ডিচেম্বৰৰ ভিতৰতে হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হ’ব : এই ভৱিষ্যদ্বাণী প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ

গুৱাহাটী : ডিচেম্বৰৰ ভিতৰতে হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হ’ব৷ এই ভৱিষ্যদ্বাণী প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ৷ সর্বানন্দ সোণোৱালক গাদীচ্যুত কৰি হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হ’বলৈ পাং পাতিছে বুলি গগৈয়ে দাবী কৰিছে৷ আজি এখন সংবাদমেলযোগে তৰুণ গগৈয়ে কয়– দুই-চাৰিজন নেতাক হিমন্তই কৈ ফুৰিছে৷ মই শুনিছোঁ৷ কিছুদিন অপেক্ষা কৰিবলৈ তেওঁ ঘনিষ্ঠসকলক কৈছে৷ তেওঁ মুখ্যমন্ত্রী হ’বলৈ বিজেপিলৈ গৈছে৷ ৰাজ্যত সৃষ্টি হোৱা আইন- শৃংখলাজনিত পৰিস্থিতি আৰু ৰাজনৈতিক পৰিস্থিতিৰ আঁৰত হিমন্ত বিশ্ব শর্মাৰ হাত আছে বুলিও গগৈয়ে দাবী কৰে৷ আলফা সন্দর্ভত হিমন্ত বিশ্ব শর্মাই বিগত কেইদিনত কৰা মন্তব্যৰ আঁৰত ৰাজনৈতিক কু-অভিসন্ধি লুকাই থকা সন্দেহ কৰিছে গগৈয়ে৷ মুখ্যমন্ত্রীৰ আসনত বহিবলৈ এক পৰিৱেশ সৃষ্টিৰ বাবে হিমন্তই চেষ্টা চলাই আছে বুলিও গগৈয়ে কয়৷ প্রাক্তন মুখ্যমন্ত্রীজনে সংবাদমেলত অসম গণ পৰিষদকো

দায়িত্ব নল’লেও ধলাৰ হত্যাকাণ্ডত আলফা জড়িত : কুল শইকীয়া

গুৱাহাটী : ধলাৰ হত্যাকাণ্ডৰ দায়িত্ব আলফাই স্বীকাৰ নকৰিলেও এই হত্যাকাণ্ড আলফাৰ দ্বাৰা সংঘটিত কৰা হৈছে৷ তাত কোনো সন্দেহ নাই৷ তদন্তত যথেষ্ট প্রমাণ পোৱা গৈছে৷ এই মন্তব্য কৰিছে আৰক্ষীৰ সঞ্চালকপ্রধান কুলধৰ শইকীয়াই৷ আজি তিনিচুকীয়া জিলাৰ আইন- শৃংখলাজনিত পৰিস্থিতিৰ বুজ ল’বলৈ অহা সঞ্চালকপ্রধানে তিনিচুকীয়াৰ আৰক্ষী অতিথিশালাত এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ বৈঠকত সঞ্চালকপ্রধানগৰাকীৰ লগতে আৰক্ষী মহাপৰিদর্শক (বিশেষ শাখা) হীৰেন নাথ, আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ প্রতিখন আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলৰ উপৰি সেনাৰ কেইবাগৰাকী বিষয়াও উপস্থিত আছিল৷ সাংবাদিকৰে হোৱা বার্তালাপত আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে উল্লেখ কৰে যে আৰক্ষী বিভাগত প্রয়োজন অনুসৰি আৰক্ষীৰ সংখ্যা বহু কম৷ যাৰ বাবে বহু ক্ষেত্রত আৰক্ষীৰ বহু সমস্যাৰ সৃষ্টি হয়৷ তেওঁ তিনিচুকীয়া জিলাখনত সংঘটিত হৈ থকা উগ্রপন্থীৰ কূটাঘাতমূলক কাম-কাজ প্রতিৰোধৰ বাবে ব্যৱস্থা

মাৰ্ঘেৰিটাত মহকুমা প্ৰশাসনৰ ভোট গ্ৰহণ পক্ৰিয়াৰ প্ৰস্তুতি তুংগত

লিডু : ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে চলিত ডিচেম্বৰ মাহৰ ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।অৱশ্যে মহকুমাধিপতি গৰাকীয়ে নিৰাপত্তাৰ ক্ষেত্ৰত কত কেনেকৈ কিমান নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে বা হ’ব এই মূহূৰ্ত্তলৈকে স্পষ্ট ভাষাত ব্যক্ত কৰা নাই যদিও নিৰাপত্তাৰ দিশৰ সন্দৰ্ভত মহকুমাটোত আইন-শৃংখলাজনিত প্ৰতিটো ঘটনাৰে মোকাবিলা কৰিব পৰাকৈ মহকুমাটোৰ আৰক্ষী প্ৰশাসন প্ৰস্তুত থকা বুলি জানিবলৈ দিছে ৷ থানা অনুযায়ী ৫ টা জাৰ্ণেল আৰু ২২ টা চেক্টৰত ভাগ কৰা হৈছে।মাৰ্ঘেৰিটা মহকুমাৰ ২৫২ টা ভোটগ্ৰহণ কেন্দ্ৰত ৫টা জিলা পৰিষদ,৩ টা আঞ্চলিক পঞ্চায়ত আৰু ২২ টা গাঁও পঞ্চায়তৰ মুঠ ২২০টা ৱাৰ্ডত ১,৯০,৭১১ গৰাকী

৬ জানুৱাৰীৰ পৰা বােকাখাতত ‘সেউজ গ্রন্থমেলা’

বােকাখাত :  অসম চৰকাৰৰ চাহ-জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু অসম চাহ-জনগােষ্ঠী সাহিত্য সভাৰ সহযােগত অহা ৬, ৭ আৰু ৮ জানুৱাৰী, ২০১৯ তাৰিখত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদে বােকাখাতৰ গড়মূৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰিব ‘সেউজ গ্রন্থমেলা’। এই ‘সেউজ গ্রন্থমেলা’ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা আছিল যদিও ৰাজ্যত সম্প্রতি পঞ্চায়ত নির্বাচনৰ পৰিপ্ৰেক্ষিতত পূর্বৰ সিদ্ধান্ত সলনি কৰি নতুন তাৰিখ নির্ধাৰণ কৰা হৈছে। অসম প্রকাশন পৰিষদৰ সচিবে প্রকাশ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে “সেউজ গ্রন্থমেলা’ৰ যাৱতীয়া প্রস্তুতি পূৰ্বৰ দৰেই অব্যাহত থাকিব। বিবৃতিটোত আৰু উল্লেখ কৰা হৈছে যে ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ চাহজনগােষ্ঠীৰ গৰিষ্ঠসংখ্যক লেখকে অংশগ্রহণ কৰিবলগীয়া এই গ্রন্থমেলালৈ ৰাজ্যখনৰ বহু বিশিষ্ট সাহিত্যিক তথা যুৱ সাহিত্যানুৰাগীকে আমন্ত্রণ জনােৱা হৈছে। ইতিমধ্যে সেউজ গ্রন্থমেলাত