Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 12:54 pm

Home » বিবিধ » কৃষি » ধান ক্রয়ৰ নামত অসমৰ কৃষকক এফ চি আইৰ বঞ্চনা

ধান ক্রয়ৰ নামত অসমৰ কৃষকক এফ চি আইৰ বঞ্চনা


গুৱাহাটী : গাঁঠিৰ ধন ব্যয় কৰি, বেংকৰ ঋণ লৈ খেতি কৰিও ধানৰ ন্যায্য মূল্য নাপায় অসমৰ কৃষকে৷ কৃষকক ধানৰ ন্যায্য মূল্য দিবৰ বাবে কৃষি বিপণন পৰিষদ আৰু ভাৰতীয় খাদ্য নিগমক ধান ক্রয় পশ্চিম কার্বি আংলঙত ভয়াৱহ পথ দুর্ঘটনা কৰিবলৈ বাধ্য কৰায়ো চৰকাৰ সফল হোৱা নাই৷ কালিৰ পৰা ভাৰতীয় খাদ্য নিগমে ধান ক্রয় কৰিবলৈ আৰম্ভ কৰিছে৷
এক ডিচেম্বৰৰ পৰা কার্যকৰী হোৱাকৈ ভাৰতীয় খাদ্য নিগমে ৰাজ্যখনত ৩২টা ধান ক্রয় কেন্দ্র স্থাপন কৰিছে৷ উক্ত কেন্দ্রৰ জৰিয়তে ৩১ মে’লৈ ধান ক্রয় কৰিব৷ কিন্তু প্রশ্ন হ’ল, খাদ্য নিগমে স্থাপন কৰা ক্রয় কেন্দ্রসমূহত ধান বিক্রী কৰি কৃষক উপকৃত হ’বনে? উল্লেখযোগ্য যে খাদ্য নিগমে অধিকসংখ্যক জিলাত মাত্র এটাকৈ ক্রয় কেন্দ্র স্থাপন কৰিছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি হোজাই, কার্বি আংলং, দৰং, ওদালগুৰি, নলবাৰী, কামৰূপ মহানগৰ, শিৱসাগৰ, লখিমপুৰ, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, ডিব্রুগড়, তিনিচুকীয়া, গোৱালপাৰা, বঙাইগাঁও আৰু কোকৰাঝাৰত এটাকৈ ধান ক্রয় কেন্দ্র স্থাপন কৰিছে৷
অর্থাৎ ১৬খন জিলাত মাত্র এটাকৈ কেন্দ্র স্থাপন কৰিছে৷ বিপৰীতে ৫খন জিলা ক্রমে মৰিগাঁও, শোণিতপুৰ, গোলাঘাট, ধেমাজি আৰু ধুবুৰীতহে দুটাকৈ ধান ক্রয় কেন্দ্র স্থাপন কৰে৷ অৱশ্যে নগাঁও জিলাত সর্বাধিক ৪টা ক্রয় কেন্দ্র স্থাপন কৰে৷ অন্য জিলাকেইখনত এটাও ক্রয় কেন্দ্র স্থাপন নকৰিলে৷ ৰাজ্যখনৰ আটাইকেইখন জিলাতে পর্যাপ্ত পৰিমাণৰ ধান উৎপাদন হয় যদিও কেইখনমান জিলাত এটাও ক্রয় কেন্দ্র নিগম কর্তৃপক্ষই স্থাপন নকৰিলে৷ বৰপেটা জিলাত পর্যাপ্ত পৰিমাণৰ ধান উৎপাদন হয়৷
কিন্তু বৰপেটাত ধান ক্রয় কেন্দ্র স্থাপন নকৰিলে৷ আনহাতে যি ১৬খন জিলাত মাত্র এটাকৈ ক্রয় কেন্দ্র স্থাপন কৰিলে, সেই কেন্দ্রত সংশ্লিষ্ট জিলাকেইখনৰ কৃষকে ধান বিক্রী কৰিবলৈ সক্ষম হ’বনে? এখন জিলাৰ এলেকাৰ দূৰত্ব কমেও ৪০৫০ কিল’মিটাৰ থাকে৷ তেনেস্থলত ৪০ কিল’মিটাৰ দূৰত্ব পৰিবহণ কৰি ক্রয় কেন্দ্রলৈ কৃষকে ধান নিবলৈ সক্ষম হ’বনে?
পৰিবহণ ব্যয় ভৰি ধান বিক্রী কৰিবলৈ নিলে কৃষকৰ কি লাভ হ’ব? সেয়ে লোকচান হ’লেও কৃষকে স্থানীয় বজাৰতে ধান এইবাৰো বিক্রী কৰিবলৈ বাধ্য হ’ব৷ কাৰণ স্থানীয় বজাৰত ধান বিক্রী কৰি যি মূল্য পাব, ৪০৫০ কিল’মিটাৰ পথ পৰিবহণ কৰি খাদ্য নিগমৰ কেন্দ্রত ধান বিক্রী কৰি কৃষকে তাতকৈ অধিক মূল্য পাব নোৱাৰে৷ এই কাৰণেই স্থানীয় বজাৰতকৈ অধিক মূল্য নাপায়, কিয়নো পৰিবহণ ব্যয় কৃষকৰ হাতৰ পৰা যাব৷
এখন জিলাত স্থানবিশেষে কেইবাটাও ক্রয় কেন্দ্র স্থাপন কৰা হ’লে বেলেগ কথা আছিল৷ কিন্তু সর্বাধিকসংখ্যক জিলাত মাত্র এটা ক্রয় কেন্দ্রহে স্থাপন কৰাত ভাৰতীয় খাদ্য নিগমে যে অসমৰ কৃষকক উপকৃত কৰিব নোৱাৰে, সেয়া আগতীয়াকৈ নিশ্চিত হ’ল৷ ইফালে বিগত কেইবছৰমানৰ পৰাই অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনস্থ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদেও কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্রয় কৰিবলৈ আৰম্ভ কৰিছে যদিও নির্দিষ্ট লক্ষ্য অনুযায়ী ধান ক্রয় কৰিবলৈ বিপণন পৰিষদৰ নিজাববীয়া পুঁজিৰ অভাৱ৷
ধান ক্রয় কৰিবলৈ অসম চৰকাৰে কংগ্রেছ চৰকাৰৰ কার্যকালতেই কৃষি বিপণন পৰিষদক কিছু পৰিমাণৰ পুঁজি যোগান ধৰিছিল৷ নীলমণি সেন ডেকা কৃষি মন্ত্রী হৈ থকাৰ কালতেই ধান ক্রয় কৰিবলৈ কৃষি বিপণন পৰিষদক পুঁজি যোগান ধৰিছিল৷ তেতিয়াৰ পৰা নতুনকৈ পুঁজি যোগান নধৰাত কৃষি বিপণন পৰিষদেও পর্যাপ্ত পৰিমাণৰ ধান ক্রয় কৰাত ব্যর্থ হৈ আহিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি