দধিয়া : মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রতিশ্রুতিয়েও দধিয়াবাসীক ভোট বর্জনৰ সিদ্ধান্তৰ পৰা আঁতৰাব নোৱাৰিলে৷ আজি বহু বাক- বিতণ্ডাৰ পাছত দধিয়াবাসীয়ে ভোটদান কৰাৰ পৰা বিৰত থাকে৷ যোৱা ৩ ডিচেম্বৰৰ দিনা ডিব্রুগড়স্থিত নিজা বাসগৃহত মিচিং ছাত্র সন্থাৰ লগত হোৱা এক বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে বাৰিষাৰ পূর্বে লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন দিয়াৰ প্রতিশ্রুতি প্রদান কৰিছিল৷
মুখ্যমন্ত্রীগৰাকীৰ এই প্রতিশ্রুতিৰ পাছতে কালি দধিয়াৰ চাৰিসুঁতি গাঁৱত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ উক্ত সভাখনতো তুমুল বাক-বিতণ্ডাৰ মাজত একাংশই মুখ্যমন্ত্রীগৰাকীৰ প্রতিশ্রুতিৰ প্রতি সন্মান প্রদর্শন কৰিছিল যদিও একাংশই চৰকাৰী প্রতিশ্রুতি সদায় প্রতিশ্রুতি হৈয়েই থাকে বুলিহে মন্তব্য কৰিছিল৷
পূর্বে বনমন্ত্রী প্রমিলাৰাণী ব্রহ্মই লিখিতভাৱে পুনৰ সংস্থাপন দিব বুলি প্রতিশ্রুতি প্রদান কৰিছিল৷ কিন্তু যি নির্দিষ্ট সময় বান্ধি দিছিল সেই সময় উকলি যোৱাৰ পাছতো পুনৰ সংস্থাপন দিব নোৱাৰিলে৷ সেয়ে এনে প্রতিশ্রুতি, আশ্বাসৰ প্রতি বিশ্বাস নোহোৱা হৈছে বুলি উল্লেখ কৰে৷ ইয়াৰ পাছতে যদিও মিচিং ছাত্র সন্থা আৰু লাইকা দধিয়া পুনৰ সংস্থাপন দাবী সমিতিয়ে ভোট বর্জনৰ সিদ্ধান্ত শিথিল কৰি ৰাইজৰ ওপৰত এৰি দিছিল৷
কিন্তু আজি চাৰিসুঁতি প্রাথমিক বিদ্যালয়ত বিন্ধাকটা পঞ্চায়তৰ ৭ আৰু ৮ নং ৱার্ডৰ ভোট গ্রহণৰ বাবে নির্বাচনী বিষয়াসকল গৈ ভোটগ্রহণ কেন্দ্রত সাজু হৈ আছিল৷ গাঁৱৰ কিছু সংখ্যক ভোটাৰ ওলাই আহিছিল যদিও একাংশ লোক ওলাই আহি ভোটদান কৰাত বাধা দিয়ে৷ অৱশ্যে কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই৷ অৱশেষত বহু বিতর্কৰ পাছত সকলোৱে ভোট বর্জন কৰাৰ সিদ্ধান্তত অটল হৈ থাকে আৰু কোনেও ভোটদান নকৰে৷
দুয়োটা ৱার্ডতে প্রায ২৩শ ভোটাৰ আছিল৷ মিচিং ছাত্র সন্থা আৰু লাইকা দধিয়া পুনৰ সংস্থাপন দাবী সমিতিয়ে আজিও ৰাইজৰ লগত এক আলোচনাত মিলিত হয় আৰু ৰাইজৰ সিদ্ধান্তই তেওঁলোকৰ সিদ্ধান্ত বুলি উল্লেখ কৰে৷ এতিয়া কথা হ’ল মুখ্যমন্ত্রীগৰাকীয়ে বাৰিষাৰ পূর্বে পুনৰ সংস্থাপনৰ যি প্রতিশ্রুতি প্রদান কৰিছিল সেই প্রতিশ্রুতিৰ প্রতি ৰাইজ আশ্বস্ত নহ’ল৷ আৰু পূর্বে লোৱা সিদ্ধান্ততে অটল থাকিল৷ ৰাইজৰ ভোট বর্জনৰ পাছত পুনৰ সংস্থাপনৰ বিষয়টোৱে কি মাত্রা পায় সেয়া সময়তহে জানিব পৰা যাব৷