অসমক উন্নয়নশীল ৰাজ্য বঁটা প্ৰদান
গুৱাহাটী : ৰাজ্যবাসীৰ বাবে আন এক সুখবৰ৷ অসম বৃহৎ ৰাজ্যৰ দিশে উন্নতি কৰা ৰাজ্য হিচাপে সন্মানিত হৈছে৷ নতুন দিল্লীত আজি ইণ্ডিয়া টুডে’ সংবাদ আলোচনী গোষ্ঠীয়ে অসমক সামগ্রিক পাৰদর্শিতা, অর্থনীতি আৰু স্বাস্হ্য শ্রেণীত ৰাজ্যই প্রদর্শন কৰা উৎকর্ষতাৰ বাবে এই স্বীকৃতি লাভ কৰে৷ নতুন দিল্লীত এই উপলক্ষে আয়োজিত ষ্টেট অব দ্য ষ্টেটছ কনক্লেভ নামৰ অনুষ্ঠানত উৎকৃষ্ঠতাৰ বঁটা গ্রহণ কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে৷ উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ পৰা বঁটা গ্রহণ কৰা অনুষ্ঠানত গুজৰাট, তামিলনাডু আৰু পুডুচেৰীৰ মুখ্যমন্ত্রীৰ উপস্হিতি থাকে৷ অসম চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানৰ উন্নতি নিশ্চিত কৰিবলৈ সক্ষম হোৱাৰ বাবেই এই বঁটাৰ বাবে নির্চিত হয়৷ বঁটা গ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে অসমৰ নতুন উন্নয়নৰ বাবে সহযোগ কৰা বাবে কেন্দ্রীয় চৰকাৰৰ প্রতি কৃতজ্ঞতা