Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:50 am

Home » আঞ্চলিক » আজমল পাৰফিউম্সে আগবঢ়ালে শ্ৰীময়ী এৱাৰ্ড ২০১৮

আজমল পাৰফিউম্সে আগবঢ়ালে শ্ৰীময়ী এৱাৰ্ড ২০১৮


গুৱাহাটী : অসমত মহিলা সবলীকৰণৰ দিশটোক উৎসাহিত কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সুগন্ধি প্ৰস্তুতকাৰী প্ৰতিষ্ঠান আজমল পাৰফিউম্সে। সমাজৰ প্ৰতি ব্যতিক্ৰমী অৰিহণা আগবঢ়োৱাৰ বাবে কৃতি মহিলাসকলোলৈ শ্ৰীময়ী এৱাৰ্ড ২০১৮ প্ৰদান কৰিলে আজমল এণ্ড চন্স, ভাৰতৰ কনচাল্টিং পাৰফিউমাৰ আবদুল্লা আজমলে। যিসকল মহিলাই নিজৰ সমাজত পেছাগত আৰু ব্যক্তিগত কৃতিত্ব স্থাপন কৰি উন্নততৰ এক ভৱিষ্যতৰ দিশত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে, তেওঁলোকক উদগনি দিবলৈ আৰু তেওঁলোকৰ কামক শলাগ যাচিবলৈ এই পুৰস্কাৰ প্ৰদান কৰা হয়।
যিসকল মহিলাই ঘৰৰ চাৰি বেৰৰ মাজৰপৰা ওলাই আহি নিজৰ পছন্দৰ ক্ষেত্ৰসমূহত উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিবলৈ সক্ষম হৈছে, তেওঁলোকক অনুপ্ৰেৰণা দিব লাগে বুলি আজমল পাৰফিউম্সে সদায় বিশ্বাস কৰি আহিছে। এটা প্ৰতিষ্ঠান হিচাপে আজমল পাৰফিউম্সে সদায় কৰ্মক্ষেত্ৰত সমান অধিকাৰৰ সপক্ষে থিয় হৈছে আৰু মহিলাসকলৰ বাবে উন্নততৰ সুযোগৰ ব্যৱস্থা কৰিছে।
আজমল এণ্ড চন্স, ভাৰতৰ কনচাল্টিং পাৰফিউমাৰ আবদুল্লা আজমলে কয়, “মহিলাসকলে অভূতপূৰ্বভাৱে ব্যাৱসায়িক জগত্খনত নতুন ধাৰণা আৰু সতেজ চিন্তাধাৰাক জন্ম দিয়াৰ জৰিয়তে ভাৰতীয় অৰ্থনীতিৰ বিশাল ক্ষেত্ৰখনত এক নাটকীয় পৰিৱৰ্তন লৈ আহিব পাৰিছে। যিসকল মহিলাই সফলতা লাভ কৰিবলৈ উদ্যোগী হৈছে, তেওঁলোকৰ প্ৰয়াসক স্বীকৃতি প্ৰদানৰ এক মঞ্চ হ’ল শ্ৰীময়ী এৱাৰ্ড৷ যিসকল মহিলাই সকলো বাধা নেওঁচি নিজৰ কামৰ জৰিয়তে আমাক গৌৰৱান্বিত কৰে, তেনেকুৱা উল্লেখযোগ্য মহিলাসকলক আজমল পাৰফিউম্সত আমি সদায় উদগনি দিয়াৰ প্ৰবল প্ৰয়াস কৰি আহিছোঁ। এইসকল আগশাৰীৰ মহিলাসকলৰ প্ৰয়াসৰ প্ৰতি শ্ৰীময়ী এৱাৰ্ড আগবঢ়োৱাটো সঁচাকৈ বৰ আনন্দৰ কথা। মই আশাবাদী যে, এনেকুৱা পুৰস্কাৰসমূহে অইন মহিলাসকলৰ কাৰণেও এক দৃষ্টান্তমূলক উদাহৰণ হৈ উঠিব পাৰিব।”
আজমল এণ্ড চন্সৰ প্ৰেচিডেণ্ট অপাৰেশ্বন সৌৰভ ভট্টাচাৰ্যই কয়, “আজমল পাৰফিউম্স মানেই হ’ল স্মৰণীয় কিছু কাম কৰা আৰু শ্ৰীময়ী হ’ল সেইসকল মহিলাসকলক পুৰস্কৃত কৰা যিসকলে নিজৰ প্ৰবল প্ৰয়াসৰ জৰিয়তে আমাৰ সমাজত স্মৰণীয় কাম কৰিছে। তেওঁলোকে যি স্বীকৃতি পোৱাৰ যোগ্য, সেই স্বীকৃতিৰ সৈতে তেওঁলোকক সংবৰ্ধনা জনাবলৈ পাই আজমল পাৰফিউম্সে গৌৰৱ অনুভৱ কৰিছে।”
উল্লেখ্য যে ১৯৫১ চনত এই প্ৰতিষ্ঠানটি প্ৰতিষ্ঠা কৰিছিল প্ৰয়াত চেয়াৰমেন হাজি আজমল আলি। মুম্বইৰ মহম্মদ আলি ৰ’ডত সৰু এটা দোকানৰপৰা আজি এই প্ৰতিষ্ঠান আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে। বিভিনন দেশত ইয়াৰ সুগন্ধি দ্ৰব্য ৰপ্তানী কৰা হয়। ছয় দশকৰ সুসমৃদ্ধ ঐতিহ্য সুগন্ধি শিল্পৰ ক্ষেত্ৰখনত পুংখানুপুংখ জ্ঞান থকা এটা ব্ৰেণ্ড হিচাপে আজমল এণ্ড চন্সে সুগন্ধি-প্ৰস্তুতৰ দিশত উদ্ভাৱক হৈ উঠাৰ দক্ষতা অৰ্জন কৰিছে আৰু লগতে সুগন্ধি সামগ্ৰীৰ বিপণনৰ ক্ষেত্ৰতো পথিকৃত্ হৈ উঠিছে। আজি এই কৌটি-কৌটি ডলাৰৰ পাৰিবাৰিক ব্যৱসায় চলি আছে আজমলসকলৰ দ্বিতীয় আৰু তৃতীয় প্ৰজন্মৰ প্ৰবল অনুৰাগ আৰু অনুভূতিৰে। প্ৰতিজনেই এই ব্ৰেণ্ডৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৰ্তমান আজমল এণ্ড চন্সৰ প্ৰায় 60খন ৰিটেইল ষ্ট’ৰ আৰু কিয়স্ক আছে ভাৰতৰ 17 ৰাজ্যৰ আটাইবোৰ ডাঙৰ চহৰত লগতে অহা কেই মাহত আৰু কেইখনমান চেলিং পইণ্ট খোলাৰ বাবে প্ৰস্তুত হৈ আছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি