গুৱাহাটী : কামৰুপ জিলাৰ সোণতলী আৰক্ষী থানাৰ অন্তৰ্গত সোণতলীৰ কেইবাখন গাঁৱত আজি গাঞ্জাৰ (ভাং) বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে গাঞ্জাৰ খেতি ধ্বংস কৰাৰ লগতে প্ৰায় পঁচিশ কিল’গ্ৰাম শুকান গাঞ্জা জব্দ কৰে। জানিব পৰা মতে, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, ডি এছ পি কল্যাণ কুমাৰ পাঠক আৰু ডেইজী গগৈয়ে এক গোপন সূত্ৰৰ পম খেদি সোণতলীৰ কেইবাখন গাঁৱত অতৰ্কিতে গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়। এই অভিযানত আৰক্ষীৰ দলটোৱে গাঞ্জা খেতিৰ গাঞ্জাৰ গছ কাটি ধ্বংস কৰাৰ লগতে জয়নাল আলী নামৰ এজন গাঞ্জা ব্যৱসায়ীয়ে ঘৰত মজুত কৰি ৰখা প্ৰায় পঁচিশ কিল’গ্ৰাম শুকান গাঞ্জা জব্দ কৰে। জব্দকৃত শুকান গাঞ্জাখিনিৰ বৰ্তমান আনুমানিক বজাৰ মূল্য ডেৰ লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।