Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:52 pm

Home » বিবিধ » সন্মান-বঁটা » অসমক উন্নয়নশীল ৰাজ্য বঁটা প্ৰদান

অসমক উন্নয়নশীল ৰাজ্য বঁটা প্ৰদান


গুৱাহাটী : ৰাজ্যবাসীৰ বাবে আন এক সুখবৰ৷ অসম বৃহৎ ৰাজ্যৰ দিশে উন্নতি কৰা ৰাজ্য হিচাপে সন্মানিত হৈছে৷ নতুন দিল্লীত আজি ইণ্ডিয়া টুডে’ সংবাদ আলোচনী গোষ্ঠীয়ে অসমক সামগ্রিক পাৰদর্শিতা, অর্থনীতি আৰু স্বাস্হ্য শ্রেণীত ৰাজ্যই প্রদর্শন কৰা উৎকর্ষতাৰ বাবে এই স্বীকৃতি লাভ কৰে৷ নতুন দিল্লীত এই উপলক্ষে আয়োজিত ষ্টেট অব দ্য ষ্টেটছ কনক্লেভ নামৰ অনুষ্ঠানত উৎকৃষ্ঠতাৰ বঁটা গ্রহণ কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে৷
উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ পৰা বঁটা গ্রহণ কৰা অনুষ্ঠানত গুজৰাট, তামিলনাডু আৰু পুডুচেৰীৰ মুখ্যমন্ত্রীৰ উপস্হিতি থাকে৷ অসম চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানৰ উন্নতি নিশ্চিত কৰিবলৈ সক্ষম হোৱাৰ বাবেই এই বঁটাৰ বাবে নির্চিত হয়৷ বঁটা গ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে অসমৰ নতুন উন্নয়নৰ বাবে সহযোগ কৰা বাবে কেন্দ্রীয় চৰকাৰৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷
তেওঁ নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমৰ লগতে উত্তৰ-পূর্ঞ্চলৰ সকলো ৰাজ্যৰ উন্নয়নত পূর্বৰ চৰকাৰতকৈ অধিক গুৰুত্ব দিয়া বুলি প্রকাশ কৰি ইয়াৰ ফলতে দেশৰ অন্য প্রান্তৰ সৈতে এতিয়া সকলো প্রকাৰৰ যোগাযোগ ব্যৱস্হাৰ উন্নয়ন হোৱা বুলি কয়৷ অসম চৰকাৰে প্রথম দিনাৰ পৰাই ৰাজ্যক দুর্নীতিমুত্তু ৰাজ্য হিচাপে গঢ় দিয়াত গুৰুত্ব দিয়াৰ কথাও প্রকাশ কৰি মুখ্যমন্ত্রী সোণোৱালে বিগত দিনবোৰত ৰাজ্যত চলি অহা দুর্নীতি ৰোধৰ বাবে কাম কৰি অহাৰ কথা সদৰী কৰে৷
তেওঁ অসমত ৰাজহ সংগ্রহৰ পৰিমাণ ২১ শতাংশ বৃদ্ধি পোৱাৰ কথাও সদৰী কৰি কয় যে ৰাজ্যত ২০১৫-১৬ চনত সংগ্রহ কৰা ৰাজহ ৭০১১ কোটি টকাৰ বিপৰীতে ২০১৭-১৮ বর্ষত ৮৫৭ কোটিলৈ বৃদ্ধি পোৱা বুলি সদৰী কৰে৷ একেদৰে মূলধনী ব্যয়ো ২০১৫-১৬ বর্ষৰ ৪৯১ কোটিৰ তুলনাত ২০১৭-১৮ বর্ষত ১২৮১৭ কোটিলৈ বৃদ্ধি পোৱা বুলি সদৰী কৰে৷
ৰাজ্যৰ চাউল উৎপাদন বৃদ্ধি পোৱাৰ লগতে পাচলিৰ উৎপাদনো বৃদ্ধি পোৱা বুলি সদৰী কৰি মুখ্যমন্ত্রীজনে শেহতীয়াকৈ অসমৰ পৰা ডুবাইলৈ পাচলি ৰপ্তানি কৰাৰ কথাও প্রকাশ কৰে৷ উল্লেখযোগ্য যে ইণ্ডিয়া টুডেই প্রতি বছৰে আগবঢ়াই অহা এই বঁটা দেশৰ ৰাজ্যসমূহৰ মাজত এক অধ্যয়নৰ জৰিয়তে অর্থনীতি, কৃষি, শিক্ষা, স্বাস্হ্য সেৱা, আন্তঃগাঁথনি, উন্নয়ন, আইন-শৃংখলা, পৰিৱেশ, স্বচছতা, প্রশাসন আদিৰ ক্ষেত্রত বাছনি কৰি আহিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি