গুৱাহাটী : বাজেট উত্থাপন কৰি সংসদ ভৱনৰ পৰা বাহিৰলৈ ওলায়েই কেন্দ্রীয় ৰে’লমন্ত্রী ৰামবিলাস পাছোৱানে অসমৰ পাঁচজন সাংসদৰ কাষলৈ আহি ক’লে– ‘হ’ গয়া না? তুমহাৰা পুল মিল গয়া না? অৱ খুছ?’ অসম গণ পৰিষদৰ পাঁচজন সাংসদে হাঁহিৰে মন্ত্রীজনক সঁহাৰি দিয়াৰ সময়তে কেন্দ্রীয় ৰে’ল ব’র্ডৰ বিষয়াবর্গ খৰখেদাকৈ মন্ত্রী পাছোৱানৰ কাষলৈ আহি সুধিলে– ‘য়ে ক্যা কৰ দিয়া ছাৰ? ক্যা কিয়া?’ পাছোৱান– ‘মেৰে য়াৰ লোগোনে এক ছোটা সা পুল মাংগা থা৷ মেইনে দে দিয়া৷’ ৰে’ল ব’র্ডৰ বিষয়া– ‘ছোটা সা পুল? আপক’ মালুম হ্যে ইস ছোটাসা পুলমে কিতনা খৰছা হোগা? ছাৰ ইছ পুলকা ডি পি আৰ হো গয়া৷ ৪.৯৪ কিঃমিঃ লম্বা ইস পুলকা বাজেট ২ হাজাৰ ক্র’ৰ হ্যে৷’
মূৰে-কপালে হাত দি মন্ত্রী পাছোৱানে সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যৰ ফালে চোঁচা মাৰি আহি ক’লে– কি কৰিলা বন্ধু? তোমাৰ সৰু ‘পুল’টোৰ বাবে চোন ৰে’ল ব’র্ডে দহ বছৰ ধৰি ধন দিব লাগিব৷ তুমি কোৱা সৰু পুলটো ইমান ডাঙৰ দলং বুলি মই সপোনতো ভবা নাছিলোঁ৷ অতি কৌশলেৰে অসমক প্রতিনিধিত্ব কৰা অগপৰ পাঁচজন সাংসদ মঙলদৈ সমষ্টিৰ বীৰেন্দ্র প্রসাদ বৈশ্য, লখিমপুৰ সমষ্টিৰ ড০ অৰুণ শর্মা, কলিয়াবৰ সমষ্টিৰ কেশৱ মহন্ত, গুৱাহাটী সমষ্টিৰ ড০ প্রবীণ শর্মা আৰু নগাঁও সমষ্টিৰ মুহিৰাম শইকীয়াই বগীবিল দলং ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণপাৰৰ জনসাধাৰণৰ দীর্ঘদিনীয়া সপোনৰ দলংখন৷ ধেমাজি আৰু ডিব্রুগড় সংযোগী বগীবিল দলংখন সুদীর্ঘ ২২বছৰৰ প্রতীক্ষাৰ অন্তত সম্পূর্ণ হ’ল৷ এটা দীর্ঘদিনীয়া সপোনে বাস্তৱ ৰূপ পোৱাৰ বাবে এতিয়া কেৱল আনুষ্ঠানিকতাহে বাকী আছেগৈ৷ ১৯৯৬চনত আৰম্ভ হোৱা ধেমাজি-ডিব্রুগড় সংযোগী দুখলপীয়া এই দলংখন অহা ২৫ডিচেম্বৰত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷
কিন্তু এতিয়া এই দলংখন নির্মাণক লৈ চলিছে ৰাজনৈতিক কৃতিত্ব লোৱাৰ আন এখন যুঁজ৷ বিজেপিয়ে দলংখন নির্মাণ সম্পূর্ণ কৰাৰ গইনা লৈ সমগ্র দলংখনৰে কৃতিত্ব লোৱাৰ লগতে নিজ দলৰ নেতাৰ নামেৰে দলংখনৰ নামকৰণ কৰাৰ চেষ্টাও চলোৱাৰ অভিযোগ উঠিছে৷ কিন্তু এই দলংখনৰ দাবী ৭০দশকৰ পৰাই উত্থাপন কৰি আহিছিল বিভিন্ন দল-সংগঠনে৷ দলংখনৰ দাবীত এক দীঘলীয়া সংগ্রামো কৰিব লগীয়া হৈছিল দল-সংগঠনবোৰে৷ এই দাবী আৰু সংগ্রামক সংসদৰ মজিয়ালৈ লৈ গৈছিল অসম গণ পৰিষদৰ ৫জন সাংসদে৷ এই সাংসদকেইজনে যৌথভাৱে ৰচনা কৰা কৌশল আৰু সাংসদ তথা তেতিয়াৰ কেন্দ্রীয় কেবিনেট মন্ত্রী বীৰেন্দ্র প্রসাদ বৈশ্যৰ আপোচহীন কঠোৰ স্থিতিৰ বাবেহে প্রকৃততে অসমে প্রায় ৫ কিঃমিঃ দৈৰ্ঘ্যৰ স্থলপথ আৰু ৰে’লপথ সংলগ্ন দুখলপীয়া দলংখন লাভ কৰিবলৈ সক্ষম হয়৷
অসমৰ পাঁচজন লোক সভাৰ সাংসদৰ উপৰি আছিল অগপ দলৰে ৰাজ্যসভাৰ সাংসদ পৰাগধৰ চলিহা৷ তেওঁলোক সেই সময়ৰ প্রধানমন্ত্রী এইচ ডি দেবেগৌড়া নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ আছিল৷ আনকি বীৰেন্দ্র প্রসাদ বৈশ্য কেন্দ্রীয় তীখা আৰু খনিজ দপ্তৰৰ কেবিনেট মন্ত্রী আৰু মুহিৰাম শইকীয়াই কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্রী হিচাপেও চৰকাৰত স্থান লাভ কৰিছিল৷ তেওঁলোক ১৯৯৬ চনৰ এপ্রিল-মে’ মাহত অনুষ্ঠিত লোক সভাৰ নির্বাচনত জয়ী হৈ সংসদৰ প্রতিনিধি হৈছিল৷ তেওঁলোক সাংসদ হোৱাৰ বহু আগৰে পৰা বগীবিল দলঙৰ দাবী উত্থাপন হৈ আহিছিল৷ সাংসদ হোৱাৰ পাছতে ১৯৯৬ চনত ডিব্রুগড়ৰ পূর্বাঞ্চলীয় নাগৰিক সন্থাই সাংসদ ড০ অৰুণ শর্মাক এখন স্মাৰক-পত্র দিয়ে দলংখন নির্মাণৰ পদক্ষেপ লোৱাৰ দাবীত৷ তেতিয়া অসমৰ পাঁচজন সাংসদে এই দাবীটোক দিল্লীত ‘ইছ্যু’ কৰাৰ সিদ্ধান্ত লয়৷
তেওঁলোকে কেইবাবাৰো ৰে’লমন্ত্রী আৰু ৰে’ল ব’র্ডৰ অধ্যক্ষক সাক্ষাৎ কৰি দলংখনৰ দাবী কৰে৷ কিন্তু অসমৰ দৰে সৰু ৰাজ্য এখনক ইমান বৃহৎ পুঁজি আৰু দীঘল দলং এখন দিয়াৰ ক্ষেত্রত ৰে’ল মন্ত্রী আৰু ৰে’ল ব’র্ডে সঁহাৰি দিয়া নাছিল৷ তাৰ মাজতে বগীবিল দলঙৰ ডি পি আৰ (ডিটেইলছ প্রজেক্ট ৰিপ’র্ট) প্রস্তুত কৰা হয় সাংসদকেইজনৰ উদ্যোগত৷ দুখলপীয়া দলংখনৰ বাজেট হ’লগৈ ২০০০ কোটি টকা৷ এই ডি পি আৰকে লৈ কেইবাবাৰো তেওঁলোক ৰে’ল মন্ত্র্যালয়ৰ কাষ চাপিছিল৷ এনেদৰে কাম নিসিজাত তেওঁলোকে পৰিকল্পনা কৰে যে যিকোনো উপায়েৰে দলংখনক বাজেটত অন্তর্ভুক্ত কৰিবই লাগিব৷ নিয়ম মতে কেন্দ্রৰ ৰে’ল বাজেট বা সাধাৰণ বাজেট সংসদত উত্থাপনৰ পূর্বে কেবিনেটত উত্থাপন কৰিব লাগে৷ ছেপ্টেম্বৰ মাহত সংসদৰ পূর্ণকালীন অধিৱেশন অনুষ্ঠিত হয়৷ তাতে ৰে’ল বাজেটো উত্থাপন কৰা হ’ব৷
কিন্তু বগীবিল দলংখনক তেতিয়াৰ ৰে’লমন্ত্রী ৰামবিলাস পাছোৱানে বাজেটত অন্তর্ভুক্ত নকৰাত অসমৰ পাঁচ সাংসদে কৌশল ৰচনা কৰে অন্তিম মুহূর্তত হ’বলগীয়া কেবিনেট বৈঠকখনক শেষ লক্ষ্য কৰি লোৱাৰ৷ লগতে দলংখনক ‘সৰু পুল’ বুলি কোৱাৰে পৰিকল্পনা কৰে৷ পাছোৱানে বাজেট কেবিনেটত উত্থাপন কৰাৰ সময়তে কেবিনেটৰ সদস্য একমাত্র অসমৰ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যই অসমৰ বাবে ‘সৰু পুল’ এটাও নিদিয়া বুলি তীব্র ক্ষোভ উজাৰে৷ তেওঁ অসমৰ ৰাইজে এটা সৰু পুল বিচাৰিছিল আৰু অসম তথা উত্তৰ-পূর্বাঞ্চলৰ বৃহত্তৰ স্বার্থত কেন্দ্রীয় চৰকাৰে সেয়াও নিদিয়া বুলি কঠোৰ ভাষাৰে প্রধানমন্ত্রী দেৱেগৌড়া আৰু ৰে’লমন্ত্রী পাছোৱানক সমালোচনা কৰে৷ কেন্দ্রই অসমক অৱজ্ঞা কৰা বুলিও তেওঁ অভিযোগ কৰে৷ ইয়াৰ বাবেই তেওঁ চৰকাৰৰ অংশীদাৰ হৈয়ো অগপই বাজেটখনৰ বিৰোধিতা কৰিব বুলি স্পষ্ট কৰে৷ তেওঁৰ কঠোৰ স্থিতিত বিব্রত হৈ প্রধানমন্ত্রী দেৱেগৌড়াই ৰে’লমন্ত্রী পাছোৱানক অসমৰ সাংসদৰ সৈতে আলোচনা কৰি বিষয়টো মীমাংসা কৰিবৰ বাবে নির্দেশ দিয়ে৷ কেবিনেটৰ পৰা ওলাই অসমৰ সাংসদকেইজনে বিষয়টো আলোচনা কৰি থকা স্থানলৈ আগুৱাই গৈ পাছোৱানে প্রশ্ন কৰে যে ‘বন্ধু মানুহ হৈ তোমালোকে কিয় ইমান খং কৰিছা?’ তেতিয়া সাংসদ বৈশ্যই উত্তৰ দিয়ে, ‘আমি এটা সৰু পুল বিচাৰিছোঁ৷ তাকে তুমি নিদিয়া৷ খং উঠাটো স্বাভাৱিক৷’ তেতিয়া পাছোৱানে কয় যে ‘খং নকৰিবা৷ এতিয়া বাজেটত একো লিখিব পৰা নাযাব৷ গতিকে তোমালোকে এটা কাম কৰা৷ এখন কাগজত তোমালোকৰ দাবীৰ কথা লিখি দিয়া৷ মই বাজেটত পঢ়ি দিম৷ সংসদত সেয়া লিপিবদ্ধ হ’ব৷ পাছত বাকীখিনি যাৱতীয় কাম আগবঢ়াই নিয়া হ’ব৷’
তেতিয়া সাংসদ কেশৱ মহন্তৰ বেগৰ পৰা এখন কাগজ উলিয়াই দিয়াত সাংসদ বৈশ্যই কাগজখন ড০ অৰুণ শর্মাৰ ফালে আগবঢ়াই দিয়ে৷ তেওঁ বগীবিল দলঙৰ কথা লিখি দিয়াত সেইখন বৈশ্যই মন্ত্রী পাছোৱানৰ ফালে আগুৱাই দিয়ে৷ তেওঁ সেইখন লৈ তাৰ পৰা আঁতৰি যায়৷ পাছত বাজেট পঢ়ি থকাৰ মাজতে বগীবিল দলঙৰ কথাও পাছোৱানে ঘোষণা কৰে৷ এই ঘোষণাৰ পাছত সংসদ ভৱনৰ বাহিৰলৈ ওলাইহে মন্ত্রীজনে গম পালে পূর্ব-পৰিকল্পিতভাৱে অসমৰ সাংসদকেইজনে কোৱা ‘সৰু পুল’ৰ প্রকৃত ৰহস্য৷
কিন্তু ঘোষণা কৰিলেও পাছতহে প্রকৃত সমস্যাৰ আৰম্ভ হয়৷ দুহেজাৰ কোটিটকীয়া এখন দলং নির্মাণ কৰাটো তেতিয়াৰ চৰকাৰৰ বাবে বৰ সহজ কথা নাছিল৷ বাজেটতো দলঙৰ নামত কোনো পুঁজি ধার্য কৰা নাছিল৷ ফলত ৰে’ল মন্ত্র্যালয় মনে মনে বহি থাকিল কিছুদিন৷ কিন্তু অসমৰ সাংসদকেইজন বহি নাথাকিল৷ তেওঁলোকে ৰে’ল মন্ত্র্যালয়ৰ সৈতে সঘন যোগাযোগ কৰি থাকিল৷ ফলত বাধ্য হৈ প্রধানমন্ত্রী দেৱেগৌড়াই বগীবিল দলঙৰ প্রকল্পক প্রথমবাৰৰ বাবে ঘোষণা কৰা ‘পি এম পেকেজ’ত অন্তর্ভুক্ত কৰা হ’ল৷ ইয়াৰ ভিত্তিতে ১৯৯৭ চনৰ ২২ জানুৱাৰীত ধেমাজিৰ কলাজলত বহু আকাংক্ষিত দলংখনৰ আধাৰশিলা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ প্রধানমন্ত্রী দেৱেগৌড়াই আধাৰশিলা স্থাপন কৰে বগীবিল দলংখনৰ৷ অনুষ্ঠানত ৰে’লমন্ত্রী পাছোৱানৰ উপৰি অসমৰ মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, কেন্দ্রীয় মন্ত্রী বীৰেন্দ্র প্রসাদ বৈশ্য, সাংসদ অৰুণ শর্মা, ধেমাজিৰ বিধায়ক দিলীপ শইকীয়া সোণোৱাল, জোনাইৰ বিধায়ক প্রদান বৰুৱা আদি উপস্থিত আছিল৷ আগদিনাৰ পৰা ধাৰাসাৰ বৰষুণ সত্ত্বেও আধাৰশিলাৰ দিনা দীর্ঘদিনীয়া আশা পূৰণৰ হেঁপাহত অনুষ্ঠানত হাজাৰ হাজাৰ লোক উপস্থিত থাকে৷
ইফালে সম্প্রতি দলংখনৰ নামকৰণক লৈ ৰাজনীতি আৰম্ভ হোৱাৰ পাছত প্রাক্তন কেন্দ্রীয় মন্ত্রী বীৰেন্দ্র প্রসাদ বৈশ্যৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে জনসাধাৰণৰ দীর্ঘদিনীয়া আশা পূৰণ হোৱাত খুব আনন্দিত হৈছে যদিও নামকৰণক লৈ হোৱা বিতর্কত দুখ প্রকাশ কৰে৷ তেওঁৰ লগতে সহযোগী অন্য সাংসদসকলৰ মত প্রকাশ কৰি তেওঁ কয় যে অসমৰ বিভিন্ন বৰেণ্য ব্যক্তি আৰু মহান মনীষী আছে৷ তেওঁলোকৰ ভিতৰত যাৰ নামতে নহওক নামকৰণ হোৱাত তেওঁলোকৰ কোনো আপত্তি নাই৷ নামকৰণক লৈ ৰাজনীতি কৰা উচিত নহয় বুলিও কয়৷