৈ থকা দেশৰ ৰাজনীতি কার্যতঃ তীব্র বিদ্বেষত পৰিণত হৈছে৷ শাসক-বিৰোধীৰ সত্যতা প্রতিপন্নৰ যুঁজখন দৃষ্টিকটু হৈ পৰিল৷ ৰাফেল যুদ্ধ বিমান ক্রয় সন্দর্ভত কংগ্রেছে মিথ্যাচাৰেৰে দেশৰ জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি অভিযোগ তুলি আজি ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে ৰাজীৱ ভৱন ঘেৰাও কার্যসূচী গ্রহণ কৰে৷
বিজেপিৰ এই প্রতিবাদী কার্যসূচী প্রতিহত কৰিবলৈ কংগ্রেছেও ৰাজীৱ ভৱনৰ বাহিৰত যুযুধান স্থিতি গ্রহণ কৰে৷ ফলত মহানগৰীৰ জি এছ ৰ’ডত বিৰাজ কৰিলে যুদ্ধসদৃশ পৰিস্থিতিৰ৷ ব্যস্ত মহানগৰবাসীৰ জীৱন-যাত্রাক পণবন্দী কৰি তথা প্রশাসনে জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰি বিজেপিয়ে বৃহৎ প্রতিবাদী সমদলেৰে ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ যোৱা কার্যই ৰাজ্যৰ ৰাজনীতিত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
উল্লেখযোগ্য যে ৰাফেল যুদ্ধ বিমান ক্রয়ক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে কেলেংকাৰিৰ অভিযোগ উত্থাপনতেই ক্ষান্ত নাথাকি কংগ্রেছে দেশজুৰি ধাৰাবাহিক প্রতিবাদী কার্যসূচী গ্রহণ কৰি আহিছিল৷ কংগ্রেছক যোগ্য প্রত্যুত্তৰ দিয়াৰ উদ্দেশ্যে ৰাজ্যিক বিজেপিয়ে আজি বৃহৎ সমদলেৰে ৰাজীৱ ভৱন ঘেৰাও কার্যসূচী গ্রহণৰ উমান পাই কালিৰে পৰা প্রদেশ কংগ্রেছো সষ্টম হৈ পৰে৷ পুৱা দহ বজাৰ ভিতৰত কংগ্রেছ কর্মীসকলক ৰাজীৱ ভৱনত সমবেত হ’বলৈ ভিতৰুৱাকৈ নির্দেশ দিয়া হৈছিল৷ আজি পুৱাই জালুকবাৰী, হাজো, বকো, কমলপুৰ আদি দাঁতিকাষৰীয়া সমষ্টিসমূহৰ পৰা হাজাৰোধিক কংগ্রেছ কর্মীয়ে ৰাজীৱ ভৱনত ভিৰ কৰে৷
ইফালে গোপাল বড়ো হাইস্কুল খেলপথাৰত পুৱা ১০ বজাৰ পৰা বিজেপিৰ কর্মীসকল সমবেত হয়৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত দুই হাজাৰোধিক বিজেপিৰ কর্মীয়ে গণেশগুৰিৰ পৰা ৰাজীৱ ভৱনলৈ কংগ্রেছৰ বিৰুদ্ধে বিষোদগাৰ ভৰা শ্ল’গানেৰে প্রতিবাদী সমদল উলিয়ায়৷ ‘মিথ্যাচাৰী ৰাহুল গান্ধী হুঁচিয়াৰ’, ‘কংগ্রেছৰ অপপ্রচাৰ নচলিব’, ‘কংগ্রেছ গ’ বেক’, ‘উচচতম ন্যায়ালয়ক নস্যাৎ কৰা নচলিব’, ‘বিজেপি জিন্দাবাদ’ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি বিজেপিয়ে প্রতিবাদী সমদল বাহিৰ কৰে৷ বিজেপিৰ এই প্রতিবাদী সমদলত সভাপতি ৰঞ্জিত দাসৰ উপৰি কেইবাজনো বিধায়ক, জ্যেষ্ঠ নেতাই অংশগ্রহণ কৰে৷ প্রতিবাদী সমদলৰ ফলত জি এছ ৰ’ডত তীব্র যান-জঁটৰ সৃষ্টি হয়৷ ৰাজীৱ ভৱনৰ অভিমুখে আগ বঢ়া বিজেপিৰ প্রতিবাদী সমদলক শ্রীনগৰ ট্রেফিক পইণ্টত আৰক্ষীয়ে বাধা প্রদান কৰে৷ আৰক্ষী প্রশাসনৰ বাধাত কিছু সময়ৰ বাবে ৰাজপথত বিজেপিৰ নেতা-কর্মীসকল বহি পৰে৷ ইফালে ৰাজীৱ ভৱনৰ সমীপত সমবেত কংগ্রেছ কর্মী আৰু প্রতিবাদকাৰী বিজেপিৰ কর্মীৰ মাজত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজীৱ ভৱনৰ সন্মুখত বেৰিকেড দি জিলা প্রশাসনে অভেদ্য দুর্গ গঢ়ি তোলে৷
অৱশ্যে ৰাজীৱ ভৱন ঘেৰাওৰ হুংকাৰ দিয়া বিজেপিয়ে মূৰকত ৰাজীৱ ভৱনৰ সন্মুখলৈ নাহিল৷ বিপৰীতে একেই দিশেৰে ভঙাগড়লৈ আগুৱাই গৈ সমদল জি এম চি এইচৰ পথেৰে ধেনু ভাঁজ লৈ পুনৰ গোপাল বড়ো হাইস্কুলৰ খেলপথাৰত উপস্থিত হয়৷ তাতেই প্রতিবাদী সভা অনুষ্ঠিত কৰি কংগ্রেছৰ বিৰুদ্ধে সোচচাৰ হৈ পৰে বিজেপি নেতৃত্ব৷ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দলীয় কর্মীসকলক সম্বোধন কৰি কয় যে কংগ্রেছে উচচতম ন্যায়ালয়ৰ ওপৰত আস্থা নোহোৱা কথা কৈ আছে৷ ৰাফেল সন্দর্ভত মিছা কথাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অপচেষ্টা চলোৱাৰ উপৰি কংগ্রেছে বিশ্বমানসত ভাৰতক লঘু কৰিব বিচাৰিছে বুলি ৰঞ্জিত দাসে অভিযোগ কৰে৷ কংগ্রেছ সভাপতি ৰাহুল গান্ধীক সাংসদ পদৰ পৰা পদত্যাগ কৰিবলৈও ৰঞ্জিত দাসে দাবী জনাইছে৷
আনহাতে বিজেপিৰ আজিৰ আচৰণক ফেচীবাদৰ বহিঃপ্রকাশ আখ্যা দিছে প্রদেশ কংগ্রেছে৷ দলটোৰ নেতা-কর্মীসকলে ৰাজীৱ ভৱনৰ বেৰিকেডৰ ওপৰত থিয় হৈ সন্মুখেৰে পাৰ হৈ যোৱা বিজেপিৰ সমদলক উদ্দেশ্যি ইতিকিংসূচক প্লে’কার্ড প্রদর্শন কৰে৷ জ্যেষ্ঠ কংগ্রেছ নেতা শৰৎ বৰকটকীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘এয়া অতি লাজৰ কথা৷ আমি শাসনত থাকি এনে কাম কৰা নাছিলোঁ৷’ লক্ষণীয় কথাটো এই যে গোপাল বড়ো হাইস্কুলৰ খেলপথাৰত বিজেপিৰ কংগ্রেছ-বিৰোধী প্রতিবাদী সভাই গাতে লাগি থকা দিছপুৰ কলেজৰ পৰীক্ষার্থীসকলক বাৰুকৈয়ে আমনি কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই বিজেপিয়ে প্রতিবাদী সভা অনুষ্ঠিত কৰি পৰীক্ষাগৃহৰ ছাত্র-ছাত্রীৰ মনোযোগিতাত ব্যাঘাত জন্মোৱা বাবে ধিক্কাৰ দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি