Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:37 am

Home » আঞ্চলিক » বিলাসীপাৰাত অন্তিম দিনা পঞ্চায়ত নিৰ্বাচনৰ দলীয় নিৰ্দলীয় প্ৰাৰ্থীয়ে শ শ সমৰ্থক লৈ মনোনয়ন পত্র দাখিল

বিলাসীপাৰাত অন্তিম দিনা পঞ্চায়ত নিৰ্বাচনৰ দলীয় নিৰ্দলীয় প্ৰাৰ্থীয়ে শ শ সমৰ্থক লৈ মনোনয়ন পত্র দাখিল


বিলাসীপাৰা : ৰাজ্য খনৰ দুটা পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়নৰ কালি সফল সামৰণি পৰে। উক্ত পঞ্চায়ত নিৰ্বাচনত বিলাসীপাৰা মহকুমাৰ বিভিন্ন পঞ্চায়তৰ পৰা অগপ, কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফৰ দলৰ লগতে দলীয় প্ৰাৰ্থিত্ব পৰা বঞ্চিত হোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিৰ্দলীয় হিচাপে শ শ সমৰ্থকক লৈ অন্তিম দিনা বিলাসীপাৰা মহকুমাৰ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্র দাখিল কৰে। উক্ত পঞ্চায়ত নিৰ্বাচনত বিলাসীপাৰা মহকুমাৰ বিভিন্ন পঞ্চায়তৰ পৰা অগপ, কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ দলৰ লগতে দলীয় প্ৰাৰ্থীত্ব পৰা বঞ্চিত হোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশিয়ে নিৰ্দলীয় হিচাপে শ শ সমৰ্থক লৈ অন্তিম দিনা বিলাসীপাৰা মহকুমাৰ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্র দাখিল কৰা কিছুমানে কংগ্ৰেছ দল ত্যাগ কৰি এ আই ইউ ডি এফ, কিছুমানে এ আই ইউ এফ দল ত্যাগ কৰি কংগ্ৰেছ বা অগপত যোগদান কৰি প্ৰাৰ্থিত্ব লাভ কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তাৰ জলন্ত উদাহৰণ পানবাৰীৰ এ আই ইউ ডি এফৰ হাই প্ৰফাইল জিলা পৰিষদৰ সদস্য আ: ৰেজ্জাকে বৰ্তমান এ আই ইউ ডি এফ দলৰ ভবিষ্যতে গোৰ অন্ধকাৰ নামি অহা গোন্ধ পাই এৰাতিৰ ভিতৰতে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰি তেওঁৰ পত্নী কংগ্ৰেছ দলৰ টিকট লাভ কৰে। আনহাতে আঃ কুদ্দুচ আলীয়ে কংগ্ৰেছৰ চাপৰ পুঠিমাৰী জিলা পৰিষদৰ টিকট বিচাৰে যদিও কংগ্ৰেছ দলে তেওঁক প্ৰত্যাখ্যান কৰি মোটা অংকৰ বিনিময়ত অযোগ্য ব্যক্তিক চাপৰ পুঠিমাৰী জিলা পৰিষদৰ টিকট প্ৰদান কৰে। কংগ্ৰেছ দলৰ এনে কাণ্ডক অতিষ্ঠ হৈ ৰাইজে আঃ কুদ্দুচক দল ত্যাগ কৰিবলৈ বাধ্য কৰায়। পাছত বাদ্য হৈ আঃ কুদ্দুচে কংগ্ৰেছ দল ত্যাগ কৰি এ আই ইউ ডি এফ দলত যোগদান কৰি এ আই ইউ ডি এফৰ টিকট লাভ কৰি পুঠিমাৰী জিলা পৰিষদ প্ৰাৰ্থীত্ব হিচাপে কালি নিৰ্বাচনী বিষয়াৰ মনোনয়ন পত্র দাখিল কৰে। ইফালে নায়েৰ আলগা জিলা পৰিষদ সমষ্টিৰ অগপৰ মৰ্জিনা আকন্দ,কংগ্ৰেছৰ ফৰিদা ইয়াছমিন, এ আই ইউ ডি এফৰ ছাদেক আলী আহমেদ, নিৰ্দলীয় হিচাপে সেখ আবুল হাসেম, মোছলেম উদ্দিন মণ্ডল, ফজলুৰ ৰহমান আৰু পঞ্চায়ত সভাপতি, কাউন্সিলাৰ দল নিৰ্দলীয় হিচাপে মনোনয়ন পত্র দাখিল কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি