Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:11 am

Home » মনোৰঞ্জন » প্রভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাত অসমৰ ৰীমা দাস

প্রভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাত অসমৰ ৰীমা দাস


গুৱাহাটী : ভাৰতৰ পৰা ২০১৯ চনৰ অস্কাৰ মনোনয়ন লাভ কৰি অসমীয়া ছবিক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ সক্ষম হোৱা ছবি পৰিচালক, নির্মাতা ৰীমা দাসৰ জৰিয়তে ৰাজ্যলৈ আন এক আন্তঃৰাষ্ট্রীয় সন্মান আহিছে৷ মার্কিন যুক্তৰাষ্ট্রৰ পৰা প্রকাশিত আন্তঃৰাষ্ট্রীয় আলোচনী জি কিউ ইণ্ডিয়াই প্রকাশ কৰা চলিত বছৰৰ শ্রেষ্ঠ ৫০জন প্রভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাত অসমৰ ৰীমা দাস অন্তৰ্ভুক্ত হৈছে৷ উল্লেখযোগ্য যে, এই তালিকাত বিভিন্ন ক্ষেত্রত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা ৪০ বছৰ বয়সৰ ভিতৰৰ লোকক অন্তর্ভুক্ত কৰা হয়৷ শেহতীয়াকৈ প্রকাশিত তালিকাখনত ৰীমা দাসক ছবি নির্মাতা হিচাপে পৰিচিত কৰাই দিয়া হৈছে৷ তেওঁ আন্তঃৰাষ্ট্রীয় ছবি জগতত শক্তিশালী প্রৱেশৰ পূর্বে মুম্বাইত সংগ্রাম কৰিবলগীয়া হোৱাৰ কথাও প্রকাশ কৰে৷ অকলেই ছবিৰ কাহিনী, চিত্রনাট্য প্রস্তুত কৰি চিত্রগ্রহণ আৰু পৰিচালনাও কৰি অহা ৰীমাক আলোচনীখনে ‘ৱান অ’মেন আর্মি’ আখ্যাও দিয়ে৷
উল্লেখযোগ্য যে, প্রায় অকলশৰীয়াকৈ নির্মাণ কৰা আৰু অস্কাৰ মনোনয়ন লাভ কৰা ‘ভিলেজ ৰকষ্টাৰ্ছ’-এ এইপর্যন্ত ৪টাকৈ ৰাষ্ট্রীয় বঁটাসহ বিশ্বৰ বিভিন্ন চলচ্চিত্র মহোত্সৱত ৪৪টা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ পাছত নির্মাণ কৰা ‘বুলবুল কেন ছিং’ ছবিখনেও এইবছৰৰ মুম্বাই চলচ্চিত্র মহোত্সৱত ‘গ’ল্ডেন গেটৱে’ বঁটা জয় কৰিবলৈ সক্ষম হৈছে৷
উল্লেখযোগ্য যে, ভাৰতৰ শ্রেষ্ঠ ৫০জন প্রভাৱশালী যুৱ ভাৰতীয় ২০১৮ৰ তালিকাত ৰীমা দাসৰ উপৰি দেশৰ টেবুল টেনিছ খেলুৱৈ মণিকা বাট্রা, অভিনেতা আয়ুষ্মান খুৰানা, সাংবাদিক সন্ধ্যা মেনন, কাবালী আৰু কালা আদি বলিউডৰ সফল ছবিৰ পৰিচালক পা. ৰঞ্জিত, দক্ষিণৰ জনপ্রিয় অভিনেত্রী পার্বতী তিৰুৱথু, ফেশ্বন ডিজাইনাৰ অমিত আগৰৱালা, বলিউড আৰু টলিউডৰ জনপ্রিয় অভিনেত্রী নয়নতৰা, ৰিলায়েন্স জিঅ’ ইনফ’কমৰ ছীফ ষ্ট্রেটেজি অফিচাৰ আকাশ আম্বানী, বলিউডৰ জনপ্রিয় অভিনেতা বৰুণ ধাৱান, ফট’গ্রাফাৰ বিক্রমজিত্‍ বসু, বলিউড আৰু টলিউডৰ জনপ্রিয় অভিনেত্রী তাপসী পান্নু, ভাৰতীয় ক্রিকেট দলৰ বিৰাট কোহলী, চিয়েট কোম্পানীৰ পৰিচালন সঞ্চালক অনন্ত গোৱেংকা, জনপ্রিয় অভিনেত্রী আলিয়া ভাটৰ উপৰি বহুকেইজন বিশিষ্ট ব্যৱসায়ী আছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি