Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:02 pm

Home » আঞ্চলিক » পৰেশ বৰুৱাৰ ভতিজাক আলফালৈ নগৈ ক’লৈ যাব : ড০ হিমন্ত বিশ্ব শর্মা

পৰেশ বৰুৱাৰ ভতিজাক আলফালৈ নগৈ ক’লৈ যাব : ড০ হিমন্ত বিশ্ব শর্মা


গুৱাহাটী : জাতিধবংসী নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্র ৰাজ্য উত্তাল হৈ থকাৰ সময়ত আজি বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিধেয়কখনৰ নামত ৰাজ্যত অযথা হুলস্থুল কৰি থকা বুলিহে মন্তব্য কৰে৷ তেওঁ সংবাদ মাধ্যমক বিধেয়কৰ সলনি এন আৰ চিৰ বাতৰিহে অধিক প্রচাৰ কৰিবলৈ আহবান কৰে৷ ৰাজ্যিক বিজেপিৰ কার্যালয়ত পঞ্চায়ত নির্বাচনৰ ইস্তাহাৰ মুকলি অনুষ্ঠানত অংশগ্রহণ কৰিও মৌন হৈ থকা মন্ত্রীজনে অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত এতিয়া নাগৰিকত্ব বিধেয়কৰ নামত অযথা হুলস্থুল কৰি বিদেশীৰ নাম এন আৰ চিত অন্তর্ভুক্তিৰ গভীৰ ষড়যন্ত্র কৰাৰ অভিযোগ কৰে৷ তেওঁ কয় যে এতিয়া এন আৰ চিখন শুদ্ধভাৱে প্রস্তুত কৰাটো আটাইতকৈ গুৰুত্বপূর্ণ কথা৷ কিন্তু তাকে নকৰি বিধেয়কখনক লৈ অযথা হৈ-চৈ কৰি এন আৰ চিৰ পৰা মনোযোগ আঁতৰোৱাৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগো কৰে মন্ত্রী ড০ শর্মাই৷ তেওঁ কয় যে বিজেপি সঠিক ৰাস্তাত গৈ আছে৷
বিজেপিয়ে শত্রু কোন চিনি পায়৷ কিন্তু ৰাজ্যত এতিয়া এন আৰ চিৰ পৰা মনোযোগ আঁতৰোৱাৰ বাবে বিধেয়কখনক লৈ হৈ-চৈ অধিক হৈছে৷ সংবাদ মাধ্যমে এন আৰ চিৰ কথাও প্রচাৰ কৰা উচিত বুলি সদৰী কৰি তেওঁ কয় যে এতিয়া এন আৰ চিত দাবী আৰু আপত্তিত মাত্র ৯০০হে আৱেদন হৈছে৷ এনে হ’লে বিদেশীসকল অতি সহজে দেশী হৈ পৰিব৷ এই কথা প্রচাৰ কৰা উচিত৷ বিধেয়কৰ জৰিয়তে অধিক বিদেশী অনাৰ অভিযোগ কৰি থকা হৈছে৷ কিন্তু এন আৰ চিত নাম সোমোৱা বিদেশীবোৰৰ নামো কাটিব লাগিব৷ তাৰ বাবে দাবী আৰু আপত্তি সকলোৱে কৰিব লাগিব৷ সেয়া নকৰিলে অতি সহজে সেই বিদেশীবোৰ দেশী হৈ পৰিব বুলি তেওঁ কয়৷
ইফালে যি সময়ত নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে ৰাজ্যৰ বহু যুৱক-যুৱতী আলফালৈ (স্বাঃ) যোৱাত সকলো উদ্বিগ্ন হৈ পৰিছে সেই বিষয়টোক আজি মন্ত্রী ড০ শর্মাই সেয়া বাতৰিয়েই নহয় আৰু সংবাদ মাধ্যমে অযথা ‘ইছু্য’ কৰা বুলি উপলুঙা কৰে৷ তেওঁ কয় যে কোনো আলফালৈ যোৱা নাই৷ ৰাজ্যত চাৰে তিনি কোটি মানুহ আছে৷ কিন্তু আলফালৈ কেৱল তিনিজনহে গৈছে৷ আগতে বছৰি ১৫০-২০০জনকৈ আলফালৈ গৈছিল বুলি তেওঁ কয়৷ গতিকে এতিয়া তিনিজন আলফালৈ যোৱাটো ‘নিউজ হ’ব পাৰে নেকি’ বুলি তেওঁ প্রশ্ন কৰে৷
ইফালে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱা আলফালৈ যোৱা কথাটোও সংবাদ নহয় বুলি উপলুঙা কৰি মন্ত্রী ড০ শর্মাই প্রশ্ন কৰে যে পৰেশ বৰুৱাৰ ভতিজা আলফালৈ নগৈ ক’লৈ যাব? পৰেশ বৰুৱাৰ বয়স এতিয়া ৬০-৬৫ বছৰ হ’ল, ঘৰৰ কোনো নগ’লে সংগঠনটো কোনে ধৰি ৰাখিব বুলিও প্রশ্ন কৰে৷ গতিকে তেওঁ সংগঠনটো গতাই দিবলৈ উত্তৰাধিকাৰী নিয়া বুলি মন্তব্য দিয়ে মন্ত্রীজনে৷ বয়স হৈছে যেতিয়া তেওঁ কাৰোবাক নহয় কাৰোবাকটো গতাই দি যাবই লাগিব৷ গতিকে ভতিজাকক নিছে৷ পৰিয়ালকেন্দ্রিক ক্ষমতা হস্তান্তৰৰ এই প্রক্রিয়াৰ উদাহৰণ স্বৰূপে তেওঁ গান্ধী পৰিয়ালৰ তুলনা কৰে৷
যেতিয়ালৈ পৰেশ বৰুৱাই আলোচনালৈ আহি সংগঠন ভংগ নকৰে তেতিয়ালৈ প্রতি বছৰে ৫০-২০০জন আলফাত যোগদানৰ বাবে গৈয়ে থাকিব বুলিও তেওঁ প্রকাশ কৰে৷ এয়া একো নতুন কথা নহয়৷ তেওঁ ১৯৮৫ চনৰ পৰাই এই প্রক্রিয়া দেখি অহা বুলিও কয়৷ তেওঁ প্রশ্ন কৰে যে তেওঁৰ ভাতৃয়ে যদি বিজেপিত যোগদান কৰে সেয়া বাতৰি হ’ব নেকি? সাংবাদিকৰ পৰিয়ালৰ সদস্য সাংবাদিক হ’লে, উদ্যোগপতিৰ পুত্র তেওঁৰ উদ্যোগত যোগ দিলে যিদৰে বাতৰি নহয় তেনেদৰে পৰেশ বৰুৱাৰ ভতিজাকে আলফাত যোগ দিয়াটোও বাতৰি নহয়৷ সংবাদ মাধ্যমেহে অযথা ইয়াক লৈ ইছু্য কৰিছে বুলি তেওঁ সমালোচনা কৰে৷ ইফালে তৰুণ গগৈৰ পোন্ধৰ বছৰীয়া শাসনকালত আলফা নাছিল নেকি বুলি প্রশ্ন কৰি ড০ শর্মাই তেওঁৰ দিনত গ্রেপ্তাৰ কৰাসকল ভুৱা আলফা আছিল নেকি বুলি প্রশ্ন কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি