|

ভাৰতত মুকলি কৰা হৈছে মাইক্ৰ’চফ্ট চাৰ্ফেচ গ’

নতুন দিল্লী : চাৰ্ফেচ গো, মাইক্ৰ’চফ্টৰ ক্ষুদ্ৰ আৰু অধিক সমৰ্থবান পৃষ্ঠ যতন, এতিয়া ভাৰতত উপলব্ধ হৈছে সম্পূৰ্ণৰূপে ফ্লিপকাৰ্টৰ লগত যাৰ আৰম্ভণিৰ মূল্য হৈছে 38,599 টকা। 522 গ্ৰাম ওজনত, 10 ইঞ্চিৰ যতন এটাত লেপটপৰ কাৰ্য আৰু টেবলেটৰ বহনযোগ্যতা আগবঢ়োৱা হৈছে সেইসকল ব্যক্তিৰ বাবে যিয়ে কোনো খণ্ডত বহুমুখিতা বিচাৰে। বেছিভাগ বেগতে ই সুৰক্ষিতভাবে উপযুক্ত, চাৰ্ফেচ গো হৈছে এটা নিখুঁট দৈনিক কাৰ্য। পাৱাৰ্ড ৱাই ইণ্টেল® পেণ্টিয়াম® গোল্ড প্ৰচেচৰ 4415Y, ব্যৱহাৰকাৰীয়ে একেলগে এটা এপ্লেকচন যেনে ওৱান নোট,বা নেটফ্লিক্সৰ পৰা ষ্ট্ৰীম ভিডিঅ’ চোৱাৰ বাবে আশা কৰিব পাৰে। প্ৰচেচৰটো, যিটোক নিৰ্বাচিত কৰা হৈছে ইয়াৰ কাৰ্য, বেটেৰী লাইফ আৰু পাতল হোৱাৰ নিয়ন্ত্ৰণৰ বাবে, সংৰক্ষিত কাৰ্যৰ বাবে বহনযোগ্য শক্তি প্ৰদান কৰা হয়। চাৰ্ফেচ গো য়ে লগতে আগবঢ়ায় 9

|

১৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা

গুৱাহাটী : প্ৰকাশ পালে ২০১৯ৰ মেট্ৰিক পৰীক্ষাৰ সম্পূৰ্ণ সূচী। ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ছেবাই আগুৱাইছে মেট্ৰিক পৰীক্ষা। ৰাজ্যৰ ৮৫৭টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা। পুৱা ৯ বজাৰ পৰা ১২বজালৈ আৰু দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০বজালৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩ লাখ ৫৭ হাজাৰ শিক্ষাৰ্থী। কেইবাটাও নতুনত্বৰে অনুষ্ঠিত হ’ব এইবাৰৰ পৰীক্ষা। প্ৰথমবাৰৰ বাবে উত্তৰবহীত থাকিব বাৰক’ডৰ ব্যৱস্থা। বিগত বৰ্ষৰ দৰে পৰীক্ষাৰ্থীসকলে এইবাৰো ব্যৱহাৰ কৰিব লাগিব ক’লা চিয়াঁহী। পৰীক্ষা কেন্দ্ৰত থাকিব লাগিব সুউচ্চ দেৱাল আৰু চিচি টিভি কেমেৰা।

সোণতলীত গাঞ্জাৰ খেতি ধ্বংস, শুকান গাঞ্জা জব্দ

গুৱাহাটী : কামৰুপ জিলাৰ সোণতলী আৰক্ষী থানাৰ অন্তৰ্গত সোণতলীৰ কেইবাখন গাঁৱত আজি গাঞ্জাৰ (ভাং) বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে গাঞ্জাৰ খেতি ধ্বংস কৰাৰ লগতে প্ৰায় পঁচিশ কিল’গ্ৰাম শুকান গাঞ্জা জব্দ কৰে। জানিব পৰা মতে, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, ডি এছ পি কল্যাণ কুমাৰ পাঠক আৰু ডেইজী গগৈয়ে এক গোপন সূত্ৰৰ পম খেদি সোণতলীৰ কেইবাখন গাঁৱত অতৰ্কিতে গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়। এই অভিযানত আৰক্ষীৰ দলটোৱে গাঞ্জা খেতিৰ গাঞ্জাৰ গছ কাটি ধ্বংস কৰাৰ লগতে জয়নাল আলী নামৰ এজন গাঞ্জা ব্যৱসায়ীয়ে ঘৰত মজুত কৰি ৰখা প্ৰায় পঁচিশ কিল’গ্ৰাম শুকান গাঞ্জা জব্দ কৰে। জব্দকৃত শুকান গাঞ্জাখিনিৰ বৰ্তমান আনুমানিক বজাৰ মূল্য ডেৰ লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰে

১৪ ফেব্রুৱাৰীৰ পৰা ২ মার্চলৈ মেট্রিক পৰীক্ষা

গুৱাহাটী : পৰীক্ষার্থী আৰু অভিভাৱকৰ উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী৷ অহা ১৪ ফেব্রুৱাৰীৰ পৰা ২ মার্চলৈ অনুষ্ঠিত হ’ব ২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ আজি ছেবাই ঘোষণা কৰিলে এই দিন৷ অৱশ্যে এতিয়াও পৰীক্ষাৰ সম্পূর্ণ সূচী ঘোষণা কৰা হোৱা নাই৷ আগন্তুক লোক সভাৰ নির্বাচনৰ বাবে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কিছু আগুৱাই দিয়া বুলি আজি ছেবাৰ কর্তৃপক্ষই প্রকাশ কৰে৷ এইবাৰ মুঠ ৩.৫৩ লাখ পৰীক্ষার্থীয়ে মেট্রিক পৰীক্ষাত অৱতীর্ণ হ’ব৷ ৰাজ্যৰ মুঠ ৮৫৭টা কেন্দ্রত এই পৰীক্ষা অনুষ্ঠিত হ’ব৷ আনহাতে কেইবাটাও নতুনত্বৰে এইবাৰৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ উত্তৰবহী মূল্যায়নৰ ক্ষেত্রত এইবাৰ নতুন সংযোজন কৰা হৈছে৷ একেদৰে নিৰাপত্তাজনিত দিশত অধিক গুৰুত্ব প্রদান কৰা হৈছে৷ পৰীক্ষার্থীয়ে ক’লা চিয়াহীৰ কলম ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে৷

২০১৯ বর্ষত ১১০ দিনেই বন্ধ উপভোগ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে

গুৱাহাটী : ২০১৯ বর্ষত ৰাজ্যিক কর্মচাৰীয়ে বছৰৰ ৩৬৫টা দিনৰ ভিতৰত ২২৩ দিনহে কর্মস্থলীত উপস্থিত থাকিব৷ বর্ষটোৰ ১৪২ দিনে বন্ধ আৰু ছুটী উপভোগ কৰিব পাৰিব কর্মচাৰীসকলে৷ কালি অনুষ্ঠিত কেবিনেট বৈঠকে অনুমোদন জনোৱা চৰকাৰী বন্ধৰ তালিকা অনুসৰি ৰাজ্যিক কর্মচাৰীয়ে কিমান দিন কি কি উৎসৱ-পার্বণৰ বাবে বন্ধ পাব, সেই কথা থিৰাং হৈছে৷ ২০১৯ বর্ষত মুঠ চৰকাৰী বন্ধৰ দিন ১১০ দিন যদিও এই বন্ধৰ ভিতৰত দেওবাৰ, মাহৰ দ্বিতীয় আৰু চতুর্থ শনিবাৰ বন্ধ অন্তর্ভুক্ত হোৱাত প্রকৃততে ১০১ দিনহে চৰকাৰী বন্ধ পাব কর্মচাৰীয়ে৷ ৰাজ্যিক কর্মচাৰীয়ে নৈমিত্তিক ছুটী ১২ দিন আৰু আর্জিত ছুটী ৩০ দিন এটা বছৰত ল’ব পাৰে৷ সেয়েহে ২০১৯ৰ বর্ষটোত ৰাজ্যিক কর্মচাৰীয়ে ছুটী আৰু বন্ধ মুঠ ১৪২ দিন উপভোগ কৰিব পাৰিব৷ কালি কেবিনেটে অনুমোদন জনোৱা