টংলাত ৰে’লৰ খুন্দাত কিশোৰৰ মৃত্যু

ওদালগুৰি : ওদালগুৰি জিলাৰ টংলা ৰে’ল ষ্টেছনৰ নিকটৱৰ্তী নোনাই নৈ ৰে’ল দলঙত আজি পুৱা ৰে’লৰ খুন্দাত মৃত্যু হোৱা এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত্যু হোৱা কিশোৰজনক টংলাৰ ১৪ বছৰীয়া আশীষ দত্ত বুলি পৰিয়ালে চিনাক্ত কৰিছে ৷ জানিব পৰামতে টংলা থানাৰ অন্তৰ্গত ১নং নোনাইপাৰা গাঁৱৰ অৰ্জ্জুন দত্তৰ মানসিকভাৱে অসুস্থ পুত্ৰ আশীষ দত্ত কালি সন্ধিয়া ঘৰৰ পৰা ওলাই অহাৰ পাছত আজি পুৱা মৃত অৱস্থাত ৰে’লৱে’ দলঙত উদ্ধাৰ হয় ৷ টংলা ৰে’লৱে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিছে।

কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ তোৰণ উদ্বোধন

কাজিৰঙাঃ কাজিৰঙা অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰথম প্ৰতিষ্ঠান হিচাপে পৰিচিত কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৃহস্পতিবাৰে নৱ-নিৰ্মিত তোৰণ উদ্বোধন কৰা হয়। জানিব পৰা মতে, বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক প্ৰয়াত ভূধৰ দুৱাৰাৰ সোঁৱৰণত পুত্ৰ নয়নমণি দুৱাৰৰ প্ৰচেষ্টাত তথা পৰিয়ালবৰ্গৰ সহযোগত নতুনকৈ নিৰ্মাণ কৰা পকী তোৰণখন কাজিৰঙাৰ জেষ্ঠ নাগৰিক জোনাৰাম গগৈ, হৰ গগৈ, অৱসৰ প্ৰাপ্ত পৰ্যটন বিষয়া তৰুণ গগৈ, দেৱপ্ৰদীপ বড়া, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পংকজ গগৈ, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কাজিৰঙা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আদিৰ উপস্থিতিত প্ৰতিষ্ঠাপক শিক্ষক প্ৰয়াত ভূধৰ দুৱাৰাৰ পত্নী হিৰণ্ময়ী দুৱাৰাই ফিতা কাটি আনুষ্ঠানিকভাৱে তোৰণ উদ্বোধন কৰে। আজিৰ দিনটোত এই তোৰণখনৰ আৰ্হি প্ৰস্তুত কৰ্তা বিদ্যালয়খনৰ প্ৰয়াত শিক্ষক বিপিন হাজৰিকাক বৃহস্পতিবাৰে সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে। কাজিৰঙাৰ শিক্ষাৰ প্ৰথম প্ৰতিষ্ঠানখনৰ প্ৰৱেশদ্বাৰত

ৰাফালে গোছৰত ক্লীনশ্বীট পালে মোডী চৰকাৰে

নতুন দিল্লীঃ অবশেষত ৰাফালে গোছৰত ক্লীনশ্বীট পালে মোডী চৰকাৰে।ৰাফালে বিমান ক্ৰয়ৰ চুক্তিৰ বিৰুদ্ধে তৰা গোচৰতো উচ্চতম ন্যায়ালয়ে আজি খাৰিজ কৰে।দেশৰ উচ্চতম ন্যায়ালয়ে আজি কয় যে এই বিষয়তোত আৰু কোনোধৰনৰ হস্থক্ষেপ কৰা নহ’ব।গোচৰ সংক্ৰান্তীয় সকলো আপত্তি খাৰিজ কৰি দিয়া হৈছে। ৰাফালে চুক্তিৰ বিষয়ত কোনো ধৰনৰ তদন্তৰ প্ৰয়োজন নাই বুলিও দেশৰ উচ্চতম ন্যায়ালয়ে আজি কয়। ৰাফালে বিমান ক্ৰয়ৰ চুক্তিত অনিয়ম হোৱা বুলি উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰতোৰ বাবে কেন্দ্ৰীয় চৰকাখনক কংগ্ৰেছ দলে ইমান দিনে বৰকৈ সমালোচনা কৰি আহিছিল।আজি এই গোছৰতোৰ ৰায়দানৰ তাৰিখ আছিল।আজি এই চুড়ান্ত ৰায়তোত উচ্চতম ন্যায়ালয়ে কয় যে ৰাফালে চুক্তিত কোনো ধৰনৰ অনিয়ম হোৱা নাই৷বিমান কিনাৰ প্ৰক্ৰিয়াতো কোনো গণ্ডগোল হোৱা নাই৷সেইকাৰনে এই বিষয়ত কোনো প্ৰশ্ন তোলা উচিত নহয়৷যুদ্ধ বিমান আৰু

অগপৰে মিত্রতা থাকিলে বিজেপিৰ লাভ নহয়

গুৱাহাটী : অগপই মিত্রতাৰ পৱিত্রতা ৰক্ষা কৰিব পৰা নাই৷’ এই কথা কাল‌ি বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বক অৱগত কৰিলে ৰাজ্যিক বিজেপিয়ে৷ অগপ-বিজেপিৰ মিত্রতাক লৈ ৰাজ্যৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ থকাৰ সময়তে কালি নতুন দিল্লীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাই দলৰ শীর্ষ নেতৃত্বক সাক্ষাত্‍ কৰি মিত্র দল অগপৰ বিৰুদ্ধে বহুকেইটা অভিযোগ দাখিল কৰে৷ পঞ্চায়ত নির্বাচনৰ সময়ত আঞ্চলিক দলটোৰ নেতাসকলে মিত্রতাৰ সকলো ধর্ম পৰিত্যাগ কৰিলে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ নেতাদ্বয়ে কয় যে, এনে দলৰ সৈতে মিত্রতা বর্তাই ৰাখিলে বিজেপিৰ কোনো লাভ নহয়৷ বৰঞ্চ ক্ষতিহে হ’ব৷ দলৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহৰ হাতত অগপৰ বিৰুদ্ধে প্রস্তুত কৰা এক প্রতিবেদন দাখিল কৰি নেতাদ্বয়ে কয় যে, অসমৰ ৰাইজে ইতিমধ্যে অগপক প্রত্যাখ্যান