টিংখাঙ : টিংখাঙ ন-শ্ৰীপুৰীয়া গাঁৱত আজি বাঘৰ আক্ৰমণত ৯জন লোক গুৰুতৰভাৱে আহত হয়। এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ সৌৰভ গগৈ, সুৰেশ মাঝি (৪২) , ন-শ্ৰীপুৰীয়া সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনন্দ গগৈ (৪৫), বিতোপন গগৈ (৪৩), নিত্যা বৰুৱা, সন্তোষ তন্তবাই, ৰঞ্জিত অভয়পুৰীয়া আৰু কুমুদ গগৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিত্সাধীন অৱস্থাত আছে। ইয়াৰে বিতোপন গগৈক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিত্সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে, আতংকিত ৰাইজে দা, লাঠী-জোং লৈ হাবিৰ মাজতে বাঘটো আবদ্ধ কৰি ৰাখিছে। ঘটনাস্থলীত খোৱাং বন সংমণ্ডলৰ পৰা বন বিভাগৰ লোক উপস্থিত হয় যদিও বাঘটো কৰায়ত্ত কৰিব পৰাকৈ কোনো ব্যৱস্থা লগত নথকাত কেৱল সাক্ষী গোপাল হৈয়ে থাকিবলগীয়া হয়।