Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:46 pm

Home » আঞ্চলিক » আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে মানসিকভাৱে অসুস্থ যুৱকক

আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে মানসিকভাৱে অসুস্থ যুৱকক


গোলাঘাট : গোলাঘাট জিলাৰ খুমটাই সমষ্টিত পঞ্চায়ত নির্বাচনৰ ভোটগ্রহণ চলি থকাৰ সময়তে সমষ্টিটোৰ হাবিয়াল গাঁৱত আৰক্ষীৰ দ্বাৰা সংঘটিত এক গুলীচালনা ঘটনাত এজন যুৱক নিহত হোৱা কার্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ নিহত যুৱকজন উক্ত গাঁৱৰে বাসিন্দা জ্ঞানেন্দ্র ৰাজখোৱা (৩৫)৷
ঘটনাস্থলীত লাভ কৰা তথ্য অনুসৰি, মানসিক ৰোগত আক্রান্ত উক্ত যুৱকজনে পুৱাৰ পৰা তেওঁৰ ঘৰৰ সমীপত থকা হাবিয়াল প্রাথমিক বিদ্যালয় ভোটকেন্দ্রলৈ অহা লোকসকলক খেদাকোৰা কৰি বাধা দিয়াৰ উপৰি কেইবাজনো লোকক হাতত থকা ৰডৰ টুকুৰাৰে আঘাত কৰি আঘাতপ্রাপ্ত কৰিছিল৷ যুৱকজনৰ উক্ত আচৰণত ত্রাসিত হৈ স্থানীয় ৰাইজে ভোটকেন্দ্রত থকা নিৰাপত্তাৰক্ষীক অৱগত কৰে৷
নিৰাপত্তাৰক্ষীয়ে বিষয়তো গোলাঘাট আৰক্ষীক অৱগত কৰে৷ ইয়াৰ কিছুসময়ৰ পাছতে গোলাঘাট থানাৰ উপ আৰক্ষী বিষয়া পার্থপ্রতিম শইকীয়াৰ নেতৃত্বত এটা আঠ দহজনীয়া আৰক্ষী দল ভোট গ্রহণ কেন্দ্রটোলৈ আহে আৰু তাৰ পৰা প্রায় এক কিল’মিটাৰ দূৰত্বত থকা জ্ঞানেন্দ্রৰ পদূলিত উপস্থিত হৈ তেওঁক ঘৰৰ পৰা ওলাই আহি আৰক্ষীৰ ওচৰত আত্মসমর্পণৰ বাবে হুমকি দি মাতে৷ আৰক্ষীৰ উক্ত কার্যত আতংকিত হৈ যুৱকজনে হাতত দুখন দা লৈ পদূলিলৈ ওলাই আহে যদিও মাৰণাস্ত্র লৈ অহা আৰক্ষী বাহিনীক দেখি দা জোকাৰিবলৈ ধৰে৷ তেনে সময়তে আৰক্ষীয়ে তেওঁলৈ লক্ষ্য কৰি কেইবাজাঁই গুলী ফুটায়৷
ফলত এটা গুলী যুৱকজনৰ গাত লাগি ঢলি পৰে৷ উক্ত ঘটনাৰ পাছত আৰক্ষীৰ দলটোৱে যুৱকজনক ততাতৈয়াকৈ গোলাঘাট অসামৰিক চিকিৎসালয়ত ভর্তি কৰে যদিও বিয়লি প্রায় দুই বজাত তেওঁৰ মৃত্যু হয়৷
উল্লেখযোগ্য যে নিহত যুৱকজন বি এছ এফৰ এজন প্রাক্তন সৈনিক আৰু এটি পুত্র সন্তানৰ পিতৃ৷ তেওঁৰ পিতৃ নগেন ৰাজখোৱা বৰবৰা মধ্য ইংৰাজী বিদ্যালয়ৰ এজন অৱসৰপ্রাপ্ত কৃতী শিক্ষক, এগৰাকী লেখক, অঞ্চলটোৰ এজন অগ্রণী ব্যক্তি তথা এজন ৰাষ্ট্রীয় পর্যায়ৰ ৰেফাৰী৷ আজি পুৱা প্রায় ১০.৩০ বজাত পিতৃৰ সন্মুখতে গোলাঘাট আৰক্ষীয়ে পুত্রক গুলীয়াই মাটিত পেলাই দিয়াৰ পিছত এতিয়া তেওঁ প্রশাসনযন্ত্র আৰু আৰক্ষীৰ প্রতিয়ে আস্থা হেৰুৱাই পেলাইছে৷ কনিষ্ঠ পুত্রৰ শোকত মর্মাহত নগেন ৰাজখোৱাই সাংবাদিকৰ সন্মুখত কৈ উঠিল ‘তাক মই পুলিচৰ ওচৰত আত্মসমর্পণৰ সলনি পলাবলৈ কোৱাই ভাল আছিল,অন্তত সি জীয়াই থাকিলহেঁতেন৷’
কাৰণ সাধাৰণ দৃষ্টিত এয়া আৰক্ষীয়ে জনসাধাৰণৰ নিৰাপত্তা আৰু আত্মৰক্ষাৰ খাতিৰত কৰা কর্তব্যজনিত গুলীচালনা ঘটনা যদিও এজন মানসিক ৰোগীক গ্রেপ্তাৰৰ পৰিৱর্তে গুলীচালনা কৰি সন্ত্রাসবাদীৰ দৰে ঘৰৰ পদূলিৰ পৰা চোঁচৰাই নিয়া কার্যই গোলাঘাট আৰক্ষীৰ অমানৱীয়, বর্বৰ ৰূপ উদঙাই দিয়াৰ লগতে মানৱ অধিকাৰ উলংঘন কৰিলে বুলি সকলোৱে একেমুখে ধিক্কাৰ দিছে৷ মনকৰিবলগীয়া যে গোলাঘাট আৰক্ষীয়ে এই সমগ্র ঘটনাক নির্বাচনী প্রক্রিয়াত বাধা প্রদান আৰু ভোটাৰ ৰাইজক সুৰক্ষা দিয়াৰ বাবে সংঘটিত কৰা বুলি জানিবলৈ দিছে৷
কিন্তু তাৎপর্যপূর্ণভাৱে হাবিয়াল গাঁও প্রাথমিক বিদ্যালয় ভোটকেন্দ্রৰ পৰা এক কিল’মিটাৰ দূৰত্বতহে উক্ত ঘটনা হৈছিল৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক মানবেন্দ্র দেৱৰয়ে দিয়া ভাষ্য অনুসৰি নিহত যুৱকজনে আজি নির্বাচনী প্রক্রিয়াত বাধা দিছিল আৰু তিনিজন লোক তেওঁৰ আক্রমণত গুৰুতৰভাৱে আহত হৈছিল৷ কিন্তু উক্ত ঘটনাস্থলীত তথ্য সংগ্রহৰ বাবে যাওঁতে এই সংবাদদাতাই স্থানীয় ৰাইজৰ ভাষ্য গ্রহণ কৰোঁতে যুৱকজনৰ আক্রমণত কোনো ব্যক্তি চিকিৎসাধীন হোৱাৰ তথ্য পোৱা নাছিল৷
ইফালে আৰক্ষীয়ে প্রথমে শূন্যলৈ গুলীচালনা কৰি পিছত যুৱকজনৰ তপিনাত গুলীয়াই আঘাত কৰা বুলি উল্লেখ কৰিছে যদিও যুৱকজনৰ মৃতু্যৰ লগে লগে আৰক্ষীৰ সেই ভাষ্যও যে সম্পূর্ণ মিছা সেই কথা স্পষ্ট হৈ পৰিছে৷ জানিব পৰা মতে, উক্ত ঘটনাত আৰক্ষীয়ে প্রায় পাঁচ জাঁই গুলী ব্যৱহাৰ কৰিছিল৷ তেনেদৰে আৰক্ষীয়ে ভুক্তভোগী ব্যক্তিৰ অভিযোগৰ ভিত্তিত যুৱকজনক ধৰিবলৈ গৈছিল বুলি মন্তব্য কৰিছে যদিও এতিয়ালৈকে তেওঁলোকৰ নাম অথবা কোনোধৰণৰ গোচৰ পঞ্জীয়নৰ তথ্য দিব পৰা নাই৷
এক কথাত গোলাঘাট আৰক্ষীয়ে আজি এজন নিৰীহ যুৱকক হত্যা কৰি যি বীৰত্ব প্রদর্শন কৰিলে সেয়া কোনো কাৰণতে গ্রহণযোগ্য নহয়৷ ইতিমধ্যে সমগ্র ঘটনাত গোলাঘাট আৰক্ষীৰ উক্ত ব্যাপক অনিয়ম ওলাই পৰাৰ পাছতে এতিয়া জিলা উপায়ুক্ত গৌৰৱ ব্রোথাই ঘটনাৰ দণ্ডাধীশ পর্যায়ৰ তদন্তৰ বাবে টিংকুমণি বৰাক দায়িত্ব প্রদান কৰিছে বুলি জানিব পৰা গৈছে৷
কোঁচ ৰাজবংশী যুৱ ছাত্র সন্মিলনীৰ প্রতিক্রিয়া: ইফালে হাবিয়াল গাঁৱৰ উক্ত ঘটনাত কোঁচ ৰাজবংশী যুৱ সন্মিলনৰ কেন্দ্রীয় সমিতিৰ সভাপতি কুমাৰ প্রণৱ নাৰায়ণে প্রতিক্রিয়া ব্যক্ত কৰি গোলাঘাট আৰক্ষীৰ বর্বৰোচিত কার্যৰ গৰিহণা দিছে আৰু ক্ষতিপূৰণ প্রদানৰ দাবী জনাইছে৷ একেদৰে কোঁচ ৰাজবংশী যুৱ ছাত্র সন্মিলনীৰ গোলাঘাট জিলাৰ সভাপতি পংকজ ৰাজখোৱাই এটা আৰক্ষীৰ দলে এজন ব্যক্তিক জীৱন্তে কিয় ধৰিব নোৱাৰিলে বুলি প্রশ্ন উত্থাপন কৰি ঘটনাৰ গৰিহণা দিছে আৰু দোষী আৰক্ষী বিষয়াক গ্রেপ্তাৰৰ দাবী জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি