|

বৰপেটাত পঞ্চায়তে পঞ্চায়তে বলিছে নির্দলীয় বতাহ : দলীয় টিকট বিতৰণত বিধায়ক-পত্নীৰ হস্তক্ষেপ

গুৱাহাটী : বৰপেটা জিলাৰ অন্তৰ্গত আটাইবােৰ জিলা পৰিষদ, পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়ত সদস্যৰ পৰা আৰম্ভ কৰি ৱার্ড সদস্যকো দলীয় টিকট বিতৰণত বিধায়ক-পত্নীয়ে হস্তক্ষেপ কৰাৰ গুৰুতৰ অভিযােগ উত্থাপিত হৈছে। জিলাখনৰ অন্তৰ্গত চেঙা বিধানসভা সমষ্টিৰ বর্তমানৰ বিধায়ক তথা প্রাক্তন মন্ত্রী শুকুৰ আলী আহমেদৰ পত্নীয়ে এইবাৰ কংগ্রেছৰ টিকট বিতৰণত বিধায়কক উপেক্ষা কৰি নিজেই টিকট বিতৰণত আগ ভাগ লােৱাৰ অভিযােগ উত্থাপিত হৈছে৷ এইবাৰ বিজেপি চৰকাৰৰ বাংলাদেশীপ্রীতি আৰু আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতি ভোটাৰসকল কিছু মােহিত হোৱা পৰিলক্ষিত হৈছিল৷ ইয়াৰ পূৰ্ণ সুযােগ গ্রহণ কৰি বিধায়ক শুকুৰ আলী আহমেদে একেটা পদবীৰ বিপৰীতে কেইবাজনকে টিকট প্রদানৰ আশ্বাস দি ভােটাৰৰ কাষ চাপিবলৈ নির্দেশ দিছিল। নিজৰ সমর্থ অনুযায়ী টিকটৰ দাবীদাৰ প্ৰাৰ্থীসকলে ৰাইজৰ কাষ চাপে। ইয়াৰ পিছতে আৰম্ভ হয়

|

ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব : বৰপেটা ৰাজীৱ ভৱনত ওলমিল তলা

বৰপেটা : ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ মাজতেই ব্যাপক বিদ্ৰোহ চলি থকা পৰিলক্ষিত হৈছে৷ একেধৰণৰ বিদ্ৰোহ পৰিলক্ষিত হ’ল বৰপেটা জিলা কংগ্ৰেছত৷ উল্লেখ্য যে উজনি অসমত কংগ্ৰেছৰ অস্তিত্ব হ্ৰাস পোৱাৰ বিপৰীতে নামনি অসমত এআইইউডিএফ দলৰ অস্তিত্ব হ্ৰাস পোৱা ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে নামনি অসমত গা কৰি উঠিছে৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ না্মনি অসমৰ প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত ব্যাপক ধনৰ লেন-দেন হোৱাৰ মুকলি অভিযোগ উত্থাপিত হৈছে৷ ধনৰ বিনিময়ত অযোগ্য তথা অকংগ্ৰেছী লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবেই জিলাখনত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই আজি সদৰ বৰপেটাস্থিত ৰাজীৱ ভৱনত একাংশ ক্ষুব্ধ কংগ্ৰেছী তলা ওলমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি বৰপেটা জিলাৰ বৰত্মানৰ সভাপতিগৰাকীয়ে বৰ্তমানে