Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:18 am

Home » আঞ্চলিক » কাইলৈ ১৬ খন জিলাত পুৱাৰে পৰা ভোটগ্রহণ

কাইলৈ ১৬ খন জিলাত পুৱাৰে পৰা ভোটগ্রহণ


গুৱাহাটী : আক্রমণ-প্রতিআক্রমণ আৰু প্রতিপক্ষক চোকা সমালোচনাৰে ৰাজনৈতিক দলসমূহে প্রথম পর্যায়ৰ পঞ্চায়ত নির্বাচনৰ বাবে চলাই থকা নির্বাচনী প্রচাৰ কালি বিয়লি ৩ বজাত অন্ত পৰিছে৷
৫ ডিচেম্বৰত ৰাজ্যৰ ১৬খন জিলাত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোট গ্রহণ হ’ব৷ পঞ্চায়ত নির্বাচনত শাসক দল বিজেপি, বিৰোধী কংগ্রেছ, এ আই ইউ ডি এফৰ লগতে চৰকাৰৰ অংশীদাৰ দল অগপয়ো নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতাত নামিছে৷ শাসক বিজেপি আৰু বিৰোধী এ আই ইউ ডি এফে হেলিকপ্টাৰ ব্যৱহাৰ কৰি ব্যয়বহুল প্রচাৰেৰে চমক সৃষ্টি কৰিছে৷
প্রথম পর্যায়ৰ নির্বাচনৰ আজি অন্তিম প্রচাৰৰ দিনটোত ৰাজনৈতিক দলকেইটাই বিভিন্ন স্থানত উলিওৱা সমাৱেশ, নির্বাচনী সভাৰ জৰিয়তে অহা ৫ ডিচেম্বৰৰ নির্বাচনী যুঁজৰ বাবে বজাইছে ৰণদুন্দুভি৷ বিভিন্ন জিলাৰ পৰা নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কর্মীসকলে কাইলৈ পুৱাৰ পৰা ভোট কেন্দ্রসমূহলৈ যাত্রা কৰিব৷ উল্লেখযোগ্য যে এইবাৰৰ পঞ্চায়ত নির্বাচনৰ প্রচাৰ ব্যয়বহুল হোৱা পৰিলক্ষিত হৈছে৷
এইবাৰ প্রার্থীৰ নির্বাচনী ব্যয় বৃদ্ধি কৰিছে ৰাজ্যিক নির্বাচন আয়োগে৷ এজন জিলা পৰিষদ প্রার্থীয়ে সর্বাধিক ৬.৪০ লাখ টকা, আঞ্চলিক পঞ্চায়ত সদস্য আৰু গাঁও পঞ্চায়ত সভাপতিয়ে সর্বাধিক ১.৬০ লাখ টকা আৰু গাঁও পঞ্চায়ত সদস্যই ১৬ হাজাৰ টকা ব্যয় কৰাৰ বাবে নির্বাচন অয়োগে নিৰিখ বান্ধি দিছে৷ আজি নির্বাচনী প্রচাৰৰ সময় অন্ত পৰিছে যদিও আজি নিশাৰে পৰা পৰহিলৈ পুৱা পর্যন্ত চলিব নিশাৰ খেল৷
প্রচাৰ, নিশাৰ খেলৰ অন্তত কৰা ভাগ্য উদয় হ’ব সেই কথা নির্ধাৰণ হ’ব ১২ ডিচেম্বৰত হ’বলগীয়া ভোট গণনাত৷ প্রথম পর্যায়ত গাঁও পঞ্চায়ত সদস্যৰ পৰা আৰম্ভ কৰি জিলা পৰিষদ সদস্যলৈ মুঠ ১৫,৮৯৯টা পদত ৪৩,৫১৫গৰাকী প্রার্থীয় প্রতিদ্বন্দ্বিতাত নামিছে৷
ইয়াৰ ভিতৰত জিলা পৰিষদৰ ২৫১টা পদত ৭৯৬গৰাকীয়ে, আঞ্চলিক পঞ্চায়ত সদস্যৰ ১৩০৪টা পদত ৩৭৯৯গৰাকীয়ে, গাঁও পঞ্চায়ত সভাপতিৰ ১৩০৪টা পদত ৩৭৯৯গৰাকীয়ে আৰু গাঁও পঞ্চায়ত সদস্যৰ ১৩০৪০টা পদত ৩৪,৭৬৫গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত নামিছে৷
ৰাজ্যিক নির্বাচন আয়ুক্ত হৰেন্দ্র নাথ বৰাই জানিবলৈ দিয়ে যে এইবাৰ প্রার্থীৰ সংখ্যা পূর্বৰ তুলনাত কম৷ সংশোধিত পঞ্চায়তী আইনৰ আধাৰত নতুন নিয়ম-নীতিয়ে পঞ্চায়ত নির্বাচন পাতবিলৈ লোৱাত প্রার্থীৰ সংখ্যা পূর্বৰ তুলনাত হ্রাস পাইছে৷ তেওঁ আৰু কয় যে সংবাদ মাধ্যমত নির্বাচনী আচৰণ বিধি ভংগৰ দুই-এটা অভিযোগ দেখিছে যদিও কোনোধৰণৰ অভিযোগ পোৱা নাই৷ ৰাজ্যিক নির্বাচন আয়ুক্তই কয় যে নির্বাচন সুচাৰুৰূপ পালনৰ বাবে নিয়োজিত পর্যবেক্ষকসকলে সমগ্র নির্বাচন প্রক্রিয়াটোৰ ওপৰত চোকা নজৰ ৰাখিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি