বিশ্বনাথ চাৰিআলি : বিশ্বনাথ সদৰ মহকুমাত অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচন পৰিচালনাৰ বাবে নিযুক্তি দিয়া অসামৰিক আৰু সুৰক্ষা বিভাগৰ মাণ্ডলিক তথা ক্ষেত্ৰীয় বিষয়াসকলৰ এক যুটীয়া বৈঠক আজি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত হয়। বিশ্বনাথ মহকুমাৰ নিৰ্বাচনী পৰ্যবেক্ষকদ্বয় মানস নাথ আৰু আনন্দ কুমাৰ দাসৰ উপস্থিতিত আয়োজিত এই বৈঠকত মহকুমাটোৰ বিভিন্ন প্ৰান্তত নিৰ্বাচন পৰিচালনাৰ দায়িত্বপ্ৰাপ্ত অসামৰিক বিষয়াসকলক নিৰ্দিষ্ট এলেকাৰ দায়িত্বপ্ৰাপ্ত সুৰক্ষা বাহিনীৰ বিষয়াসকলৰ সৈতে পৰিচয় কৰাই দিয়া হয়। অনাগত দিনকেইটাত দুয়োটা বিভাগৰে মাণ্ডলিক আৰু ক্ষেত্ৰীয় বিষয়াসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনে সকলোকে পুনৰবাৰ সোঁৱৰাই দিয়ে। উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই সভাপতিত্ব কৰা এই বৈঠকত অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে দিগন্ত কুমাৰ বৈশ্য, প্ৰদীপ কুমাৰ সূত্ৰধৰ আৰু পাৰিজাত ভূঞাৰ লগতে নিৰ্বাচনী দায়িত্বত নিয়োজিত জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলেও ভাগ লয়। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচন পৰিচালনাৰ বাবে বিশ্বনাথ সদৰ মহকুমাক ৯ টা মণ্ডল আৰু ৪৫ টা খণ্ডত বিভক্ত কৰা হৈছে। সেইদৰে নিৰাপত্তা ব্যৱস্থাৰ তদাৰকীৰ বাবে মহকুমাটোক ৫ টা মণ্ডল আৰু ৩৩ টা খণ্ডত বিভক্ত কৰা হৈছে। অসামৰিক মাণ্ডলিক বিষয়াসকল হৈছে ৰবীন চন্দ্ৰ দাস (নাগশংকৰ জিলা পৰিষদ মণ্ডল), গগন তালুকদাৰ (চতিয়া), ভূবনেশ্বৰ পাঠক (পাভৈ), দ্বীপেন শৰ্মা (বৰপথাৰ), প্ৰদীপ সোণোৱাল (বিশ্বনাথ), এল কে বৰ্মন (মোনাবাৰী), অৱণী গগৈ (জিনজিয়া), হিমাংশু দাস (বৰগাং) আৰু অশোক দেৱ চৌধুৰী (নিজ বিহালী)। সেইদৰে মাণ্ডলিক আৰক্ষী বিষয়াসকল হৈছে মোজাফৰ হুছেইন (জামুগুৰি মণ্ডল), দ্বিজেন গগৈ (চতিয়া), জ্যোতিপ্ৰসাদ দাস আৰু কমল ফুকন (বিশ্বনাথ চাৰিআলি), প্ৰতুল ভূঞা (জিনজিয়া) আৰু অসীম কুমাৰ নাথ (বিহালী)।