Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:30 pm

Home » আঞ্চলিক » আমাক সন্ত্ৰাস নালাগে আমাক শান্তি লাগে : সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী হয় সংঘাতৰ যোগেদি নহয় : যোৰহাটত কেন্দ্ৰীয় ভাবে উদযাপন কৰা অসম দিৱসত ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আমাক সন্ত্ৰাস নালাগে আমাক শান্তি লাগে : সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী হয় সংঘাতৰ যোগেদি নহয় : যোৰহাটত কেন্দ্ৰীয় ভাবে উদযাপন কৰা অসম দিৱসত ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

তিতাবৰ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে অসম দিৱস উদযাপন কৰে। যোৰহাট জিলা পুথিভঁৰালত আয়োজিত অসম দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা সভাত মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ভাষণ প্ৰসংগত চাওলুং ছ্যুকাফাক সোঁৱৰণ কৰি বৃহৎ অসমীয়া জাতি গঠনত চাওলুং ছ্যুকাফাৰ ভুমিকা অপৰিসীম বুলি মন্তব্য কৰে।ব্যক্তিগত লাভালাভৰ বাবে জীৱনত অগ্ৰসৰ হৈ কাম কৰিলে সমাজৰ উত্তৰণ নহয় সমাজৰ হকে কাম কৰিলেহে সমাজ শক্তিশালী হয় সমাজৰ প্ৰকৃত উত্তৰণ ঘটে বুলিও তেওঁ মন্তব্য কৰে।ভাৰতবৰ্ষৰ সমগ্ৰ অঞ্চলৰ লগত অসম আৰু উত্তৰ পূৰ্বাঞ্চলক শিক্ষা-সংস্কৃতি তথা বাণিজ্যৰে সম্পৰ্ক ৰক্ষা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাম কৰি আহিছে বুলি উল্লেখ কৰি আজি অসম দিৱস ইয়াৰে অন্যতম উদাহৰণ বুলি উল্লেখ কৰে।চাওলুং ছ্যুকাফাই আধ্যাত্মিক শক্তিৰে উদ্বুদ্ধ হৈ বৃহত্তৰ অসমীয়া সমাজ গঢ়িবৰ বাবে দেখুৱাই যোৱা আদৰ্শ আমাৰ নতুন প্ৰজন্মইয়ো গ্ৰহণ কৰিব লাগিব।তেতিয়াহে বৰাক ব্ৰহ্মপুত্ৰৰ মাজত শান্তি আৰু সমন্বয় প্ৰতিষ্ঠা হোৱাত অধিক সহায় হ’ব বুলিও মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰে। বছেৰেকত মাত্ৰ এবাৰ দিৱস পাতিলে নহ’ব ৩৬৫ দিনেই মহান ব্যক্তিক সোঁৱৰণ কৰিব লাগে।তেওঁ ভাষণ প্ৰসংগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ আদৰ্শও শলাগে।মই আজি স্বৰ্গদেউ সকলক সন্মান জনাবৰ বাবেই ইয়াত উপস্থিত হৈছো বুলি উল্লেখ কৰি শিক্ষিত সকলে কেতিয়াও সংঘাত নিবিচাৰে।কিন্তু আমাৰ মাজত কেতিয়াবা অপসংস্কৃতিৰ বাবে সংঘাত আহি পৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে শান্তি সম্প্ৰতি বৰ্তাই ৰাখিবৰ বাবে আহ্বান জনাই ভাষণ সামৰে।ইয়াৰ পূৰ্বে তেওঁ বান ফী পূজাত সেৱা লয়।অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, শক্তিমন্ত্ৰী তপন গগৈ, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা, সদৌ তাই সাহিত্য সভাৰ সভাপতি ডঃ দয়ানন্দ বৰগোহাঞি,সদৌ অসম আহোম পৰিষদৰ সভাপতি শশীন্দ্ৰ গগৈ আদি উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি