দিব ৩০০ খন নতুন সুৰা বিপণীৰ অনুজ্ঞাপত্র
গুৱাহাটী : ৰাজহ সংগ্রহৰ স্বার্থত সুৰাৰ বিপণী, বাৰ আদিৰ ক্ষেত্রত প্রযোজ্য বিধি সলনি কৰিলে আবকাৰী বিভাগে৷ বিলাতী সুৰাৰ উপৰি দেশীয় সুৰা উভৈনদী কৰি ৰাজহ সংগ্রহ বৃদ্ধিৰ স্বার্থতে পূর্বৰ কঠোৰ নিয়ম সলনিৰ জৰিয়তে আবকাৰী বিভাগে গ্রহণ কৰিছে কিছু নতুন নিয়ম৷ পূর্বৰ দৰে দুখন সুৰা বিপণীৰ মাজত কোনো দূৰত্ব নাথাকিব৷ পূর্বৰ নিয়ম অনুসৰি দুখন বিপণীৰ মাজত নূ্যনতম ১০০ মিটাৰ দূৰত্ব বাধ্যতামূলক আছিল যদিও এতিয়াৰ পৰা দূৰত্বৰ কোনো পৰিসীমা নাথাকিব৷ ইফালে নতুন বাৰ, সুৰা বিপণী স্থাপনৰ ক্ষেত্রত ১৫০ মিটাৰ ব্যাসার্ধৰ ভিতৰৰ বাসিন্দাৰ অভিযোগ কিম্বা আপত্তিহে বৈধ হ’ব৷ নির্ধাৰিত এলেকাৰ বাহিৰৰ লোকে আপত্তি দর্শালেও বাৰ কিম্বা সুৰা বিপণী স্থাপনত ইয়াক গ্রাহ্য কৰা নহ’ব৷ আবকাৰী আইনৰ ২৮৮ ধাৰা বিলুপ্ত কৰি এই নতুন নিয়ম প্রযোজ্য কৰা