Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:39 am

Home » আঞ্চলিক » দিব ৩০০ খন নতুন সুৰা বিপণীৰ অনুজ্ঞাপত্র

দিব ৩০০ খন নতুন সুৰা বিপণীৰ অনুজ্ঞাপত্র


গুৱাহাটী : ৰাজহ সংগ্রহৰ স্বার্থত সুৰাৰ বিপণী, বাৰ আদিৰ ক্ষেত্রত প্রযোজ্য বিধি সলনি কৰিলে আবকাৰী বিভাগে৷ বিলাতী সুৰাৰ উপৰি দেশীয় সুৰা উভৈনদী কৰি ৰাজহ সংগ্রহ বৃদ্ধিৰ স্বার্থতে পূর্বৰ কঠোৰ নিয়ম সলনিৰ জৰিয়তে আবকাৰী বিভাগে গ্রহণ কৰিছে কিছু নতুন নিয়ম৷
পূর্বৰ দৰে দুখন সুৰা বিপণীৰ মাজত কোনো দূৰত্ব নাথাকিব৷ পূর্বৰ নিয়ম অনুসৰি দুখন বিপণীৰ মাজত নূ্যনতম ১০০ মিটাৰ দূৰত্ব বাধ্যতামূলক আছিল যদিও এতিয়াৰ পৰা দূৰত্বৰ কোনো পৰিসীমা নাথাকিব৷ ইফালে নতুন বাৰ, সুৰা বিপণী স্থাপনৰ ক্ষেত্রত ১৫০ মিটাৰ ব্যাসার্ধৰ ভিতৰৰ বাসিন্দাৰ অভিযোগ কিম্বা আপত্তিহে বৈধ হ’ব৷ নির্ধাৰিত এলেকাৰ বাহিৰৰ লোকে আপত্তি দর্শালেও বাৰ কিম্বা সুৰা বিপণী স্থাপনত ইয়াক গ্রাহ্য কৰা নহ’ব৷ আবকাৰী আইনৰ ২৮৮ ধাৰা বিলুপ্ত কৰি এই নতুন নিয়ম প্রযোজ্য কৰা হৈছে৷
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে অৱসৰপ্রাপ্ত ভাৰতীয় প্রশাসনিক বিষয়া আৰ টি জিন্দালৰ নেতৃত্বত এখন ৫জনীয়া কমিটী গঠন কৰি দিছিল৷ উক্ত কমিটীৰ পৰামর্শৰ আধাৰত আবকাৰী বিভাগে বিভিন্ন নতুন নিয়ম প্রয়োগ কৰি আহিছে৷ ইতিমধ্যে আবকাৰী আইনৰ সংস্কাৰ সাধন কৰা হৈছিল৷ তদুপৰি আবকাৰী আইনৰ ৬১, ১১৪, ১২৮, ১২৯ আৰু ১৩০ ধাৰা সংশোধন কৰি ভাৰতত নির্মিত বিলাতী সুৰা, দেশীয় পানীয় পম্পৰাগত পানীয়ৰ খুচৰা অনুজ্ঞাপত্র নবীকৰণৰ ক্ষেত্রত জিলাৰ উপায়ুক্তক অধিক ক্ষমতা প্রদান কৰা হৈছে৷
সেইদৰে সুৰাৰ বণ্ডেড বেৰহাউছ, পাইকাৰী বিক্রীৰ অনুজ্ঞাৰ ক্ষেত্রত আবকাৰী আয়ুক্ত পর্যায়ত অধিক ক্ষমতা প্রদান কৰা হৈছে৷ কালি অনুষ্ঠিত কেবিনেটৰ বৈঠকতো নতুন আবকাৰী নিয়ম সংশোধনৰ বিষয়টোৱে ঠাই পাইছিল বুলি জানিব পৰা গৈছে৷ মূলতঃ ৰাজ্য চৰকাৰে বিলাতী সুৰাৰ সমান্তৰালভাৱে দেশীয় সুৰাৰ বৈধ ব্যৱসায়ৰ জৰিয়তে ৰাজহ সংগ্রহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আবকাৰী বিধি শিথিল কৰাটোৱে তাৎপর্য বহন কৰিছে৷
আনহাতে তদানীন্তন আবকাৰী আয়ুক্ত সচিব ৰাজেশ প্রসাদে ৩০০খন নতুন বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্র প্রদানৰ প্রস্তাৱ দি বিভাগীয় মন্ত্রীলৈ প্রেৰণ কৰা ফাইলক লৈ দিছপুৰত ব্যাপক চর্ চলিছে৷ মন্ত্রীয়ে উক্ত ফাইলত অনুমোদন জনোৱা নাই যদিও বিলাতী সুৰাৰ নতুন বিপণীত অনুজ্ঞাপত্রৰ উক্ত প্রস্তাৱৰ আলম হৈ আবকাৰী বিভাগৰেই একাংশ বিষয়াই অনুজ্ঞাপত্র প্রদানৰ নামত ধন সংগ্রহ কৰা বুলি অভিযোগ উঠিছে৷
বিলাতী সুৰা বিপণীৰ অনুজ্ঞাপত্র পাবলৈ হেতা- ওপৰা লগোৱা একাংশ ব্যৱসায়ী আবকাৰী বিভাগৰ একাংশ বিষয়াই টার্গেট কৰি লৈ ধন সংগ্রহক লৈ দিছপুৰত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ নতুনকৈ ৩০০খন বিলাতী সুৰা বিপণীৰ অনুজ্ঞাপত্র প্রদানৰ বিষয়টো বিবেচনা নোহোৱা সত্ত্বেও লাখ লাখ টকা সংগ্রহৰ অভিযোগে গুৰুত্ব লাভ কৰিছে

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি