Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:37 pm

Home » আঞ্চলিক » ডিব্রুগড়ত ছুপাৰষ্টাৰ ছলমান খানক অনুৰাগীৰ আদৰণি

ডিব্রুগড়ত ছুপাৰষ্টাৰ ছলমান খানক অনুৰাগীৰ আদৰণি


ডিব্ৰুগড় :  বলিউডৰ ছুপাৰষ্টাৰ তথা ‘বজৰংগী ভাইজান’ হিচাপে খ্যাত ছলমান খানে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশলৈ এক বিশেষ কার্যসূচী লৈ আহোঁতে ডিব্রুগড়ৰ মোহনবাৰী বিমান বন্দৰত পদার্পণ কৰে৷ বিশিষ্ট অভিনেতাজনৰ সংগী হিচাপে আহে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী কিৰেন ৰিজিজু৷ পঞ্জাবৰ পৰা বিশেষ বিমানেৰে অৰুণাচললৈ অহা অভিনেতাজনে ডিব্রুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা পোনে পোনে বি এছ এফৰ এম ১১৭ হেলিকপ্টাৰেৰে উৰা মাৰে অৰুণাচল প্রদেশৰ মেচুকালৈ৷
উল্লেখযোগ্য যে সমুদ্র পৃষ্ঠৰ পৰা ৬০০০ ফুট (১৮২৯ মিটাৰ) উচ্চতাৰ অৰুণাচলৰ পশ্চিম চিয়াং জিলাৰ প্রাকৃতিক প্রাচুর্যৰে পৰিপূর্ণ মেচুকা ভেলীত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত এম টি বি অৰুণাচল মাউণ্টেইন বাইচাইকেল ৰেচৰ আজি অন্তিম দিনাৰ কার্যসূচীত ছুপাৰষ্টাৰজনে অংশগ্রহণ কৰিবলৈ আহোঁতে ডিব্রুগড়ত অৱতৰণ কৰাৰ সময়ত অনুৰাগীয়ে অসমীয়া ফুলাম গামোচাৰে বিপুল আদৰণি জনায়৷
বিগত ১৪ নৱেম্বৰত অৰুণাচলৰ ৰাজধানী ইটানগৰৰ পৰা ৬৫০ কিল’মিটাৰ দূৰত্বত দুঃসাহসী এই চাইকেল ৰেচত আমেৰিকা, ইংলেণ্ড, পর্টুগাল, কানাডা, জার্মানিকে আদি কৰি বিশ্বৰ ১০খন দেশৰ ১০০জন পেছাদাৰী চাইক্লিষ্টে প্রতিযোগিতাত অংশগ্রহণ কৰিছে৷ আজি অন্তিম দিনা মেচুকাত ছলমান খানে উপস্থিত থাকি প্রতিযোগিতাত অংশগ্রহণ কৰা প্রতিযোগীসকলক উৎসাহ প্রদান কৰি উত্তৰ-পূর্বাঞ্চলৰ ভূ-স্বর্গ স্বৰূপ মেচুকাৰ গুণানুকীর্তন কৰে৷ ইয়াৰ পাছতেই বজৰংগী ভাইজানে পুনৰ মোহনবাৰী বিমানবন্দৰ পৰা মুম্বাইলৈ উভতনি যাত্রা কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি