বৰপেটা : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী থকাৰ মাজতে ৰাইজক চমক দেখুৱাবলৈ উঠি পৰি লাগিছে প্ৰাৰ্থীসকল। ইয়াৰ মাজতে আজি সৰুক্ষেত্রী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩৫ নং উত্তৰ বেতবাৰী গাওঁ পঞ্চায়তৰ এআইইউডিএফ দলৰ সভানেত্রী পদৰ প্ৰাৰ্থী আৰমিনা বেগমৰ হৈ অভিনৱ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ’ল। প্ৰায় দুই শতাধিক ই-ৰিক্সা লৈ প্ৰচাৰত নামিল এআইইউডিএফ কৰ্মীসকল। উক্ত নিৰ্বাচনী প্ৰচাৰত এআইইউডিএফৰ প্ৰাক্তন বিধায়ক আলী হুছেইনে অংশগ্ৰহণ কৰি প্ৰদূষনৰ প্ৰতি লক্ষ্য ৰাখি বাইক ৰেলীৰ পৰিবৰ্তে ৰাইজক প্ৰদূষন মুক্ত পৰিবেশ সৃষ্টিৰ সজাগতাৰ উদ্দেশ্য নিৰ্বাচনী প্ৰচাৰত ই-ৰিক্সা ব্যৱহাৰ কৰা হয় বুলি মন্তব্য আগবঢ়ায়।