Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:02 am

Home » আঞ্চলিক » পেঙেৰীৰ দুজন কিশোৰৰ আলফা-গমনক লৈ চাঞ্চল্য

পেঙেৰীৰ দুজন কিশোৰৰ আলফা-গমনক লৈ চাঞ্চল্য


তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ বিভিন্ন গাঁৱৰ পৰা বহু যুৱক আলফা স্বাধীনলৈ যোৱাৰ খবৰে সেনা-আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰাৰ সময়তে পেঙেৰীৰ দুজন কিশোৰৰ আলফা গমনে চিন্তিত কৰি তুলিছে সচেতন মহলক৷ উল্লেখযোগ্য যে পেঙেৰী থানাৰ অন্তর্গত এক নং নলনী গাঁও নিৱাসী প্রয়াত পুলেশ্বৰ মৰাণ আৰু নদেন মৰাণৰ পুত্র ক্রমে ৰিতুৰাজ মৰাণ (১৭ ) আৰু মণ্টু মৰাণ ওৰফে ক’লাং (১৬) আলফা (স্বাঃ)লৈ গমন কৰা বিষয়টো স্পষ্ট হৈ পৰিছে৷ যোৱা ৪ ডিচেম্বৰৰ সন্ধিয়াৰে পৰা নিৰুদ্দিষ্ট কিশোৰ দুজন আলফালৈ যোৱা বুলি বিভিন্ন সূত্রৰ পৰা পৰিয়ালে জানিব পাৰিছে৷ সচেতন মহলে অৱশ্যে কিশোৰ দুজনক এটা বিপ্লৱী সংগঠনৰ মানুহে একপ্রকাৰ প্রৰোচিত কৰি লৈ যোৱাটো শুভ লক্ষণ নহয় বুলি চর্ কৰিছে৷
পৰিয়ালৰ লোকে ইতিমধ্যে কিশোৰদ্বয়ৰ সন্ধানহীনতাৰ বিষয়ে আৰক্ষী আৰু সেনাক অৱগত কৰিছে৷ আজি সংবাদ মাধ্যমৰ ওচৰত আলফাত যোগদান কৰা বুলি সদৰী হোৱা ৰিতুৰাজৰ মাতৃ প্রেমতী মৰাণ আৰু আইতাক ফুটুকী মৰাণে কান্দি কান্দি ঘৰখনৰ একমাত্র ল’ৰাটোক উভতি আহিবলৈ আহবান জনোৱাৰ লগতে লৈ যোৱা পক্ষটোকো (আলফা লৈ উচচাৰণ নকৰাকৈয়ে) ওভতাই পঠাবলৈ বিনম্র অনুৰোধ জনায়৷ আলফালৈ যোৱা বুলি সন্দেহ কৰা আনজন কিশোৰ মণ্টু মৰাণো পিতৃ-মাতৃহীন৷ তেওঁ জ্যেষ্ঠ ভাতৃসহ বিগত ছয় বছৰ ধৰি দদায়েক-খুৰীয়েকৰ আশ্রয়তেই আছিল৷
উল্লেখযোগ্য যে ২০০৭ বর্ষত সেনাৰ গুলীত মৃত্যু হোৱা দুর্ধর্ষ আলফা সদস্য চেনেবৰ মৰাণ আছিল মণ্টুৰ দদায়েক৷ পঞ্চায়ত নির্বাচনৰ প্রাক৲ক্ষণত আলফাৰ বাৰজনীয়া দল এটাই ভোটাৰক বিবেক ভোট দিবলৈ আহবান জনাই ঘূৰি ফৰাৰ সময়তে সদস্য ভুক্তি প্রক্রিয়াও অব্যাহত ৰাখিছিল বুলি সন্দেহ কৰা হৈছে৷ উল্লেখযোগ্য যে পেঙেৰী-বৰডুমচা থানা এলেকাৰ টেকেৰী, কঁঠালগুৰি, ৰতনি আদি গাঁৱৰ উপৰি তিনিচুকীয়া জিলাৰ বিভিন্ন গাঁৱৰ পৰা বিগত দিনকেইটাত যথেষ্টসংখ্যক যুৱকে আলফা স্বাধীনত যোগদান কৰি থকাৰ খবৰ প্রচাৰ মাধ্যমত প্রকাশ পায়েই আছে৷ উল্লেখযোগ্য যে পঞ্চায়ত নির্বাচনৰ সময়ত পেঙেৰী থানাৰ অন্তর্গত দুৱাৰমৰা চাহ বাগিচা নিৱাসী তথা পেঙেৰী-কাণ্ড (থানা চৌহদত বিগত বর্ষৰ এপ্রিলত ১১জন লোক নিহত হোৱা বর্বৰ ঘটনা)ৰ খলনায়ক, ন-বিজেপি সমৰ দাসৰ পৰা আলফাই কেইবা লাখ টকা দাবীৰ ধন লৈ যোৱাৰ কথাটো অঞ্চলটোৰ সর্বজনবিদিত৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি