লিডু : অৰুণাচল প্ৰদেশৰ লংডিং জিলাত উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা অভিযানত শনিবাৰে এন এছ চি এনৰ ইচাক মুইভা গোটৰ লগত সংঘর্ষত ভাৰতীয় সেনাৰ লেন্স নায়ক শ্বহীদ হোৱাত সেনা আৰু আৰক্ষীৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে যোৱা কেইদিনমানৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত ভাৰতীয় সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই এন এছ চি এনৰ ইচাক মুইভা গোটৰ কেপ্টেইন এজনক গুলিয়াই হত্যা কৰাৰ পাছত ইতিমধ্যে নগা উগ্ৰপন্থীওঁ সেনাৰ বিৰুদ্ধে প্ৰত্যাহ্বান মুখী হোৱাৰ পৰিলক্ষিত হয়। অৰুণাচল লংডিং জিলাৰ ৱানু গাৱঁৰ সমীপৰ ঘন বনাঞ্চলত অত্যাধুনি অস্ত্ৰ শস্ত্ৰসহ ভাৰতীয় সেনাই এন এছ চি এনৰ বিৰুদ্ধে গোপন সূত্ৰে শনিবাৰে ৰাতিপুৱাৰ পৰা অভিযান চলাই। অভিযানত নগা উগ্ৰপন্থীৰ লগত সেনাৰ তুমুল সংঘৰ্ষ সৃষ্টি হয়। দুয়ো পক্ষৰ মাজত বহু সময় ধৰি প্ৰচণ্ড গুলিয়াগুলি হোৱাত ভাৰতীয় সেনাৰ লেন্স নায়ক সুখচেন সিং থিতাতে নিহত হোৱাৰ উপৰিও সেনাৰ আন তিনিজন জোৱান আহত হয়। আহত হোৱা তিনিজন জোৱান ক্ৰমে লেঞ্চনায়ক হৰদীপ সিং, যশবীৰ সিং, আৰু যশিন্দৰ সিং বুলি জানিব পৰা গৈছে। আহত হোৱা সেনাৰ তিনিজন জোৱানক লগে লগে দিনজানৰ সেনাৰ হাস্পাতালত ভৰ্তি কৰাই। আনহাতে আহত হোৱা জোৱান যশবীৰ সিঙৰ অৱস্থা বেছি সংকটজনক হোৱাত আই চি ইউ ৰুমত চিকিৎসা কৰা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত অৰুণাচলৰ লংডিং জিলাৰ কেইবাখনো গাঁৱত নগা উগ্ৰপন্থীৰ বিৰুদ্ধে বৰ্তমানেও ভাৰতীয় সেনা ১৯ নং শিখ ৰেজিমেন্টৰ বৃহৎ এটা দলে অভিযান তীব্রতৰ কৰি ৰাখিছে। পৰৱৰ্তী সময়ত সেনা আৰু নগা উগ্ৰন্থীৰ মাজত পুনৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি৷ ইফালে “দুই মহৰ যুদ্ধত বিৰিণাৰ মৰনৰ” দৰে সমগ্ৰ এলেকাটোতে এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে ৷