Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:15 am

Home » দেশ-বিদেশ » পাঁচ ৰাজ্যৰ নির্বাচনত বিজেপিৰ দুৰ্গত খহনীয়া : তিনি ৰাজ্যত কংগ্ৰেছৰ উত্থান

পাঁচ ৰাজ্যৰ নির্বাচনত বিজেপিৰ দুৰ্গত খহনীয়া : তিনি ৰাজ্যত কংগ্ৰেছৰ উত্থান


নতুন দিল্লী : ২০১৯ লােকসভা নির্বাচনৰ পুর্বে ছেমিফাইনেলসদৃশ পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনত হিন্দী বলয়ৰ তিনি ৰাজ্যত পুনৰুজ্জীৱিত হৈ উঠিল কংগ্রেছ। ইয়াৰ বিপৰীতে দুর্গ হিচাপে পৰিচিত তিনিওখন ৰাজ্যত বিপর্যয়ৰ সন্মুখীন হৈছে শাসকীয় বিজেপি। পাঁচ ৰাজ্যৰ ৪খনত শাসকীয় দলসমূহে নিজৰ ক্ষমতা বৰ্তাই ৰাখিব নােৱাৰাৰ বিপৰীতে তেলেংগানাত নিজক পুনৰ অপ্ৰতিৰােধ্য ৰূপত প্রতিষ্ঠিত কৰালে টিআৰএছৰ মুৰব্বী কে চন্দ্রশেখৰ ৰাওৱে। পাঁচ ৰাজ্যৰ ভিতৰত ৰাজস্থান আৰু ছত্তিশগড়ত বিজেপিক উৎখাত কৰি শাসনৰ গাদীৰ দিশে কংগ্ৰেছ দল অগ্ৰসৰ হ’লেও তেলেংগানা আৰু উত্তৰ-পূবৰ ৰাজ্য মিজোৰামত শােচনীয় ফলাফল দেখুৱায় দলটোৱে।
তদুপৰি, মধ্য প্রদেশত তীব্র প্রতিদ্বন্দ্বিতাৰ অন্তত গেৰুৱা দলটোৱে দ্বিতীয় স্থানহে লাভ কৰে। উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ একমাত্ৰ কংগ্ৰেছৰ শাসনত থকা মিজোৰামৰ পৰাও শতিকা পুৰণি কংগ্ৰেছ দলটো শাসনৰ পৰা উৎখাত হ’ল। তেলেংগানা আৰু মিজোৰামত আঞ্চলিক শক্তিৰ বিজয়ে দেশীয় ৰাজনীতিক আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতাক পুনৰ চৰ্চালৈ আনিলে।
উল্লেখ্য যে ২০১৪ চনৰ লােকসভা নির্বাচনৰ পূর্বে বিজেপিয়ে ৰাজস্থান, মধ্যপ্রদেশ আৰু ছত্তিশগড়ৰ বিধানসভা নির্বাচনত জয়ী হৈ পিছলৈ বিজেপিৰ প্রধানমন্ত্রী পদ প্রার্থী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত লােকসভা নির্বাচনত অভাৱনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই দৃষ্টিকোণেৰে চালে ৰাজস্থান, মধ্যপ্রদেশ আৰু ছত্তিশগড়ত বিজেপি ধৰাশায়ী হােৱাটো দলটোৰ বাবে শংকাৰ কাৰণ হৈ উঠিব পাৰে বুলিও চৰ্চিত হৈছে।
লােকসভা নির্বাচনৰ পূর্বে বহু চর্চিত পাঁচ ৰাজ্যৰ ভিতৰত ৰাজস্থানৰ ১৯৯ বিধানসভা সমষ্টি আৰু তেলেংগানাৰ ১১৯ বিধানসভা সমষ্টিত একেটা পর্যায়তে যােৱা ৭ ডিচেম্বৰত ভােটগ্রহণ কৰা হয়। তেনেদৰে ছত্তিশগড়ত দুটা পর্যায়ত ভােটগ্রহণ কৰা হয়। ইয়াৰে ১৮খন আসনৰ বাবে ১২ নৱেম্বৰ আৰু ৭২খন আসনৰ বাবে ২০ নৱেম্বৰত ভােটগ্রহণ অনুষ্ঠিত হৈ যায়। আনহাতে, যােৱা ২৮ নৱেম্বৰত ২৩০জনীয়া মধ্যপ্রদেশ আৰু ৪০জনীয়া মিজোৰাম বিধানসভাৰ ভােটগ্রহণ হৈ যায়।
ঘােষিত ফলাফল অনুসৰি তেলেংগানাৰ ১১৯জনীয়া বিধানসভাত টি আৰ এছে ৮৭খন, কংগ্ৰেছে ১৯খন, টিডিপি ২খন, বিজেপিয়ে এখন আসন লাভ কৰে। ছত্তিশগড়ত ৯০খন আসনৰ ভিতৰত কংগ্ৰেছে ৬৮খন, বিজেপিয়ে ১৬খন, বিএছপি ৬খন আৰু জেচিচিয়ে ৪খন আসন লাভ কৰে। মিজোৰামৰ ৪০ আসনৰ ভিতৰত কংগ্ৰেছে ৫খন, বিজেপিয়ে ১খন আৰু এমএনএফে ২৬খন আৰু অন্যান্যই ৮খন আসন লাভ কৰে। এনেদৰে ৰাজস্থানৰ ১৯৯খন আসনৰ ভিতৰত কংগ্ৰেছে ৯৯খন, বিজেপিয়ে ৭তখন, বিএছপিয়ে ৭খন, কংগ্ৰেছ সহযােগী আৰ এল ডিয়ে এখন আৰু অন্যান্যই ১৯খন আসন লাভ কৰে। আনহাতে, তীব্র প্রতিদ্বন্দ্বিতা হােৱা ২৩০জনীয়া মধ্যপ্রদেশ বিধানসভাত বিজেপিয়ে ১০৯খন, কংগ্ৰেছে ১১৪খন আসন লাভ কৰাৰ বিপৰীতে অন্যান্যই ৫খন আসন লাভ কৰিবলৈ সক্ষম হয়।
লােকসভা নির্বাচনলৈ মাজত কেইটামান মাহ বাকী থকা অৱস্থাত কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি বিধানসভাত ধৰাশায়ী হােৱা বিষয়টোক লৈ উৎফুল্লিত হৈ উঠিছে বিজেপিবিৰােধী দল। ইপিনে, কংগ্ৰেছ দলৰ উত্থান আৰু জয়ক লৈ সমগ্র দেশজুৰি কংগ্ৰেছ কার্যালয়ত আনন্দৰ জোৱাৰ উঠাৰ বিপৰীতে বিজেপি শিবিৰৰ পৰিৱেশ ম্লান হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি