তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জাগুনৰ এটা সমৰ কলা (কাৰাটে) খেলুৱৈৰ দলে ৬টা স্বৰ্ণ পদকেৰে অঞ্চলটোলৈ সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,নৱেম্বৰ মাহৰ ২৯ আৰু ৩০ তাৰিখে নতুন দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফুল কন্টেক্ট নেশ্যনেল কায় কুচিন কানকাই কাৰাটে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল জাগুনৰ ২৬জনীয়া কাৰাটে খেলুৱৈৰ দলটোৱে। দলটোৱে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰি ৬টা স্বৰ্ণ পদক, ৮টা ৰূপৰ পদক আৰু ১০টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
২৪টা পদক লাভ কৰি জাগুন তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা এই ২৬জনীয়া কাৰাটে দলটো জাগুনত উপস্থিত হোৱা মাত্ৰকেই সদৌ অসম টাংছা ছাত্ৰ সন্থাই একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আদৰণি জনায়। আনহাতে, পৰৱৰ্তী সময়ত দলটোৱে আন্তঃৰষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ লগতে আগন্তুক বৰ্ষত দলটোৰ কেইবাগৰাকী খেলুৱৈয়ে চীন দেশত অনুষ্ঠিত হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে কঁকালত টঙালি বান্ধিছে বুলি দলটোৰ প্ৰশিক্ষক বিক্ৰম দাঙে জানিবলৈ দিয়ে।