এবছৰত বিজেপিৰ উপার্জন ১,০২৭.৩৪ কোটি
নতুন দিল্লী : দেশৰ সাতটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ভিতৰত বিজেপিৰ ২০১৭-১৮ বিত্তীয় বৰ্ষত উপার্জন হল ১,০২৭.৩৪ কোটি টকা। নির্বাচন আয়ােগক জমা দিয়া আয়কৰৰ হিচাপ বিশ্লেষণ কৰি এই তথ্য প্রকাশ কৰিছে৷ এছচিয়েচন ফৰ ডেমক্রেটিক ৰিফৰ্মছ (এ ডি আৰ)ৰ তথ্যমতে, বিজেপিয়ে ২০১৭-১৮ বিত্তীয় বৰ্ষত ব্যয় কৰিছে আয়ৰ ৭৪ শতাংশ, অর্থাৎ ৭৫৮.৪৭ কোটি টকা। সাতটা ৰাষ্ট্ৰীয় দলৰ ভিতৰত বি এছ পিয়ে বিত্তীয় বৰ্ষটোত আয় কৰিছে ৫১.৬৯ কোটি টাকা। ইয়াৰে মাত্র ২৯ শতাংশ, অর্থাৎ ১৪.৭৮ কোটি টকাহে ব্যয় কৰিছে মায়াৱতীৰ দলটোৱে৷ আয়ৰ বিষয়ে প্রতিবেদন জমা দিয়া দলকেইটাৰ ভিতৰত আয়তকৈ অধিক ব্যয় কৰা একমাত্র দলটো হ’ল শাৰদ পাৱাৰৰ নেতৃত্বৰ নেচনেলিষ্ট কংগ্ৰেছ পার্টি। ২০১৭-১৮ বিত্তীয় বৰ্ষত দলটোৰ আয় ৮.১৫ কোটি টকা যদিও দলটোৱে ব্যয় কৰিছে ৮.৪৮