Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:53 am

Home » আঞ্চলিক » এনআৰচিত দাবী-আপত্তি আবেদন দাখিলৰ সময়সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি : বৈধ হ’ব যিকোনো লিংকেজ নথি

এনআৰচিত দাবী-আপত্তি আবেদন দাখিলৰ সময়সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি : বৈধ হ’ব যিকোনো লিংকেজ নথি


নতুন দিল্লী : ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী-আপত্তি আবেদন দাখিল কৰাৰ সময়সীমা ১৫ ডিচেম্বৰৰ ঠাইত ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰে উচ্চতম ন্যায়ালয়ে৷ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত এনআৰচি সম্পৰ্কীয় গোচৰ WP(c) No 274/2009 ৰ শুনানী অনুষ্ঠিত হয় । শুনানী কালত অসম চৰকাৰৰ অধিবক্তাই দাবী-আপত্তি আবেদনৰ অন্তিম তাৰিখ বৃদ্ধি কৰিব আৰ্জি কৰাত আদালতে ১৫ ডিচেম্বৰৰ ঠাইত ৩১ ডিচেম্বৰলৈ দাবী-আপত্তি আবেদন দাখিল কৰাৰ সময়সীমা বৃদ্ধি কৰি দিয়াৰ লগতে দাবী-আপত্তিৰ শুনানী ( Hearing) অহা বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিয়ে।
ইফালে SOP ত ২০১৫ চনৰ ৩১ আগষ্ট তাৰিখৰ পিছৰ লিংকেজ নথি গ্ৰহন কৰিব নোৱাৰিব বুলি উল্লেখ থকাত লাখ লাখ লোকে দাবী আবেদন দাখিল কৰিব গৈ ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি থকা স্বত্বেও থমকিব লগা হোৱাত আমছু আৰু মৌলানা ছৈয়দ আৰ্শ্বাদ মাদানী আৰু মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন জমিয়তে পৃথকে পৃথকে দুটি আবেদন দাখিল কৰি ২০১৫ চনৰ ৩১ আগষ্ট এই কৃত্ৰিম সময়সীমাক বাতিল কৰি যিকোনো তাৰিখৰ বৈধ লিংকেজ নথি গ্ৰহন কৰাৰ নিৰ্দেশনা দিবলৈ আৰ্জি কৰাত আদালতে আমছু আৰু মৌলানা ছৈয়দ আৰ্শ্বাদ মাদানী আৰু মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন জমিয়তৰ আবেদনক গ্ৰহন কৰি যিকোনো তাৰিখৰ লিংকেজ নথি গ্ৰহন কৰিবলৈ এনআৰচিৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এতিয়াৰে পৰা ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি থকা দাবী-আপত্তি আবেদনকাৰীয়ে যিকোনো তাৰিখৰ লিংকেজ নথি ব্যৱহাৰ কৰিব পাৰিব।
আনহাতে সদৌ অসম ছাত্ৰ সন্থাই এনআৰচিৰ সম্পূৰ্ণ খচৰাত অন্তৰ্ভুক্ত হোৱা অবৈধ বিদেশীৰ বিৰুদ্ধে আপত্তি আবেদন সংশ্লিষ্ট এনআৰচিৰ সেৱা কেন্দ্ৰৰ পৰিবৰ্তে সংশ্লিষ্ট জিলা উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিবলৈ অনুমতি বিচাৰি কৰা আবেদনৰ শুনানী লৈ আদালতে জিলা সদৰত দাখিল কৰিবলৈ অনুমতি প্ৰদান কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি