লিডু : ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে চলিত ডিচেম্বৰ মাহৰ ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।অৱশ্যে মহকুমাধিপতি গৰাকীয়ে নিৰাপত্তাৰ ক্ষেত্ৰত কত কেনেকৈ কিমান নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে বা হ’ব এই মূহূৰ্ত্তলৈকে স্পষ্ট ভাষাত ব্যক্ত কৰা নাই যদিও নিৰাপত্তাৰ দিশৰ সন্দৰ্ভত মহকুমাটোত আইন-শৃংখলাজনিত প্ৰতিটো ঘটনাৰে মোকাবিলা কৰিব পৰাকৈ মহকুমাটোৰ আৰক্ষী প্ৰশাসন প্ৰস্তুত থকা বুলি জানিবলৈ দিছে ৷ থানা অনুযায়ী ৫ টা জাৰ্ণেল আৰু ২২ টা চেক্টৰত ভাগ কৰা হৈছে।মাৰ্ঘেৰিটা মহকুমাৰ ২৫২ টা ভোটগ্ৰহণ কেন্দ্ৰত ৫টা জিলা পৰিষদ,৩ টা আঞ্চলিক পঞ্চায়ত আৰু ২২ টা গাঁও পঞ্চায়তৰ মুঠ ২২০টা ৱাৰ্ডত ১,৯০,৭১১ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব।মাৰ্ঘেৰিটা মহকুমাৰ নিৰ্বাচনী কাৰ্যালয়ৰ তথ্য অনুসৰি ১,৯০,৭১১ গৰাকী ভোটাৰৰ ৯৮,৪৪৭ গৰাকী পুৰুষ ভোটাৰ হোৱাত বিপৰীতে ৯২,২৬৪ গৰাকী মহিলা ভোটাৰ।উল্লেখ্য যে মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৭৬ ভোট গ্ৰহণ কেন্দ্ৰ অতি গুৰুত্বপূৰ্ন হিচাবে বিবেচিত হোৱাৰ বিপৰিতে ৬৩ টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ কেন্দ্ৰ ৰূপে চিহ্নিত কৰা হৈছে।