Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:19 pm

Home » আঞ্চলিক » ১৪ ফেব্রুৱাৰীৰ পৰা ২ মার্চলৈ মেট্রিক পৰীক্ষা

১৪ ফেব্রুৱাৰীৰ পৰা ২ মার্চলৈ মেট্রিক পৰীক্ষা


গুৱাহাটী : পৰীক্ষার্থী আৰু অভিভাৱকৰ উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী৷ অহা ১৪ ফেব্রুৱাৰীৰ পৰা ২ মার্চলৈ অনুষ্ঠিত হ’ব ২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ আজি ছেবাই ঘোষণা কৰিলে এই দিন৷ অৱশ্যে এতিয়াও পৰীক্ষাৰ সম্পূর্ণ সূচী ঘোষণা কৰা হোৱা নাই৷
আগন্তুক লোক সভাৰ নির্বাচনৰ বাবে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কিছু আগুৱাই দিয়া বুলি আজি ছেবাৰ কর্তৃপক্ষই প্রকাশ কৰে৷ এইবাৰ মুঠ ৩.৫৩ লাখ পৰীক্ষার্থীয়ে মেট্রিক পৰীক্ষাত অৱতীর্ণ হ’ব৷ ৰাজ্যৰ মুঠ ৮৫৭টা কেন্দ্রত এই পৰীক্ষা অনুষ্ঠিত হ’ব৷ আনহাতে কেইবাটাও নতুনত্বৰে এইবাৰৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ উত্তৰবহী মূল্যায়নৰ ক্ষেত্রত এইবাৰ নতুন সংযোজন কৰা হৈছে৷ একেদৰে নিৰাপত্তাজনিত দিশত অধিক গুৰুত্ব প্রদান কৰা হৈছে৷ পৰীক্ষার্থীয়ে ক’লা চিয়াহীৰ কলম ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে৷
তদুপৰি গণিত আৰু উচচ গণিত বিষয়ত এইবাৰৰ পৰা পুনৰীক্ষণৰ ব্যৱস্থা নাথাকিব৷ পোন প্রথমবাৰৰ বাবে উত্তৰবহীত বাৰক’ড থাকিব৷ উত্তৰ বহীৰ প্রথম পৃষ্ঠাত থাকিব মূল্যায়ন কৰাৰ সুবিধা৷ পৰীক্ষকেও নিজৰ সম্পূর্ণ নাম লিখিব লাগিব উত্তৰবহীত৷ প্রতিটো পৰীক্ষা কেন্দ্রতে চি চি টিভি কেমেৰা সংস্থাপন বাধ্যতামূলক কৰা হৈছে৷
এই ব্যৱস্থা নাথাকিলে আনকি কেন্দ্র বাতিল কৰাৰ দৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱনাও আছে৷ আনহাতে প্রতিটো কেন্দ্রৰে সীমা দেৱাল সুউচচ হোৱাটোও বাধ্যতামূলক কৰা হৈছে৷ ইয়াৰ উপৰি অতি স্পর্শকাতৰ পৰীক্ষা কেন্দ্রসমূহত থাকিব ফ্লাইং স্কোৱাড৷ প্রণিধানযোগ্য যে কেইদিনমান পূর্বে উচচতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰো সময়সূচী ঘোষণা কৰা হৈছিল৷ ১২ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া উচচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ১৫ মার্চৰ ভিতৰত সমাপ্ত কৰা হ’ব বুলি উচচতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষই সদৰী কৰিছে৷
পৰীক্ষা কেন্দ্রৰ নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে প্রশ্নকাকত ফাদিলক লৈয়ো অধিক সতর্ক হৈছে সংসদ৷ উচচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বিগত বর্ষৰ ৮৩৫টা কেন্দ্রৰ তুলনাত এইবাৰ ৭৭২টালৈ হ্রাস কৰা হৈছে৷ অতিৰিক্ত উত্তৰবহীত এইবাৰ পৰীক্ষকে নিজৰ সম্পূর্ণ নাম লিখিব লাগিব৷ পৰীক্ষা কেন্দ্রত ম’বাইল ফ’ন নিষিদ্ধ কৰাৰ লগতে স্পর্শকাতৰ কেন্দ্রত ম’বাইল ব্যৱহাৰ ৰোধ কৰিবৰ বাবে জামাৰ ব্যৱহাৰ কৰিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি