Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:34 am

Home » আঞ্চলিক » কাইলৈ বিশ্বনাথ সদৰ মহকুমাৰ ৪৪৪ টা কেন্দ্রত ভােটগ্রহণ : বেলট বাকচত বন্দী হ’ব ১১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

কাইলৈ বিশ্বনাথ সদৰ মহকুমাৰ ৪৪৪ টা কেন্দ্রত ভােটগ্রহণ : বেলট বাকচত বন্দী হ’ব ১১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য


বিশ্বনাথ চাৰিআলি : বিশ্বনাথ সদৰ মহকুমাৰ অধীনৰ ৫ খন আঞ্চলিক পঞ্চায়ত, ৯ টা জিলা পৰিষদ সমষ্টি আৰু ৪২ খন গাঁও পঞ্চায়তৰ বাবে কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভােট গ্রহণ কৰা হ’ব। এইবাৰ মহকুমাটোৰ ২৯০১৩০ গৰাকী ভােটদাতাই মুঠ ১১৮৩ গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব। ইয়াৰে ২৯ গৰাকী জিলা পৰিষদৰ সদস্য, ১০৭ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, ১০৯ গৰাকী গাঁও পঞ্চায়তৰ সভাপতি আৰু ৯৩৮ গৰাকী গাঁও পঞ্চায়তৰ সদস্য। উল্লেখযােগ্য যে মহকুমাটোৰ ৫১৩ টা বিভিন্ন পর্যায়ৰ পঞ্চায়ত সমষ্টিৰ বাবে এইবাৰ ১২৩৪ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছিল হৈছিল যদিও তাৰে ৫১ গৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছিল। ভােটাৰসকলৰ ভিতৰত ১,৫০,৭৬১ গৰাকী পুৰুষ আৰু ১,৩৯,৩৬৯ গৰাকী মহিলা ভােটাৰ। পঞ্চায়তে প্রতি ভােটাৰৰ সংখ্যা এনেধৰণৰ নাগশংকৰ জিলা পৰিষদৰ অধীনৰ উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তত ভােটাৰৰ সংখ্যা হৈছে ১৩,৬৬২ গৰাকী। সেইদৰে পূব নাগশংকৰ গাঁও পঞ্চায়তত ৯৯৪৯ গৰাকী, দক্ষিণ নাগশংকৰত ৫৬৩৬ গৰাকী, ৩ নং চতিয়াত ৩৯৮৪ গৰাকী আৰু মধ্য নাগশংকৰত ৪৩২৪ গৰাকী ভােটাৰ আছে।।
চতিয়া জিলা পৰিষদৰ অধীনৰ ১ নং চতিয়া গাঁও পঞ্চায়তত ১০,১৮৭ গৰাকী, ২ নং চতিযাত ৬৮০৯ গৰাকী, ৪ নং চতিয়াত ৪৬৭৩ গৰাকী, ৫ নং চতিয়াত ৫২১১ গৰাকী আৰু ৬ নং চতিত ভােটাৰৰ সংখ্যা হৈছে ৩০৪৪ গৰাকী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি