Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:11 am

Home » আঞ্চলিক » তিতাবৰত হাতে চিঙিলে পদুম

তিতাবৰত হাতে চিঙিলে পদুম

 ১৯টা গাঁও পঞ্চায়তৰ সভাপতি আৰু ১৮টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আৰু ৪টা জিলা পৰিষদ দখলৰে তিতাবৰত বৃহৎ জয় কংগ্ৰেছৰ।
তিতাবৰ : যোৱা পাঁচ ডিচেম্বৰত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা। তিতাবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ বিশখন পঞ্চায়তৰ ভিতৰত কংগ্ৰেছ দলৰ সভাপতি পদৰ প্ৰাৰ্থীয়ে ঊনৈশটা পঞ্চায়ত দখল আৰু কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীয়ে ওঠৰটা আঞ্চলিক পঞ্চায়তৰ সদস্য পদ দখল কৰিবলৈ সক্ষম হয়। তাৰ পৰিৱৰ্তে কিন্তু শাসক দল বিজেপিয়ে এখন পঞ্চায়তৰ এটা সভাপতি পদৰ প্ৰাৰ্থী আৰু দুটা আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয় লাভ কৰে। তিতাবৰ বিধান সভাৰ মুঠ ২০০ টা ৱাৰ্ড সদস্যৰ ভিতৰত কংগ্ৰেছ দলে ১৪৫ টা ৱাৰ্ডতে জয় লাভ কৰে। আনহাতে বিজেপি দলে মাত্ৰ ৫৩ টা ৱাৰ্ড হে দখল কৰে। উল্লেখযোগ্য যে ৰায়দাংজুৰি পঞ্চায়তৰ এটা ৱাৰ্ডত অগপ দলৰ প্ৰাৰ্থী আৰু মেলামাটি পঞ্চয়তৰ এটা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰে। তিতাবৰত কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ মিনা কালিন্দী, ঠেঙাল জিলা পৰিষদৰ প্ৰাৰ্থী ৰীতা শইকীয়া,মাধপুৰ জিলা পৰিষদৰ পবন গগৈ আৰু বৰহোলা জিলা পৰিষদৰ হীৰেন হাজৰিকাই জয় লাভেৰে চাৰিটা জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি