বৰপেটা : বিগত কিছুদিন ধৰি একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা এটি বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ভৱানীপুৰত। ভৱানীপুৰ বিধান সভা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আবুল কালাম আজাদৰ বিৰুদ্ধে একৰাকী মহিলাক ধৰ্ষন কৰাৰ অভিযোগ উত্থাপন কৰি ভৱানীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। মহিলা গৰাকীৰ মতে ভৱানীপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে প্ৰায় এবছৰ আগতে মহিলাগৰাকীক ধৰ্ষন কৰিছিল। উল্লেখ্য যে মহিলাগৰাকীৰ তৃতীয় স্বামী ময়নুল হক আৰু মহিলাগৰাকীয়ে একাংশ কংগ্ৰেছী নেতাক লগত লৈ বিধায়ক গৰাকীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্র চলাইছে। যাৰ ফলত একাংশ কংগ্ৰেছী নেতাক লগতলৈ মহিলাগৰাকীয়ে যোৱা ২৭ নৱেম্বৰত ভৱানীপুৰ আৰক্ষী চকীত ধৰ্ষণৰ গোচৰ তৰিছে। এই সংক্ৰান্তত বিধায়ক আবুল কালাম আজাদে শনিবাৰে দিনৰ ২ বজাত শুকমানাহ বজাৰত এক সংবাদ মেলৰ আয়োজন কৰে। উক্ত সংবাদ মেলত বিধায়ক গৰাকীয়ে কয় যে উক্ত গোচৰ সম্পূৰ্ণ মিছা আৰু ৰাজনৈতিক ষড়যন্ত্ৰ। মহিলা গৰাকীয়ে তেওঁৰ কণ কণ তিনিজনী কন্যা সন্তানক দ্বিতীয় স্বামীৰ ওচৰত থৈ আহি তৃতীয় স্বামী ময়নুল হকৰ লগত বিয়া হোৱাটো বেয়া কাম বুলি কোৱাৰ বাবেই মহিলা গৰাকীয়ে ধৰ্ষনৰ গোচৰ দিয়ে। আনকি বিধায়ক কালামক সমষ্টিবাসী হিন্দু -মুছলিম সকলো ৰাইজে ভাল পায় সেয়ে ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা আঁতৰত ৰখাৰ বাবে এনে অপকৌশল ৰচনা কৰাৰ কথা উল্লেখ কৰি এনে অপকৌশল সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰে বিধায়ক আবুল কালাম আজাদে । এয়া এক উদ্দেশ্য প্ৰণোদিত ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰি উক্ত মহিলা গৰাকীৰ প্ৰৰোচনামূলক অপকৌশলত ভুল নাযাবলৈ ৰাইজক সাবাদ মেলযোগে আহ্বান জনায় বিধায়ক কালামে।