Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:40 am

Home » আঞ্চলিক » অগপৰে মিত্রতা থাকিলে বিজেপিৰ লাভ নহয়

অগপৰে মিত্রতা থাকিলে বিজেপিৰ লাভ নহয়


গুৱাহাটী : অগপই মিত্রতাৰ পৱিত্রতা ৰক্ষা কৰিব পৰা নাই৷’ এই কথা কাল‌ি বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বক অৱগত কৰিলে ৰাজ্যিক বিজেপিয়ে৷ অগপ-বিজেপিৰ মিত্রতাক লৈ ৰাজ্যৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ থকাৰ সময়তে কালি নতুন দিল্লীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাই দলৰ শীর্ষ নেতৃত্বক সাক্ষাত্‍ কৰি মিত্র দল অগপৰ বিৰুদ্ধে বহুকেইটা অভিযোগ দাখিল কৰে৷ পঞ্চায়ত নির্বাচনৰ সময়ত আঞ্চলিক দলটোৰ নেতাসকলে মিত্রতাৰ সকলো ধর্ম পৰিত্যাগ কৰিলে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ নেতাদ্বয়ে কয় যে, এনে দলৰ সৈতে মিত্রতা বর্তাই ৰাখিলে বিজেপিৰ কোনো লাভ নহয়৷ বৰঞ্চ ক্ষতিহে হ’ব৷ দলৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহৰ হাতত অগপৰ বিৰুদ্ধে প্রস্তুত কৰা এক প্রতিবেদন দাখিল কৰি নেতাদ্বয়ে কয় যে, অসমৰ ৰাইজে ইতিমধ্যে অগপক প্রত্যাখ্যান কৰিছে৷ আনহাতে দলটোৱে ৰাজ্যত এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে যে বিজেপিৰ বাবে এয়া সহ্য কৰি থকাটো সম্ভৱ নহয়৷
ইফালে মিত্রতাৰ সন্দর্ভত সাংবাদিকৰ আগত সভাপতি দাসে কয় যে, অগপই সকলো সীমা অতিক্রম কৰিছে৷ পঞ্চায়ত নির্বাচনৰ সময়ত তেওঁলোকে এনে কথাও কৈছিল যে, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা জে’ললৈ যাব লাগিব৷ তেওঁলোকৰ এনে কাম-কাজে আমাক অতিষ্ঠ কৰি তুলিছে৷ আমি আমাৰ কথা কেন্দ্রীয় নেতৃত্বক লিখিতভাৱে অৱগত কৰিছোঁ৷ এতিয়া মিত্রতাৰ সন্দর্ভত কি সিদ্ধান্ত গ্রহণ কৰে সেয়া ৰাষ্ট্রীয় নেতৃত্বই গ্রহণ কৰিব৷ ৰাজ্যিক বিজেপিৰ সভাপতিজনে পঞ্চায়ত নির্বাচনত বিজেপিক জয়যুক্ত কৰাৰ বাবে অসমৰ জনগণক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে, অসমৰ ৰাইজ আৱেগৰ দ্বাৰা পৰিচালিত নহয়৷ যুক্তিৰ আধাৰত তেওঁলোকে ভোটদান কৰিছে৷ অসম বিৰোধী শক্তিৰ বিৰুদ্ধে ৰাইজ এইবাৰ থিয় দিলে বুলি জনাই দাসে লগতে কয় যে, একাংশই অসমীয়া-বাঙালী, অসমীয়া-হিন্দীভাষীৰ মাজত সংঘাত সৃষ্টি কৰিব খুজিছিল৷ কিন্তু এনে ষড়যন্ত্র অসমৰ ৰাইজে ওফৰাই দিলে৷
বিজেপিৰ বিকাশৰ নীতিক ৰাইজে গ্রহণ কৰিছে বাবেই পঞ্চায়তত দলটোৱে অধিক আসন লাভ কৰিবলৈ সক্ষম হ’ল বুলি জনাই দাসে কয় যে, অগপৰ সৈতে বিগত বিধানসভাত আমি মিত্রতা কৰি প্রকৃততে ভুলহে কৰিছিলোঁ৷ যিবোৰ সমষ্টিত আজি অগপৰ বিধায়ক আছে উক্ত সমষ্টিসমূহত বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে৷ কমলপুৰ, নাহৰকটীয়া, পাটাছাৰকুছি আদি সমষ্টি যদি অগপক এৰি নিদি বিজেপিয়ে নিজে প্রার্থী দিলেহেঁতেন তেনেহ’লে উক্ত সমষ্টিসমূহত বিজেপি প্রার্থী জয়ী হ’লহেঁতেন বুলিও মত ব্যক্ত কৰে দাসে৷ মন কৰিব লগীয়া কথা যে, অগপৰ সৈতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই মিত্রতা বর্তাই ৰাখিব খোজা যে নাই সেই কথা তেওঁলোকে ইতিমধ্যে কথাই-বার্তাই স্পষ্ট কৰি দিছে৷ কিন্তু তেওঁলোকে নিজে আগবাঢ়ি আহি প্রথমে মিত্রতা ভংগ কৰিব খোজা নাই৷ সেয়েহে তেওঁলোকে বিচাৰিছে অগপই প্রথমে আগবাঢ়ি আহি মিত্রতা ভংগৰ কথা ঘোষণা কৰক৷
ইতিমধ্যে অগপয়ো যিবোৰ ইছ্যু লৈ বিজেপিৰ সৈতে মিত্রতা কৰিছিল উক্ত ইছ্যুসমূহৰ কথা উল্লেখ কৰি অলপতে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহলৈ এখন পত্র প্রেৰণ কৰিছিল৷ অগপই উক্ত পত্র প্রেৰণ কৰাৰ পাছতেই কালি ৰাজ্যিক বিজেপিৰ সভাপতি আৰু সাংগঠনিক সম্পাদকজনে দলৰ ৰাষ্ট্রীয় সভাপতিজনক অগপৰ বিৰুদ্ধে অভিযোগ সম্বলিত প্রতিবেদন দাখিল কৰা কার্য বিশেষ লক্ষণীয় হৈ পৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি