Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:09 pm

Home » দেশ-বিদেশ » এবছৰত বিজেপিৰ উপার্জন ১,০২৭.৩৪ কোটি

এবছৰত বিজেপিৰ উপার্জন ১,০২৭.৩৪ কোটি


নতুন দিল্লী : দেশৰ সাতটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ভিতৰত বিজেপিৰ ২০১৭-১৮ বিত্তীয় বৰ্ষত উপার্জন হল ১,০২৭.৩৪ কোটি টকা। নির্বাচন আয়ােগক জমা দিয়া আয়কৰৰ হিচাপ বিশ্লেষণ কৰি এই তথ্য প্রকাশ কৰিছে৷
এছচিয়েচন ফৰ ডেমক্রেটিক ৰিফৰ্মছ (এ ডি আৰ)ৰ তথ্যমতে, বিজেপিয়ে ২০১৭-১৮ বিত্তীয় বৰ্ষত ব্যয় কৰিছে আয়ৰ ৭৪ শতাংশ, অর্থাৎ ৭৫৮.৪৭ কোটি টকা। সাতটা ৰাষ্ট্ৰীয় দলৰ ভিতৰত বি এছ পিয়ে বিত্তীয় বৰ্ষটোত আয় কৰিছে ৫১.৬৯ কোটি টাকা। ইয়াৰে মাত্র ২৯ শতাংশ, অর্থাৎ ১৪.৭৮ কোটি টকাহে ব্যয় কৰিছে মায়াৱতীৰ দলটোৱে৷
আয়ৰ বিষয়ে প্রতিবেদন জমা দিয়া দলকেইটাৰ ভিতৰত আয়তকৈ অধিক ব্যয় কৰা একমাত্র দলটো হ’ল শাৰদ পাৱাৰৰ নেতৃত্বৰ নেচনেলিষ্ট কংগ্ৰেছ পার্টি। ২০১৭-১৮ বিত্তীয় বৰ্ষত দলটোৰ আয় ৮.১৫ কোটি টকা যদিও দলটোৱে ব্যয় কৰিছে ৮.৪৮ কোটি টকা। ২০১৬-১৭ বিত্তীয় বৰ্ষৰ তুলনাত ২০১৭-১৮ বিত্তীয় বৰ্ষত বিজেপিৰ আয় ০.৬৭ শতাংশ, অর্থাৎ বৰ্ষত দলটোৰ আয় আছিল ১,০৩৪.২৭ কোটি টকা।
২০১৬-১৭ বিত্তীয় বৰ্ষত চি পি এমৰ আয় ১০৪.৮৪ কোটি টকা। দলটোৰ ব্যয় হ’ল ৮৩.৪৮ কোটি টকা। চি পি আই আৰু তৃণমূলৰ আয় হ’ল ক্রমে ৫.১৬ আৰু ১.৫৫ কোটি টকা। দুয়ােটা দলৰ ব্যয়ৰ পৰিমাণ হ’ল ১.৭৬ আৰু ১.১০ কোটি টাকা। ২০১৭-১৮ বিত্তীয় বৰ্ষত দেশৰ সাতটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ছটাৰ মুঠ আয়ৰ পৰিমাণ হল ১,১৯৮.৭৫ কোটি টকা। দলকেইটাৰ মুঠ ব্যয় হ’ল ৮৬৮.৪৪ টকা।
ৰাজনৈতিক দলসমূহৰ আয়ৰ প্ৰধান উৎস হ’ল দান-অনুদান। ২০১৭-১৮ বিত্তীয় বৰ্ষত বিজেপিয়ে ৯৮৯.৭০ কোটি, চি পি এমে ৩৯.০২, বি এছ পিয়ে ১০.৬৭ কোটি, এন চি পিয়ে ২.০৮ কোটি আৰু তৃণমূলে ৩০ লাখ টকা দান হিচাপে লাভ কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি