কাইলৈ ১৬ খন জিলাত পুৱাৰে পৰা ভোটগ্রহণ
গুৱাহাটী : আক্রমণ-প্রতিআক্রমণ আৰু প্রতিপক্ষক চোকা সমালোচনাৰে ৰাজনৈতিক দলসমূহে প্রথম পর্যায়ৰ পঞ্চায়ত নির্বাচনৰ বাবে চলাই থকা নির্বাচনী প্রচাৰ কালি বিয়লি ৩ বজাত অন্ত পৰিছে৷ ৫ ডিচেম্বৰত ৰাজ্যৰ ১৬খন জিলাত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোট গ্রহণ হ’ব৷ পঞ্চায়ত নির্বাচনত শাসক দল বিজেপি, বিৰোধী কংগ্রেছ, এ আই ইউ ডি এফৰ লগতে চৰকাৰৰ অংশীদাৰ দল অগপয়ো নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতাত নামিছে৷ শাসক বিজেপি আৰু বিৰোধী এ আই ইউ ডি এফে হেলিকপ্টাৰ ব্যৱহাৰ কৰি ব্যয়বহুল প্রচাৰেৰে চমক সৃষ্টি কৰিছে৷ প্রথম পর্যায়ৰ নির্বাচনৰ আজি অন্তিম প্রচাৰৰ দিনটোত ৰাজনৈতিক দলকেইটাই বিভিন্ন স্থানত উলিওৱা সমাৱেশ, নির্বাচনী সভাৰ জৰিয়তে অহা ৫ ডিচেম্বৰৰ নির্বাচনী যুঁজৰ বাবে বজাইছে ৰণদুন্দুভি৷ বিভিন্ন জিলাৰ পৰা নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কর্মীসকলে কাইলৈ পুৱাৰ পৰা