Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:40 pm

Home » আঞ্চলিক » বৰপেটাত পঞ্চায়তে পঞ্চায়তে বলিছে নির্দলীয় বতাহ : দলীয় টিকট বিতৰণত বিধায়ক-পত্নীৰ হস্তক্ষেপ

বৰপেটাত পঞ্চায়তে পঞ্চায়তে বলিছে নির্দলীয় বতাহ : দলীয় টিকট বিতৰণত বিধায়ক-পত্নীৰ হস্তক্ষেপ


গুৱাহাটী : বৰপেটা জিলাৰ অন্তৰ্গত আটাইবােৰ জিলা পৰিষদ, পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়ত সদস্যৰ পৰা আৰম্ভ কৰি ৱার্ড সদস্যকো দলীয় টিকট বিতৰণত বিধায়ক-পত্নীয়ে হস্তক্ষেপ কৰাৰ গুৰুতৰ অভিযােগ উত্থাপিত হৈছে। জিলাখনৰ অন্তৰ্গত চেঙা বিধানসভা সমষ্টিৰ বর্তমানৰ বিধায়ক তথা প্রাক্তন মন্ত্রী শুকুৰ আলী আহমেদৰ পত্নীয়ে এইবাৰ কংগ্রেছৰ টিকট বিতৰণত বিধায়কক উপেক্ষা কৰি নিজেই টিকট বিতৰণত আগ ভাগ লােৱাৰ অভিযােগ উত্থাপিত হৈছে৷
এইবাৰ বিজেপি চৰকাৰৰ বাংলাদেশীপ্রীতি আৰু আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতি ভোটাৰসকল কিছু মােহিত হোৱা পৰিলক্ষিত হৈছিল৷ ইয়াৰ পূৰ্ণ সুযােগ গ্রহণ কৰি বিধায়ক শুকুৰ আলী আহমেদে একেটা পদবীৰ বিপৰীতে কেইবাজনকে টিকট প্রদানৰ আশ্বাস দি ভােটাৰৰ কাষ চাপিবলৈ নির্দেশ দিছিল। নিজৰ সমর্থ অনুযায়ী টিকটৰ দাবীদাৰ প্ৰাৰ্থীসকলে ৰাইজৰ কাষ চাপে। ইয়াৰ পিছতে আৰম্ভ হয় টিকটৰ দৰ-দাম। এই অভিযােগ টিকট বঞ্চিত প্রার্থী আৰু সমর্থকসকলৰ।
জনপ্রিয়তা নথকা প্ৰাৰ্থীক বিধায়ক পত্নীৰ হস্তক্ষেপত গােপন বুজাবুজিৰে টিকট প্রদান কৰাত জিলাখনৰ প্ৰতিটো পঞ্চায়তৰ অধিকাংশ কংগ্রেছ কর্মীয়ে নির্দলীয় ঐক্য মঞ্চৰ প্ৰাৰ্থীক সমর্থন দি বিজয় কৰাবলৈ উঠি পৰি লাগিছে। একাংশ ভােটাৰৰ মতে সভাপতি, কাউন্সিলৰ আৰু কেইবাটাও ৱার্ড সদস্যৰ পদত অহা ৯ ডিচেম্বৰত হবলগীয়া ভােটদানত নির্দলীয় প্রার্থী বিজয় হােৱাৰ পূর্ণ সম্ভাৱনা আছে।
জিলাখনত কংগ্ৰেছৰ টিকটত প্রতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়ে তৃতীয়-চতুর্থ স্থানত থাকি বুলি ভােটাৰৰ মুখে মুখে প্রচাৰিত হৈছে।তদুপৰি এইবাৰ খােলাবান্ধা জিলা পৰিষদত বিধায়ক শুকুৰ আলী আহমেদৰ পত্নীয়ে প্রতিদ্বন্দ্বিতা কৰাত সমষ্টিৰ ৰাইজ ক্ষোভত অগ্নিশর্মা হৈ পৰিছে।কাৰণ পত্নীক দলীয় টিকট দি বিধায়কগৰাকীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পোখা মেলিলে।ইপিনে প্ৰায় একেই অভিযোগ উত্থাপিত হৈছে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে৷ ইয়াৰ সুদুত্তৰ বিবেকবান ভােটাৰে অহা ৯ ডিচেম্বৰত দিব বুলি দোহাৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি