Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:00 am

Home » আঞ্চলিক » বঙাইগাঁৱৰ গণবিন্নাত অগপৰ নেতাক হত্যা

বঙাইগাঁৱৰ গণবিন্নাত অগপৰ নেতাক হত্যা


বঙাইগাঁও : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তর্গত গণবিন্নাত সোমবাৰে নিশা প্রায় ১২ বজাত অগপৰ নেতা হাফিজ উদ্দিনক হত্যা কৰা ঘটনাই অঞ্চলব্যাপি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ঘটনাৰ বিৱৰণী মতে, গোৱালপাৰা-বাংলাপাৰা গাঁও পঞ্চায়তৰ অন্তর্গত গণবিন্নাৰ এখন পথাৰত কবি গান অনুষ্ঠিত হৈছিল আৰু হাফিজ উদ্দিনে গান শুনি থকাৰ মাজতে প্রস্রাৱ কৰিবলৈ বাহিৰলৈ যোৱাৰ সময়ত দুষ্কৃতিকাৰীয়ে হাফিজ উদ্দিন (৫০)ক মূৰত গুলীওৱাত থিতাতে নিহত হয়৷ জানিব পৰা মতে হাফিজ উদ্দিনৰ ঘৰ মাণিকপুৰ থানাৰ অন্তর্গত ৬নং জামদহাত৷ অগপৰ পৰা ভাণ্ডাৰা গাঁও পঞ্চায়তৰ জামদহাৰ ১০নং ৱার্ডৰ দহ বছৰ কাল (দুবাৰ) পঞ্চায়ত সদস্য আছিল যদিও সমাগত পঞ্চায়ত নির্বাচনত নিজৰ ভাতৃক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাইছে৷
প্রাক্তন বিধায়ক ভূপেন ৰায়ৰ অতিকৈ ঘনিষ্ঠ আছিল হাফিজ৷ নিহত হাফিজ উদ্দিনৰ ভাতৃ ইন্তাজ আলীয়ে অভিযোগ কৰা মতে দেলবৰ আলী মণ্ডল, মহিৰ উদ্দিন, ছাহজাহান আলী, মহৰ আলী, হাৰুন ৰচিদ আৰু আব্দুল মালেক নামৰ ব্যক্তিকেইজন এই হত্যাকাণ্ডৰ লগত জড়িত৷ আনকি এওঁলোকৰ লগত দীর্ঘদিন ধৰি ভূমি বিবাদ চলি থকাৰ লগতে তিনিদিনৰ আগতে হত্যা কৰাৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে৷
দেলবৰ আলীৰ লগত পূর্বে কাজিয়া থকাৰ বাবে দেলবৰে হত্যা কৰাৰ সন্দেহ কৰিছে৷ আনকি একাংশ লোকে উল্লেখ কৰা মতে হাফিজ উদ্দিনে যোৱা ১০ বছৰে ভাণ্ডাৰা গাঁও পঞ্চায়তৰ পৰা অগপৰ হৈ পঞ্চায়ত সদস্য হিচাপে নির্বাচিত হোৱাৰ লগতে সমাগত পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তখনত অগপৰ ভেটি শক্তিশালী হোৱাত ৰাজনৈতিক ষড়যন্ত্রৰ বলি হৈ হত্যা কৰাৰ সন্দেহ প্রকাশ কৰিছে যদিও আৰক্ষীয়ে সকলো নস্যাৎ কৰি ভূমি বিবাদৰ বাবে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে৷
বর্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্রেৰণ কৰা হৈছে৷ ঘটনাস্থলীত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক হূদয়জিৎ বর্মন, মহকুমা আৰক্ষী বিষয়া ৰুদ্র কলিতা উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷ এই পর্যন্ত দেলবৰ আলী মণ্ডল নামৰ এজন লোকক হত্যাৰ সন্দেহত গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ মতে হাফিজ উদ্দিনক চোকা অস্ত্রৰেহে আঘাত কৰি হত্যা কৰা হৈছে৷
অৱশ্যে গুলীয়াই নে চোকা অস্ত্রৰে হাফিজ উদ্দিনক হত্যা কৰা হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে৷ মহকুমা আৰক্ষী বিষয়া ৰুদ্র কলিতাই তিলপুখুৰী গাঁৱৰ পৰা দেলবৰ আলীক কৌশলেৰে আটক কৰাত একাংশ লোকে সন্তুষ্টি প্রকাশ কৰিছে৷ আনকি এই হত্যাকাণ্ডৰ লগত জড়িত সকলো ব্যক্তিক সোনকালে কৰায়ত্ত কৰা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আৰক্ষী অধীক্ষক হূদয়জিৎ বর্মনে৷
মৰিগাঁৱতো অগপৰ মহিলা প্রার্থীৰ স্বামীক দুর্বৃত্তৰ আক্রমণ: মৰিগাঁৱৰ: নিজা সংবাদদাতা: কাইলৈ প্রথম পর্যায়ত মৰিগাঁও জিলাতো অনুষ্ঠিত হ’ব লগীয়া পঞ্চায়ত নির্বাচনৰ আগদিনা আজি অগপৰ পঞ্চায়ত সভানেত্রী পদৰ এগৰাকী প্রার্থীৰ স্বামী অচিনাক্ত দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই জিলাখনত তীব্র চাঞ্চল্যৰ লগতে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
প্রাপ্ত তথ্য মতে জিলাখনৰ বৰঙাবাৰী পঞ্চায়তৰ অগপৰ সভানেত্রী পদৰ প্রার্থী নিলিমা বৰাৰ স্বামী ইন্দ্রেশ্বৰ বৰাই আজি নিচেই পুৱাতে ঘৰৰ সমীপৰ এটা মন্দিৰলৈ সেৱা কৰিবলৈ যোৱা অৱস্থাত এখন মটৰচাইকেলত অহা দুজন যুৱকে আক্রমণ কৰে৷ মুখত কাপোৰ মেৰিয়াই অহা দুয়োজন যুৱকৰ এজনে ইন্দ্রেশ্বৰ বৰাক মূৰত জোৰেৰে আঘাত কৰাত তেওঁ ঢলি পৰে আৰু সজ্ঞাহীন হৈ পৰে৷
ততাতৈয়াকৈ তেওঁক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ জি ডি নাছিংহোমলৈ প্রেৰণ কৰা হয়৷ এই ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ লগতে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ স্বামীক আক্রমণৰ ঘটনাৰ প্রতিক্রিয়া প্রকাশ কৰি অগপৰ প্রার্থী নিলিমা বৰাই কয় যে তেওঁৰ জয় নিশ্চিত দেখি বিৰোধী শংকিত হৈ তেওঁৰ নির্বাচনী বেনাৰ-প’ষ্টাৰ ফালি নির্বাচনী প্রচাৰত বিভিন্ন ধৰণে বাধা প্রদান কৰিও তেওঁৰ জয় ৰোধ কৰিবলৈ সক্ষম নহয় বুলি শংকা কৰিয়েই তেওঁৰ স্বামীক এনেদৰে আক্রমণ কৰি তেওঁক নির্বাচনৰ পৰা আঁতৰাব বিচাৰিছে৷
বৰঙাবাৰী সমবায় সমিতিৰো সভাপতি ইন্দ্রেশ্বৰ বৰাৰ আক্রমণৰ ঘটনাক অগপৰ মৰিগাঁও জিলা সমিতিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুর্বৃত্তক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি